আজি ২৮ জুলাই, শাওণ মাহৰ ১১ তাৰিখ
মঙলবাৰ : তিথি–চতুর্দশী, নক্ষত্র : পূর্বাষাঢ়া, যাত্রা : নাই
মেষ : আজি আপোনাৰ বিদেশ ভ্রমণৰ যোগ মুকলি হ’ব৷ নিজৰ কিছু স্বভাৱ সলনি কৰিব৷ আঁকোৰগোজ হৈ সিদ্ধান্ত নল’ব৷ ব্যৱসায়ত উন্নতি লাভ৷ বিদ্যাত শুভ ফল পাব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা– ৮৷
বৃষ : আজি আপোনাৰ কথা–বতৰাত ভদ্রতা বজাই ৰখাৰ প্রয়োজন আছে৷ অযথা বিতর্কত ভাগ নল’ব৷ কথা–বতৰা গভীৰভাৱে চিন্তা কৰিব৷ দাম্পত্যত মধ্যম৷ বিদ্যাত যত্ন লোৱাৰ প্রয়োজন৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা– ২৷
মিথুন : আজি আপোনাৰ মনত আনন্দ বিৰাজ কৰিব৷ পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হ’ব পাৰে৷ প্রেম–প্রীতিত কিছু বাধাৰ সন্মুখীন হ’ব পাৰে৷ দাম্পত্যত মধ্যম৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা– ৩৷
কর্কট : আজি কোনো লোকে আপোনাৰ পৰা প্রতিশোধ লোৱাৰ চেষ্টা কৰিব পাৰে৷ সন্তানক লৈও চিন্তা বাঢ়িব৷ আনক আঘাত নিদিব৷ স্বাস্থ্যৰ যতন ল’ব৷ বয়োজ্যেষ্ঠজনৰ পৰামর্শ লৈহে কাম কৰিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা– ১৷
সিংহ : আজি আপোনাৰ জ্ঞান লাভ হ’ব৷ আনৰ পৰা বেছি আশা নকৰিব৷ ব্যৱসায়–বাণিজ্যত সফলতা লাভ কৰিব৷ দাম্পত্য জীৱন সুখেৰে ভৰি পৰিব৷ আর্থিক বিষয়ত ধ্যান দিব৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা– ৪৷
কন্যা : আজি আপোনাৰ সাহস বৃদ্ধি হ’ব৷ আনক হিংসা নকৰিব৷ আজি ভ্রমণৰ সুযোগ পাব৷ আত্মীয়ৰ সৈতে ঘনিষ্ঠতা বাঢ়িব৷ আজি আপুনি আনৰ প্রেৰণাৰ উৎস হ’ব পাৰে৷ শুভ ৰং ৰূপালী, শুভ সংখ্যা– ২৷
তুলা : আজি আপোনাক দুষ্ট লোকে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে৷ সম্পত্তিক লৈ চিন্তা বাঢ়িব৷ ভ্রমণৰ যোগ দেখা যায়৷ ছাত্র–ছাত্রীসকলে পঢ়া–শুনাত মনোযোগ দিব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা– ৬৷
বৃশ্চিক : আজি আপোনাৰ কর্মত উন্নতি হ’ব৷ আনৰ পৰা প্রেৰণা পাব৷ প্রেমৰ ক্ষেত্রত কিছু বাধা আহিব পাৰে৷ সামাজিক ক্ষেত্রত পদ প্রাপ্তিৰ সম্ভাৱনা৷ বুজাপৰাৰ মাজেৰে সিদ্ধান্ত ল’ব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা– ৬৷
ধনু : আজি পিতৃৰ স্বাস্থ্যৰ যত্ন ল’ব৷ আনক আশা নিদিব৷ পেটৰ সমস্যা হ’ব পাৰে, ধ্যান ৰাখিব৷ যান–বাহনৰ ক্ষেত্রত সাৱধান হ’ব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা– ৯৷
মকৰ : আজি তীর্থ ভ্রমণ হ’ব পাৰে৷ বেপাৰ–বাণিজ্যত ধন লাভ হ’ব৷ পৰিয়ালত শুভ সংবাদ পোৱাৰ সম্ভাৱনা আছে৷ বিদ্যার্থীসকলে পঢ়া–শুনাত ধ্যান দিব৷ শুভ ৰং ৰূপালী, শুভ সংখ্যা– ১৷
কুম্ভ : আজি দাম্পত্য জীৱন সুখৰ হ’ব৷ অযথা খৰচ নকৰিব৷ মানুহৰ পৰা সন্মান প্রাপ্তি হ’ব৷ আনৰ অন্যায় নকৰিব৷ কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ শুভ ৰং কমলা, শুভ সংখ্যা– ৪৷
মীন : আজি বহুত দিনৰ পৰা মনত ভাবি থকা কোনো ইচ্ছা পূৰণ হ’ব৷ প্রেম–বিবাহৰ যোগ খোল খাব৷ ঘৰুৱা সমস্যাৰ সমাধান পাব৷ মন শান্ত থাকিব৷ সামাজিক দিশত মধ্যম৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা– ৬৷