নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান

  • পাঁ‌চদিনীয়া কাৰ্য্যসূচীত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা, সাংস্কৃতিক অনুষ্ঠান, আলোচনা চক্ৰ, কবিতাৰ অনুষ্ঠান, গ্ৰন্থ উন্মোচন, প্ৰতিযোগিতা
  • সংবাদ মেলত সদৰি আয়োজক সমিতিৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: মৰিয়নিৰ সংবাদকৰ্মীসকলৰ উমৈহতীয়া অনুষ্ঠান মৰিয়নি প্ৰেছ ক্লাৱে প্ৰতিষ্ঠাৰ ২৫ বছৰ উপলক্ষ্যে আয়োজন কৰা ৰূপালী জয়ন্তী উদযাপনৰ বৰ্ষজোৰা কাৰ্য্যসূচীৰ সামৰণী অনুষ্ঠান অহা ৬, ৭, ৮, ৯ আৰু ১০ ডিচেম্বৰত পাঁ‌চদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰিব । এই সন্দৰ্ভত আজি মৰিয়নি প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিয়ে এই কথা জানিবলৈ দিয়ে । সেই অনুসৰি পাঁ‌চদিনীয়া কাৰ্য্যসূচীত গ্ৰন্থমেলা, সাংস্কৃতিক মেলা, ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, গ্ৰন্থ উন্মোচন, কবিতাৰ অনুষ্ঠান, সম্বৰ্ধনা অনুষ্ঠান, আলোচনা চক্ৰ, মুকলি সভা আদিৰ আয়োজন কৰা হৈছে । মৰিয়নি প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি দীপক দত্ত, যুটীয়া সম্পাদকদ্বয় প্ৰাঞ্জল পাওগাম আৰু জ্যোতি প্ৰসাদ গগৈ আৰু মৰিয়নি প্ৰেছ ক্লাৱৰ সভাপতি জীৱন চন্দ্ৰ দত্তই সংবাদ মেলত জানিবলৈ দিয়া মতে, মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ শৈক্ষিক সমন্বয় ক্ষেত্ৰত এই অনুষ্ঠান অনুষ্ঠিত হ’ব । সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এক গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছে । ইতিমধ্যে তাৰ প্ৰস্তুতি পূৰ্ণগতিত চলাই থকা হৈছে । ৬ ডিচেম্বৰৰ পুৱা তোৰণ উন্মোচনেৰে কাৰ্য্যসূচী আৰম্ভ হ’ব । তাৰ পিছতেই ক্ষেত্ৰ উন্মোচন, গ্ৰন্থমেলা উদ্বোধন, কাৰ্য্যালয় উন্মোচন, স্মৃতি তৰ্পন, মঞ্চ উদ্বোধন আদি অনুষ্ঠিত হোৱাৰ অন্তত ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব । কেউদিনতে দিনৰ ভাগত ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব । তাৰ মাজতে, ৭ ডিচেম্বৰত মহিলাৰ মাজত দিহানাম প্ৰতিযোগিতা আৰু ৮ ডিচেম্বৰৰ সন্ধিয়া ছাত্ৰ ছাত্ৰীৰ মাজত জাতীয় সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । ৭ ডিচেম্বৰত জনপ্ৰিয় যুৱ কবি উজ্জ্বল পাওগামৰ সঞ্চালনাত কবিতাৰ অনুষ্ঠান নামৰ এক অনুষ্ঠান অনুষ্ঠিত হ’ব । আনহাতে, ৯ ডিচেম্বৰৰ সন্ধিয়া জ্যেষ্ঠ সাংবাদিক, প্ৰাক্তন সাংবাদিকৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগোৱা কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব । সেইদিনাই অনুষ্ঠিত হ’ব ‘সাংবাদিকৰ আড্ডা’ শীৰ্ষক আকৰ্ষণীয় অনুষ্ঠানৰ, য’ত অংশ ল’ব স্থানীয় সংবাদকৰ্মীৰ লগতে মৰিয়নিৰ বাহিৰৰো কেইবাজনো জ্যেষ্ঠ সংবাদকৰ্মীয়ে । কেউদিনৰ অনুষ্ঠানত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হ’ব বুলিও উদ্যোক্তাসকলে জানিবলৈ দিছে । ইফালে, ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া মুকলি সভাত অসমৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে অংশগ্ৰহণ কৰিব । মুকলি সভাত মুখ্য অতিথি হিচাপে তথ্য আৰু জনসংযোগ মন্ত্ৰী পিযুষ হাজৰিকাই অংশগ্ৰহণ কৰিব । আনহাতে, নগালেণ্ড চৰকাৰৰ উচ্চ শিক্ষামন্ত্ৰী টেমজেন ইমনা আলং, নিউজ লাইভৰ পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইন, প্ৰতিদিন টাইমৰ যুটীয়া সম্পাদক শোণিত কুমাৰ ভূঞা, দৈনিক অসমৰ কাৰ্য্যবাহী সম্পাদক দিলীপ মহন্ত, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মৰিয়নি আৰু তিতাবৰ বিধান সভা সমষ্টিৰ বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী আৰু ভাস্কৰজ্যোতি বৰুৱা, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, আৰক্ষী অধীক্ষক মোহনলাল মীনা, জ্যেষ্ঠ সাংবাদিক শাংকৱ কৌশিক বৰুৱা, দিগন্ত বুঢ়াগোঁ‌হাই, নৱজ্যোতি বৰুৱা, যোগেশ ওজাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিও মুকলি সভাত উপস্থিত থাকিব । লগতে উপস্থিত থাকিব কেবাটাও জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃত্ব । তাৰোপৰি তিতাবৰ, যোৰহাট, টিয়ক, চেলেংহাট প্ৰেছ ক্লাৱৰ সংবাদকৰ্মীসকলৰ লগতে সাংবাদিক সংগঠনৰ কেবাগৰাকীও জ্যেষ্ঠ নেতৃত্বই সভাত অংশগ্ৰহণ কৰিব । এই অনুষ্ঠানতে মৰিয়নি প্ৰেছ ক্লাৱৰ মুখপত্ৰ ‘খোজ’ উন্মোচন কৰা হ’ব । সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপৰ লগতে কেইবাগৰাকীও শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিব । সংবাদ মেলত উদ্যোক্তাসকলে জানিবলৈ দিয়ামতে মৰিয়নি প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰতিবছৰেই মৰিয়নিত গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা উদ্যোক্তাসকলে একান্তৰেই কামনা কৰিছে ।

দিব্যজ্যোতি শইকীয়া

You might also like