নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেৱ বিশ্ববিদ্যালয়ত বজালী জিলা যুৱ উৎসৱ সম্পন্ন

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ MY Bharat Bajali, Ekatra Sreyo Foundation আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ভট্টদেৱ বিশ্ববিদ্যালয়ত বজালী জিলা যুৱ উৎসৱ অনুষ্ঠিত হয়।

বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সনাতন কাকতিয়ে বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰা অনুষ্ঠানত MY Bharat, বজালী জিলাৰ যুৱ বিষয়া দিলশ্বাদ হুছেইনে উদ্দেশ্য ব্যাখ্যা কৰি “নিচামুক্ত ভাৰত, বিকশিত ভাৰত” গঢ়াৰ বাবে উপস্থিত সকলোকে সজাগ আৰু দায়বদ্ধ হোৱাৰ আহ্বান জনায়৷

শশাংক ভৰালীয়ে পৰিচালনা কৰা আৰু নৱজ্যোতি বৰ্মনে সহযোগিতা আগবঢ়োৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে ভাষণ প্ৰসংগত যুৱ সমাজক নিচামুক্ত, শৃংখলাবদ্ধ আৰু সমাজমুখী জীৱন গঢ়াৰ বাবে আহ্বান জনোৱাৰ লগতে দেশ গঢ়াৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়ায়।

অনুষ্ঠানত জনপ্ৰিয় অভিনেত্ৰী অংকিতা শইকীয়া উপস্থিত থাকি নিজৰ বক্তব্যত যুৱ সমাজক নিচাৰ পৰা আঁতৰি সুস্থ জীৱন-শৈলী গ্ৰহণ কৰাৰ লগতে সমাজৰ ইতিবাচক পৰিৱৰ্তনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।

অনুষ্ঠানত বজালীৰ বিশিষ্ট কবি, আবৃত্তিকাৰ তুতুল মানবেও ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি চিত্ৰাংকন, কবিতা আবৃত্তি, বক্তৃতা, লোক সংগীত, বাটৰ নাটক আৰু লোক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।

জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰি নিজৰ সৃষ্টিশীলতা আৰু প্ৰতিভাৰ পৰিচয় দিয়ে। অনুষ্ঠানৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

নিয়মীয়া বাৰ্তা, পাঠশালা, ২৮ জুলাই

You might also like