নাকৰে পানী ওলোৱা
সুখ আৰু দুখ যিকোনো অৱস্থাতে মানুহৰ নাকেৰে পানী ওলাব পাৰে৷ কান্দিলে চকুৰ পানী নাকেৰেও বৈ যায়৷ আনহাতে হাঁহিলেও চকুৰ পানী, নাকৰ পানী একাকাৰ হোৱা দেখা যায়৷ আচলতে চকুৰ পানী অনবৰতে নেজোনেক্রিমেল নলীৰে নাকৰ ভিতৰলৈ বৈ থাকে৷ সেয়ে চকুৰ পানী বেছিকৈ ওলালে নাকেৰে বৈ যায়৷ নাকত প্রায়ে ধূলিৰ পৰা এলার্জি হয়৷ তেতিয়া নাকৰ পানী সৰহকৈ ওলায় আৰু নাক বন্ধ হৈ পৰে৷ এলার্জি যিকোনো কাৰণত হ’ব পাৰে৷ ল’ৰা–ছোৱালীৰ নাকৰ পৰা পানী ওলোৱাৰ কাৰণ কেতিয়াবা খোৱা গাখীৰো হ’ব পাৰে৷ সেয়ে ল’ৰা–ছোৱালীক টিনৰ গাখীৰ খুৱাওতে সঘনাই ব্রেণ্ড সলনি কৰা অনুচিত৷ চর্বি ৰোগ সাধাৰণতে ভাইৰাছৰ আক্রমণৰ পৰা হয়৷ ঋতু পৰিৱর্তনৰ সময়ত এই ৰোগ বেছিকৈ হয়৷ নাক বন্ধ হয় আৰু প্রচুৰ পানী ওলায়৷ এনে অৱস্থাত জোৰকৈ শেঙুন পেলালে নাকৰ তেজ ওলাব পাৰে অথবা কাণৰ অসুখ হ’ব পাৰে৷ সেয়ে চর্দিৰ ঔষধ খাব লাগে আৰু দুই–এদিনৰ বাবে নাকত নেজেল ড্রপ দিব লাগে৷ চর্দিত নাক সুৰসুৰাই থাকে আৰু ঘ্রাণ শক্তিও হ্রাস পায়৷ চর্দিৰ পৰা চাইনাছ নামৰ হাড়ৰ ফোপোলা কুঠৰীবোৰ ফুলি উঠিব পাৰে আৰু মূৰৰ বিষ হ’ব পাৰে৷ প্রকৃততে চর্দিৰ আচল চিকিৎসা জিৰণি, গৰম পানীৰ ভাপ আৰু চর্দিৰ বড়ি৷ এনেদৰে চিকিৎসাত আৰোগ্য নহ’লে চিকিৎসকৰ পৰামর্শ ল’ব লাগে৷
এৱাঁ উঠানো কি?
নাকৰ ভিতৰৰ মিউকাচ আৱৰণীখন বৰ কোমল আৰু সংবেদনশীল হয়৷ বায়ুৰ উষ্ণতা, আর্দ্রতা আৰু প্রদূষণৰ পৰা নাকৰ ভিতৰত বিভিন্ন পৰিৱর্তন হয়৷ শিশুৰ ক্ষেত্রত এলার্জি আৰু বেক্টেৰিয়া বা ভেঁকুৰজনিত ৰোগ সংক্রমণৰ ফলত নাকৰ কোমল মিউকাচ আৱৰণী ফাটি ৰক্তক্ষৰণ হয়৷ ইয়াকে এৱাঁ উঠা বোলে৷ কিন্তু শৰীৰৰ জীৱনী শক্তিৰ প্রভাৱত এই ৰক্তক্ষৰণ সাধাৰণতে দীর্ঘস্থায়ী নহয় আৰু কম কমকৈ বহুদিন ধৰি তেজ ওলাই থাকে৷ ভালদৰে চিকিৎসা নকৰিলে ইয়াৰ পৰা নাকৰ ভিতৰত ঘাঁ লাগিব পাৰে অথবা শিশুৱে ৰক্তাল্পতা ৰোগত ভুগিব পাৰে৷ ইয়াৰ ফলত শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত বাধা আহিব পাৰে৷ আনহাতে প্রাপ্তবয়স্ক আৰু বৃদ্ধ লোকৰ ক্ষেত্রত নাকৰ পৰা ৰক্তক্ষৰণ হ’লে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ বিশেষকৈ উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগ থাকিলে নাকৰ ৰক্তক্ষৰণ সহজে নিৰাময় কৰা কঠিন হ’ব পাৰে৷ ফলত নাকত সোপা দিয়া অথবা তেজ দিয়া আদি ব্যৱস্থা গ্রহণ কৰিবলগীয়া হ’ব পাৰে৷ সেয়েহে নাকৰ তেজ ওলালে সোনকালে নাক, কাণ, ডিঙিৰ বিশেষজ্ঞৰ পৰামর্শ ল’ব লাগে৷