নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ ৰাজ্যজুৰি আৰম্ভ হোৱা বিজেপিৰ ‘গাঁও সম্পৰ্ক অভিযান’ৰ সৈতে সংগতি ৰাখি আজি বিয়লি ধুবুৰী চহৰৰ ১১নং ৱাৰ্ডত আয়োজিত এক জনসভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা। অঞ্চলটোৰ সীমান্ত খেলপথাৰত আয়োজিত সেই সভাখনত বিপুলসংখ্যক মহিলা ৰাইজৰ উপস্থিতিত বিজেপিৰ ৰাজ্যিক সভাপতি কলিতাই নিজৰ ভাষণৰ আৰম্ভণিতে বিগত পৌৰসভা নিৰ্বাচনত তেওঁ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই পদুমৰ ছৱিত ভোট দি ধুবুৰী আৰু গৌৰীপুৰ পৌৰসভা বিজেপিয়ে পুনৰ বিজয়ী হোৱাৰ আশীৰ্বাদ দিয়াৰ বাবে ধন্যৱাদ জ্ঞাপন কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে, ‘‘মই দেখিছোঁ ধুবুৰী আৰু গোৱালপাৰাতে কেৱল কংগ্ৰেছ আছে অসমত; বাকি ক’তো নাই; বিদায় দিছে সকলোৱে। হয় নহয়, কওক ৰাইজ। পিছে পৌৰসভা নিৰ্বাচনত যিদৰে বিদায় দিলে; অহা পঞ্চায়ত নিৰ্বাচন, লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত কংগ্ৰেছক বিদায় দিব লাগিবো আপোনালোকে।’’ দেশৰ আৰু অসমৰ উন্নতি সাধিব পৰা দল একমাত্ৰ বিজেপি বুলিও নিজৰ ভাষণত উল্লেখ কৰে তেওঁ। সভাখনত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ ভৱেশ কলিতাই কয় যে, ‘‘কংগ্ৰেছ আজি দুটকীয়া নোটত পৰিণত হৈছে।’’ ল’গতে তেওঁৰ কটাক্ষ, ‘‘দুটকীয়া নোট চলে নেকি বাইদেউ বজাৰত! ফুচকা বেপাৰী ফুচকা দিয়ে নে দুটকা দিলে! দিয়ে নেকি? এতিয়া কংগ্ৰেছৰ অৱস্থা সেয়াই হৈছে। ভষ্ট্ৰাচাৰ, দূৰ্নীতি আৰু পৰিয়ালবাদ– সেই কাৰণে আজি হিন্দুস্থানৰ ৰাইজে কংগ্ৰেছক বিদায় দিছে।’’ সভাখনত তেওঁ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে হাতত লোৱা জনদৰদী তথা বিশেষকৈ সমাজৰ মহিলা সকলোৰ বাবে হাতত লোৱা আঁচনী সমূহৰ বিষয়েও উল্লেখ কৰে। সভাখনৰ অন্তত সাংবাদিকৰে হোৱা কথাবতৰাত ৰাইজৰ কংগ্ৰেছৰ প্ৰতি মোহভংগ হোৱা বুলি মন্তব্য কৰে তেওঁ। আনহাতে সম্প্ৰতি ধুবুৰীৰ স্থানীস সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলে আগত লোকসভা নিৰ্বাচনত তেওঁলোকে অতি কমেও তিনিখন আসনত বিজয়ী হ’ব বুলি কৰা মন্তব্যৰ ওপৰত সাংবাদিকে শুধা এক প্ৰশ্নৰ উত্তৰত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ টিপ্পনী, ‘‘ভাল কথা। কিন্তু আমাৰ ১২+।’’ ল’গতে তেওঁ আৰু কয়, ‘‘এনে লাগি আছে, যিটো মই দেখি আছোঁ– ধুবুৰীও বিজেপিয়ে পাব অথৱা মিত্ৰ গোষ্ঠীয়ে পাব।’’ আনহাতে আগত লোকসভা নিৰ্বাচনত ধুবুৰী আসনখন মিত্ৰদল অগপক এৰি দিয়া হ’ব নেকি কৰা সাংবাদিকৰ পোনপটীয়া প্ৰশ্নৰ উত্তৰত তেখেতৰ কৌশলী মন্তব্য, ‘‘আমাৰ এতিয়ালৈকে তেনে ধৰণৰ হিচাপ হোৱা নাই। কিন্তু মিত্ৰ গোষ্ঠীকতো দিবই লাগিব।’’ আনহাতে বিপিএফ নেতা হাগ্ৰামা মহিলাৰী বিজেপিত যোগ দিব নেকি শুধা এক প্ৰশ্নত তেখেতৰ মন্তৱ্য, ‘‘সেয়া আপোনালোকৰ মুখেৰে শুনা পাইছোঁ, আপোনালোকৰ চেনেলত পাইছোঁ। বাকী বেলেগ একো নাই আমাৰ।’’ উল্লেখ্য যে, আজি দিনৰ ভাগত ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ জিনকাটাৰ পৰা ‘‘আজাদী কা অমৃত মহোৎসৱ’’ৰ ল’গত সংগতি ৰাখি বিজেপিৰ ‘গাঁও সম্পৰ্ক অভিযান’ৰ অংগৰূপে এক ৰথাযাত্ৰাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আৰু আজি সন্ধিয়াৰ পিনে জিলাখনৰ গৌৰীপুৰত আজিৰ সেই ৰথযাত্ৰাৰ সমাপ্তি ঘটে। অহাকালি পুনৰ সেই ৰথযাত্ৰা গৌৰীপুৰৰ পৰা জিলাখনৰ বিলাসীপাৰা অভিমুখে ৰাওনা হ’ব বুলি জানিব পৰা গৈছে। আজিৰ ধুবুৰীৰ এই জনসভাখনত গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ অ’বিচি মোৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিন ৰায় সৰকাৰ, বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত, ধুবুৰী পৌৰসভাৰ সভাপতি ডা৹ দেৱময় সান্ন্যাল, ধুবুৰী–গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ নৱনিযুক্ত অধ্যক্ষ দীপক কুমাৰ সাহা, দলটোৰ ধুবুৰী টাউন মণ্ডলৰ সভাপতি দিলীপ সিং প্ৰমুখ্যে বিজেপিৰ অন্যান্য কাৰ্য্যকৰ্তাসকল উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী