নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩ ডিচেম্বৰত আইপিএলৰ নিলাম

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৩ৰ খেলুৱৈৰ নিলাম অহা ২৩ ডিচেম্বৰত কোচিত অনুষ্ঠিত হ’ব৷ এই নিলামৰ বাবে ৪০৫গৰাকী খেলুৱৈক বাছনি কৰা হৈছে৷ ২৩ ডিচেম্বৰৰ দিনৰ ২.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া খেলুৱৈ নিলাম অনুষ্ঠানত ১০টা ফ্রেনচাইজীয়ে নিজ নিজ পছন্দৰ খেলুৱৈক ক্রয় কৰাৰ বাবে চেষ্টা চলাব৷ মন কৰিবলগীয়া যে এইবাৰৰ আই পি এলৰ নিলামৰ বাবে ৭১৪গৰাকী ভাৰতীয় খেলুৱৈকে ধৰি মুঠ ৯৯১গৰাকী ক্রিকেটাৰে নাম পঞ্জীয়ন কৰিছিল যদিও ১০টা ফ্রেনচাইজীয়ে ৩৬৯গৰাকী খেলুৱৈক বাছনি কৰাৰ লগতে ৩৬গৰাকী অতিৰিক্ত খেলুৱৈ হিচাপে বাছনি কৰা হৈছে৷ বাছনিত ২৭৩গৰাকী ভাৰতীয় আৰু ১৩২গৰাকী বিদেশী খেলুৱৈ আছে৷ এইবাৰৰ নিলামত দামী খেলুৱৈ হিচাপে আছে আজিংক্য ৰাহানে, মায়ংক আগৰৱাল, জ’ ৰুট, কেন উইলিয়ামছন, ছাকিব আল হাছান, বেন ষ্ট’কছ, ঈশান্ত শর্মা, ছেম কৰন, লিটন দাস আৰু জেছন হ’ল্ডাৰ৷ খেলুৱৈৰ সর্বাধিক বেছ প্রাইজ হ’ল দুই কোটি টকা৷

You might also like