বিশ্বনাথৰ গিৰীণ কটকীৰ প্ৰশংসনীয় পদক্ষেপ; কণী উৎপাদনেৰে স্বাৱলম্বন
নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰ: বিশ্বনাথ জিলাৰ বিহালীৰ হাতীবন্ধা অঞ্চলৰ এজন উদ্যমী যুৱক গিৰীণ কটকী। জীৱনত কিবা এটা নতুন কাম হাতে কামে কৰাৰ প্রতি সদায় অতুৎসাহী এই যুৱক জনে ‘লেয়াৰ ফাৰ্ম’ৰ দ্বাৰা কণী উৎপাদন কৰি জীৱিকাৰ পথ মুকলি কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে । বহু কষ্টৰে প্রয়োজনীয় অৰ্থ যোগাৰ কৰি আৰু বিশ্বনাথ চাৰিআলিস্হিত আঞ্চলিক কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰৰ পশুচিকিৎসা বিষয়া ডাঃ পাৰ্থ প্ৰতিম বৰাৰ সু পৰামৰ্শ সাৰোগত কৰি প্রথম বি ভি-৩৮০(BV-380) জাতৰ ১০০০টা লেয়াৰ মুৰ্গীৰে ঘৰৰ পিছফালে আৰম্ভ কৰিছে এই ফাৰ্মখন । মহামাৰীৰ কৱলত পৰি ইয়াৰে কিছু সংখ্যক সংখ্যক মুৰ্গীৰ মৃত্যু হ’লেও, তেওঁ নিজৰ একাগ্ৰতা অটুত ৰাখি বৰ্তমান প্রতি দিনে ৩৬০ ৰ পৰা ৩৮০ টা কণী উৎপাদন কৰি বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছে। উদ্যোগী যুৱক গৰাকীয়ে জানিবলৈ দিয়ামতে বজাৰৰ চাহিদাত কৈ উৎপাদন কম হোৱা বাবে দিনটোৰ শেষত এটাও কণী বিক্রী নোহোৱা কৈ নাথাকে। বৰ্ধিত নিৱনুৱা সমস্যাৰ প্রতি লক্ষ্য ৰাখি আজিৰ দিনত গিৰীণ কটকীক জিলা খনৰ বাবে এক আদৰ্শ বুলি গণ্য কৰিব পাৰি। এইদৰে ‘লেয়াৰ ফাৰ্ম’ৰ দ্বাৰা কণী উৎপাদন কৰি স্বাৱলম্বিতাৰ পথ বাচি লোৱা উদ্যোগী যুৱকজনে এতিয়া চাকৰিমুখী শিক্ষিত নিৱনুৱা সকললৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। গিৰীণ কটকীৰ এনে উদ্যোগৰ আঁৰত আছে এগৰাকী পশু চিকিৎসা বিষয়া। তেওঁক সু পৰামৰ্শ দিয়াৰ বাবে পশু চিকিৎসক ডাঃ পাৰ্থ প্ৰতিম বৰাও প্ৰশংসাৰ পাত্ৰ। গিৰীণ কটকীৰ এই সফলতাৰ বাৰ্তাই নিঃসন্দেহে জিলাখনত স্বাৱলম্বী হোৱাৰ সপোন দেখা আন বহু জন যুৱকক প্ৰেৰণা যোগাব বুলি সচেতন মহলে প্ৰকাশ কৰিছে । সময়ে সময়ে এনে যুৱক সকলক সহায়ৰ হাত আগবঢ়ালে স্বাৱলম্বিতাৰ এই বিপ্লৱৰ আৰু সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব ।