নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: “মাতৃভাষাৰ জ্ঞান যাৰ নাথাকে তেওঁ বেলেগ কোনো ভাষাৰ জ্ঞান আহৰণ কৰিব নোৱাৰে ৷ তথাকথিত শিক্ষাৰে শিক্ষিত নোহোৱা এজনে “ মই ভাত খাইছে” বুলি নকয় , তেওঁ ক’ব “ মই ভাত খাইছোঁ ৷ কাৰণ তেওঁৰ শিক্ষা নাথাকিলেও নিজৰ মাতৃভাষাৰ ব্যাকৰণ তেওঁৰ জন্মগত” – নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতিকাষৰীয়া জলময় গাঁও চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ মুকলি সভাত জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল বৰদলৈৰ দ্বাৰা সম্পাদিত স্মৃতিগ্ৰন্থ “ জখলা” উন্মোচন কৰি এনেদৰে কয় বিশিষ্ট কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাই ৷ৰাজখোৱাই লগতে স্মৃতিগ্ৰন্থ ‘জখলা’ নামকৰণটো প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে অতিকৈ খাপখোৱা হৈছে বুলি দোহৰাৰ লগতে জখলা হ’ল সাৱধান, চেষ্টা আৰু উত্তৰণৰ প্ৰতীক বুলিও যথেষ্ট তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ মহাৰজত জয়ন্তী উদ্যাপন সমিতিৰ সভাপতি তথা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰাণা প্ৰকাশ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰি বেবেজীয়া ভোগেশ্বৰ হাজৰিকা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উপেন বৰাই কয় যে ব্যক্তিগত শিক্ষা খণ্ডই জনপ্ৰিয়তা অৰ্জন কৰা মানে অভিভাৱক বা পিতৃ-মাতৃৰ বাবে গৌৰৱৰ কথা নহয় ৷ বহুধন খৰচ কৰি সন্তানক ব্যক্তিগত খণ্ডত পঢ়োৱাব অৰ্থ এইটো নুবুজায় যে চৰকাৰী খণ্ডৰ অৱস্থা দুখলগা ৷ অস্তিত্বৰ জাহিৰ কৰাৰ সময়ত এতিয়া অস্তিত্বৰ মহাসংকটো আহি পৰিছে বুলি উদ্বোধক বৰাই মন্তব্য কৰে ৷ শিশুশিল্পী প্ৰযুক্তি দেৱীৰ বৰগীতেৰে শুভাৰম্ভ হোৱা আৰু প্ৰধান শিক্ষয়িত্ৰী অঞ্জুৰাণী দেৱীয়ে আদৰণি ভাষণ আগবঢ়োৱা সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি অধ্যাপক মোহিনীমোহন ডেকাই সাম্প্ৰতিক শিক্ষা ব্যৱস্থাৰ সন্দৰ্ভত তত্ত্ব গধুৰ ভাষণ প্ৰদান কৰে ৷ প্ৰবীণ অনাতাঁৰ শিল্পী গম্ভীৰ নাথ আৰু প্ৰণতি বৰাই সভাত গীত পৰিবেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলা অনুষ্ঠানটিত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা উত্তৰ-পূৱ বিদ্যুত নিগমৰ উপ প্ৰৱন্ধক প্ৰহ্লাদ শংকৰ ভাগৱতী, গল্পকাৰ শিৱানন্দ কাকতি, লেখিকা বিনু লস্কৰ ঠাকুৰীয়া, চামগুৰি ডায়েটৰ প্ৰৱক্তা প্ৰশান্ত শৰ্মা, মিহিৰাম ভূঞা , শিল্পী দিপাংক শইকীয়া, বেবেজীয়া প্ৰেছক্লাৱৰ সভাপতি সমীৰ হাজৰিকা, উপ-সভাপতি কল্যাণ কুমাৰ বৰা , উদ্যাপন সমিতিৰ বিষয়ববীয়া বিষ্ণু বৰদলৈ, খগেন বৰদলৈ , দিনমনি বৰদলৈ, মাধৱ বৰদলৈ, সীমান্ত পাটৰ , ৰুমী পাটৰ ,দীগেন বৰদলৈ আদি উপস্থিত থাকে ৷ এই অনুষ্ঠানতে অলপতে অনুষ্ঠিত হৈ যোৱা সৰ্বভাৰতীয় অঙ্কণ পৰীক্ষাত সোণৰ মেডেল লাভ কৰিবলৈ সক্ষম হোৱা নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী নিৰ্মালি দাসক সম্বৰ্ধনা জনোৱা হয় ৷ মহাৰজত জয়ন্তী অনুষ্ঠানৰ আজি সামৰণি অনুষ্ঠানৰ পুৱা বেলা পৰিবেশ নিকাকৰণৰ পাচতে বাৰেবৰণীয়া বৰ্ণিল শোভাযাত্ৰা উদ্বোধন কৰে জিলা পৰিষদৰ সদস্যা সীমাৰেখা ভৰালীয়ে ৷ নিশা জনপ্ৰিয় শিল্পী গৌৰাঙ্গ ৰাগ আৰু উদ্দীপনা গোস্বামীৰ সাংস্কৃতিক অনুষ্ঠানেৰে দুদিনীয়া কাৰ্যসূচীৰ কালি(২৫ ডিচেম্বৰত) সফলতাৰে পৰিসমাপ্তি ঘটে ৷
প্ৰেৰক প্ৰাঞ্জল বৰদলৈ