পৃথিৱীলৈ নিৰাপদে উভতিল নাছাৰ অ’ৰিয়ন কেপছুল
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ সংস্থা নাছাই চন্দ্রৰ কক্ষপথত ২৬ দিনীয়া অভিযানৰ সামৰণি পেলাই পৃথিৱীলৈ নিৰাপদে ওভতাই আনিলে পৰৱর্তী প্রজন্মৰ মহাকাশচাৰী জাহাজ৷ চন্দ্রৰ কক্ষপথৰ পৰা বিপজ্জনকভাৱে পৃথিৱীৰ বায়ুমণ্ডলত প্রৱেশ কৰা নাছাৰ অ’ৰিয়ন কেপছুলক পেৰাছুটৰ জৰিয়তে প্রশান্ত মহাসাগৰৰ বুকুত নমায়৷ এই অ’ৰিয়ন কেপছুলত কোনো মানৱ মহাকাশচাৰী নাছিল৷
উল্লেখ্য যে পৰৱর্তী অভিযানত অ’ৰিয়ন কেপছুলৰ জৰিয়তে নাছাই জোনবাইৰ বুকুত মানৱক অৱতৰণ কৰোৱাৰ অভিযান আৰম্ভ কৰিব৷ ইতিমধ্যে চন্দ্রত মহাকাশচাৰী পুনৰ প্রেৰণৰ অভিযান নাছাই প্রস্তুতি সম্পূর্ণ কৰিছে যদিও ২০২৪ চনৰ শেষৰফালে ই চূড়ান্ত অভিযান আৰম্ভ কৰিব৷ ২০২৫ অথবা ২০২৬ চনত চন্দ্রপৃষ্ঠত মানৱক অৱতৰণ কৰোৱাব নাছাই৷ তাৎপর্যপূর্ণ যে ৫০ বছৰ পূর্বে এপল’–১৭ অভিযানৰ জৰিয়তে প্রথমবাৰৰ বাবে ইতিহাস সৃষ্টি কৰি চন্দ্রৰ বুকুত মহাকাশচাৰী অৱতৰণ কৰোৱা হৈছিল৷