বিশিষ্ট চিত্ৰশিল্পী, ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান
নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ: বিশিষ্ট চিত্ৰশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান। শনিবাৰে পুৱা নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে পুলক গগৈয়ে। দীৰ্ঘসময়ৰ পৰা কেইবাটাও গুৰুতৰ ৰোগত আক্ৰান্ত হৈ নিজা বাসগৃহতে চিকিৎসকৰ তত্বাৱধানত আছিল প্ৰয়াত গগৈ।
অসমৰ সাংস্কৃতিক জগতত পুলক গগৈ কেৱল এগৰাকী ছবি পৰিচালক হিচাপেই পৰিচিত নাছিল, তেওঁ আছিল এগৰাকী বিশিষ্ট চিত্ৰশিল্পীৰ লগতে জনপ্ৰিয় কাৰ্টুনিষ্ট।
১৯৩৮ চনত যোৰহাটত জন্মগ্ৰহণ কৰা পুলক গগৈয়ে খোজ ছবিখনৰ জড়িয়তে অসমীয়া ছবিজগতত আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ দ্বাৰা পৰিচালিত আন কেইখনমান ছবি হৈছে- শ্ৰীমতী মহিমাময়ী, ৰে’ল আলিৰ দুবৰি বন, সুৰুজ, মমতাজ, সাদৰী, সেন্দূৰ, পত্নী, মৰম নদীৰ গাভৰু ঘাট আদি।
উল্লেখ্য যে আমেৰিকাৰ ৱাশ্বিংটনত তেখেতৰ চিত্ৰশিল্পৰ প্ৰদৰ্শনী হৈছিল। ছবি বিক্ৰী কৰা ধনেৰে ড॰ ভূপেন হাজৰিকাৰ পৰামৰ্শক্ৰমে তেখেতে চলচ্চিত্ৰ নিৰ্মাণলৈ মন মেলে আৰু ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত খোজ নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। তেখেতৰ পৰিচালনাত মুক্তি পোৱা ৰেলৰ আলিৰ দূবৰি বন নামৰ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।
আজি বিয়লি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানক ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হয় এইগৰাকী শিল্পীক।
ইপিনে এইগৰাকী প্ৰথিতযশা শিল্পীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছচিয়েল মিডিয়াত লিখিছে- “অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু প্ৰখ্যাত চিত্ৰশিল্পী তথা কাৰ্টুনিষ্ট পুলক গগৈদেৱৰ দেহাৱসানৰ বাতৰিয়ে মোক শোকাহত কৰি তুলিছে। দীৰ্ঘকাল ধৰি অসমীয়া চলচ্চিত্ৰ আৰু চিত্ৰশিল্পৰ জগতৰ উত্তৰণৰ দিশত অহোপুৰুষাৰ্থ কৰি অহা গগৈদেৱে কেইবাখনো সফল অসমীয়া চিনেমা উপহাৰ দিয়াৰ লগতে চিত্ৰশিল্পৰে শিল্পপ্ৰাণ মন-মগজুত বিশেষ আসন দখল কৰিছিল৷ মোৰ অতি শ্ৰদ্ধাৰ গগৈদেৱৰ পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।”
অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আৰু প্ৰখ্যাত চিত্ৰশিল্পী তথা কাৰ্টুনিষ্ট পুলক গগৈদেৱৰ দেহাৱসানৰ বাতৰিয়ে মোক শোকাহত কৰি তুলিছে। মোৰ অতি শ্ৰদ্ধাৰ গগৈদেৱৰ পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
ঔম শান্তি🙏 pic.twitter.com/8AarBGm3S8— Himanta Biswa Sarma (@himantabiswa) November 12, 2022