বিশেষ বাৰ্তা, ৩১ অক্টোবৰ : অৱশেষত অসম তথা আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হল শ্ৰীমন্ত শংকৰদেৱ সংঘ। আজি টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সৈতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সোণাৰিৰ আৱৰ্ত ভৱনত হোৱা আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ যোগে অসমবাসীৰ ওচৰত ক্ষমা খুজিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ যুতীয়া সম্পাদক দুৰ্লভ পাঠকে। চকলং ঘটনাক দুৰ্ভাগ্যজনক বুলি আখ্যা দি এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সংঘই নজৰ ৰাখিব বুলি সংবাদ মাধ্যমৰ আগত সংঘৰ বিষয়-ববীয়া সকলে উল্লেখ কৰে। সংঘ সদায় সকলো জাতি জনগোষ্ঠীক লৈ চলা বুলি উল্লেখ কৰি অহা ৪, ৫ আৰু ৬ অক্টোবৰত চৰাইদেউ জিলাৰ সাপেখাতিত অনুষ্ঠিত হবলগীয়া সংঘৰ আই মাতৃৰ সমাৰোহত সকলোকে সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় পদাধিকাৰ গৰাকীয়ে । উল্লেখযোগ্য যে চকলং বিবাহ কেন্দ্ৰীক বিতৰ্কৰ পাছত টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় চন্দন ৰাজকোঁৱৰে ৪, ৫, ৬ নৱেম্বৰত চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত অনুষ্ঠিত হব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু যুৱ আই মাতৃ সমাৰোহত কলা পতাকা প্ৰদৰ্শন তথা ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছিল। অৱশেষত আজি টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ সৈতে হোৱা আলোচনাৰ অন্তত শ্ৰীমন্ত শংকৰদেৱ সংঘই ক্ষমা খুজা পাছত প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰে বুলি ঘোষণা কৰে টাইপাই। উক্ত বৈঠকত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ ওপৰিও দুয়োটা সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বৰ অংশগ্ৰহণ কৰে। আজি অনুষ্ঠিত বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে।
প্ৰেৰক দীপাংকৰ পাল