নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱালত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা : ব্ৰহ্মপুত্ৰ একাদশ যুৱ সংঘ বিজয়ী

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ দঙ্গৰ পথাৰ দ্বীপজ্যোতি যুৱক সংঘৰ উদ্যোগত আৰু দঙ্গৰ পথাৰবাসী ৰাইজৰ সহযোগত দঙ্গৰ পথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা ফুটবল প্ৰতিযোগিতাখনৰ আজি চূড়ান্ত খেলখন ছাগলীকটা ব্ৰহ্মপুত্ৰ একাদশ যুৱ সংঘ আৰু দঙ্গৰ পথাৰ দ্বীপজ্যোতি যুৱক সংঘৰ মাজত অনুষ্ঠিত হয় । খেলখনত দুয়োটা দলৰ খেলুৱৈয়ে দুৰ্দান্ত খেল প্ৰদৰ্শন কৰাত খেলখন দুয়োটা দলৰ মাজত ড্ৰ হয় যদিও পেনালিটীত ছাগলীকটা ব্ৰহ্মপুত্ৰ একাদশ যুৱ সংঘই দঙ্গৰ পথাৰ দ্বীপজ্যোতি যু্ৱক সংঘৰ দলটোক ৩/২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে ।ইফালে দঙ্গৰ পথাৰ দ্বীপজ্যোতি যুৱক সংঘৰ ফুটবল খেলুৱৈ কৌশিক বৰুৱাই খুব সুন্দৰ আৰু দুৰ্দান্ত খেল প্ৰৰ্দশন কৰাৰ বাবে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে স্বীকৃতি প্ৰদান কৰাৰ লগতে ট্ৰফী আৰু প্ৰাইজমাণী প্ৰদান কৰা হয়।ইফালে খেলখনত অসম পৰ্যটন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা,জিলা পৰিষদৰ সদস্য ভূপেন কুমাৰ গগৈ ,ৰমাই গাঁও পঞ্চায়তৰ সভানেত্ৰী ,টিমনা গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে কেইবাজনো বয়োজ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে খেলখনৰ শুভাৰম্ভণি পূৰ্বেই উপস্থিত সকলো ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু খেলুৱৈয়ে অসমৰ জাতীয় সংগীত পৰিৱেশন কৰে ৷ খেলখন শুভউদ্ধোধন কৰে অসম পৰ্যতন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱাই। লাহোৱালৰ আৰ্থিকভাবে পিছপৰা অতি ভিতৰুৱা অঞ্চল এটাত গ্ৰাম্য ক্ৰীড়া পৰিবেশ এটা গঢ় দিয়াত দঙ্গৰ পথাৰ দ্বীপজ্যোতি যুৱ সংঘই যি পদক্ষেপ হাতত লৈছে । দ্বীপজ্যোতি সংঘৰ পদক্ষেপক পৰ্যটন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱাৰ লগতে ক্ৰীড়াপ্ৰেমী উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকলেও একেমুখে শলাগ লৈছে ৷ দঙ্গৰ পথাৰ ৰাজহুৱা খেলপথাৰত আজি অনুষ্ঠিত হোৱা এই খেলখন চাবলৈ সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী ৰাইজে ভিৰ কৰাও পৰিলক্ষিত হৈছে৷

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like