২৭ বছৰ পূৰ্বেও ৰক্ষা পৰিছিল ‘11A’ আসনৰ যাত্রী
🔹 আহমেদাবাদৰ দুর্ঘটনাৰ পিছত থাই অভিনেতাৰ পোষ্ট
নিউজ ডেস্ক, ১৫ জুন : আহমেদাবাদত ভয়ংকৰ বিমান দুর্ঘটনাত অবিশ্বাস্যভাৱে জীৱন ৰক্ষা পৰিছে ভাৰতীয় বংশোদ্ভৱ ব্রিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশৰ৷ ‘11A’ আসনৰ যাত্রী আছিল ৰমেশ৷ কার্যতঃ ভাইৰেল হৈছে ৰমেশৰ টিকটৰ ছবি৷ ইয়াৰ মাজতে উভতি আহিল অন্য এক ইতিহাস৷
২৭ বছৰ পূর্বেও এগৰাকী থাই অভিনেতা ৰক্ষা পৰিছিল বিমান দুর্ঘটনাত৷ অভিনেতাগৰাকীৰো টিকটত আসনৰ নম্বৰ আছিল ‘11A’৷ এই অভিনেতাগৰাকীয়ে শেহতীয়াকৈ তেওঁ দুর্ঘটনাৰ সন্মুখীন হোৱা দিনটোৰ স্মৃতি ৰোমস্থন কৰি ছ’চিয়েল মিডিয়াত পোষ্ট দিছে৷
অভিনেতা ৰুাৱাংছাক লয়চুৱাস্কে পোষ্টত উল্লেখ কৰিছে যে ভাৰতত বিমান দুর্ঘটনাত এজন ব্যক্তিৰ জীৱন ৰক্ষা পৰিছে৷ তেওঁৰ টিকটত আসনৰ নম্বৰ আছিল ‘11A’৷ আশ্চর্যজনকভাৱে ৪৭ বছৰীয়া অভিনেতাগৰাকীৰ নম্বৰো একেই আছিল বুলি উল্লেখ কৰা হৈছে৷ স্মর্তব্য যে ১৯৯৮ চনত থাইলেণ্ডত বিমান দুর্ঘটনাত ১৪৬ যাত্রীৰ ১০১জনৰ মৃত্যু হৈছিল৷ বাচি গৈছিল ৰুাৱাংছাকসহ অন্য ৪৫গৰাকী যাত্রী৷