নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ দিনটোত আর্থিক সমস্যা থাকিব৷ কমক্ষেত্রতো সৰু–সুৰা বাধা আহিব পাৰে৷ অৱশ্যে নিষ্ঠাৰে আগবাঢ়িলে বিপদত নপৰিব৷ কর্ম প্রকৃতিৰ পৰিবর্তনৰ ওপৰত নজৰ ৰাখক৷
বৃষ ঃ শৰীৰ প্রায় অনুকূলমুখী৷ বিদ্যাত যত্নবান হওক৷ অযথা কামত মূল্যবান সময় নষ্ট নকৰাই ভাল৷ আর্থিকত শুভ ফল পাব৷ ব্যৱসায়ত মধ্যম উন্নতি৷ সন্তান সম্ভবা মহিলাসকল সাৱধান থাকিব৷
মিথুন ঃ আর্থিক দিশত বেছি বাধা নাপাব৷ ৰাজনীতিত কূট–কৌশল কার্যকৰী হ’বপাৰে৷ নতুন বন্ধু লাভ৷ ব্যৱসায়ত শুভ ফল পাব৷ দৈহিক দিশত বিষ–বেদনা থাকিব৷ প্রেম–প্রণয়ত সাৱধান৷
কর্কট ঃ আর্থিক বাধা নাপাব৷ শাৰীৰিক দিশত জ্বৰ, কাহ পেটৰ অসুখত ভুগিব পাৰে৷ ব্যৱসায়ত শুভ ফল পাব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷ ফুৰা–চকাত সাৱধান থাকিব৷ প্রেমত বাধা৷
সিংহ ঃ দিনটো বৰ উন্নত নহ’ব পাৰে৷ ঘৰুৱা কাৰণত মন বিক্ষিপ্ত থাকিব৷ পৰিৱেশ পৰিৱর্তনৰ যোগ৷ বিদ্যাত শুভ৷ সন্তান সম্ভৱা মহিলাসকলে চিকিৎসকৰ দ্বাৰা উপকৃত হ’ব৷
কন্যা ঃ দৈহিক দিশত শুভ ফল পাব৷ আর্থিকতো কিছুৱে উপকৃত হ’ব৷ মানসিক চাপ থাকিব৷ নিষ্ঠাৰে কর্মত হাত দিয়ক, কৃতকার্য হ’ব৷ দাম্পত্য জীৱনত সহযোগ থাকিব৷
তুলা ঃ আর্থিকত ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব৷ শৰীৰ আৰু পৰিৱেশ কিছু প্রতিকূল থাকিব৷ আনৰ কথা শুনি কামক অৱহেলা নকৰিব৷
বৃশ্চিক ঃ শৰীৰ সামান্য দুর্বল থাকিব৷ বিদ্যাত বিশেষ জটিলতা দেখা নাযায়৷ কিন্তু মনোযোগত দৃঢ় হ’ব লাগিব৷ ভ্রমণত বাধাপ্রাপ্ত হ’ব পাৰে৷ সৎ বন্ধু লাভ৷ প্রেমত আন্তৰিকতা৷
ধনু ঃ মোটামুটিভাৱে দিনটো অনুকূল৷ ব্যৱসায়িক যোগাযোগত আশান্বিত হ’ব৷ নতুনত উৎসাহেৰে কর্মত মন দিলে সক্ষম হ’ব৷ প্রেমত মধ্যম৷ বিদ্যাত পাৰিপাশ্বিক বাধা আঁতৰিব৷
মকৰ ঃ প্রাপ্য ধন আদায়ৰ সুযোগ পাব৷ চাৰি চকীয়া বাহনৰ পৰা সাৱধান থাকিব৷ দাম্পত্য জীৱন গতানুগতিক৷ বহুদিনীয়া কল্পনাৰ কিছু যেন পূৰণৰ আশা দেখিব৷ ভ্রমণাদিত মধ্যম৷
কুম্ভ ঃ আর্থিক দিশত আয় বৃদ্ধিৰ লগে খৰচো বৃদ্ধি পাব৷ ঘৰুৱা পৰিৱেশত মন দিয়াৰ সম্পূর্ণ অৱকাশ নাপাব৷ কর্মক্ষেত্রত স্থিতি ঠিকেই থাকিব৷ দৈহিক দিশত সাৱধান থাকিব৷
মীন ঃ অশৰীৰ প্রায় ভালেই থাকিব৷ পঢ়া–শুনাত খুব বেয়া নহ’ব৷ ঘৰুৱাত মজলীয়া ফল পাব৷ আর্থিক সমস্যা সমাধানৰ কাৰক৷ কোনৰ বিবাহৰ যোগ৷

You might also like