চাবুৱাত কয়লা ভৰ্তি ট্ৰাকলৈ আৰক্ষীৰ গুলি চালনা
নিয়মীয়া বাৰ্তা, ৮ নবেম্বৰঃ উজনি অসমৰ ৰাজপথত দুৰণিবটীয়া কয়লাভৰ্তি ট্ৰাক সমূহৰ দ্বাৰা দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে আজি পুৱতি নিশা দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকলৈ লক্ষ্য কৰি তিনিচুকীয়া আৰক্ষীয়ে গুলি চালনা কৰিবলৈ বাধ্য হয় চাবুৱাত। প্ৰাপ্ত খবৰ অনুসৰি লিডুৰ পৰা কয়লা বোজাই কৰি অনা এ এছ- ২৫-চি চি – ৭৭৫০ ট্ৰাক খনে মাকুমত এজন বাইক আৰোহীক মহতিয়াই নিয়াত তহলদাৰী আৰক্ষীয়ে ট্ৰাক খন ৰখাবলৈ সংকেত দিয়ে যদিও আৰক্ষীকে খুন্দিয়াবলৈ চেষ্টা কৰিছিল। তেনে অৱস্থাত তিনিচুকীয়া আৰক্ষীয়ে ট্ৰাকখনৰ ধৰিবলৈ তিনিচুকীয়া ডিব্ৰুগড় সংযোগী বাইপাচৰে পিছ লয়। প্ৰায় ৩০ কিলোমিটাৰ অতিক্ৰম কৰা ট্ৰাকখনে আৰক্ষীৰ কোনো নিৰ্দেশ নমনাত চাবুৱাৰ কয়লাবাৰীৰ সমীপত গুলি চালনা কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে। ট্ৰাকখনৰ ইঞ্জিনৰ সন্মুখত গুলি লগাত ট্ৰাক খন দ খাৱৈ কাষত বেঁকা হৈ ৰৈ যায়। এই ঘটনাত কোনো লোক আহত হোৱা নাই যদিও এজন চালক পলায়ন কৰাৰ লগতে আনজন চালকক কৰায়ত্ব কৰে আৰক্ষীয়ে। অঞ্চলটোৰ কাষৰীয়া বাসিন্দাই গুলি ফুটাৰ শব্দ শুনি ভয় শংকাত কোনোৱে ওলাই অহা নাছিল যদিও পুৱাৰ সময়ত স্থানীয় লোকে ঘটনা সংঘটিত ট্ৰাক খনক আৰক্ষীয়ে গুলি চানলা কৰা বুলি জানিব পাৰে।