নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীক জৈৱিক কল-ৰঙালাউ উপহাৰ শালমাৰা বহুমুখী কৃষি পামৰ

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ জালুকবাৰী সমষ্টিৰ পাঁচখন আদৰ্শ কৃষি পামৰ অন্যতম “কামৰূপা বহুমুখী পাম”। মীন পালনৰ লগতে সমন্বিতভাবে ৰবি শস্যৰ উৎপাদনৰ লক্ষ্যৰে একাংশ শিক্ষিত নিবনুৱা যুৱকৰ সন্মিলিত প্রচেষ্টাত ২০২০ চনত গঠিত হোৱা “কামৰূপা বহুমুখী পাম”ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক ড° হিমন্ত বিশ্ব শৰ্মা সাক্ষাৎ কৰা হয়। এই সাক্ষাৎ কালত কামৰূপা বহুমুখী পামৰ বাকৰিত সম্পূর্ণ জৈবিকভাৱে উৎপাদিত মালভোগ কল, জাহাজী কল, কাচ কল, অমিতা, ৰঙালাউৰ উপৰি কলা জহা চাউল আৰু গুৰ মিঠাই প্রদান কৰে। সাক্ষাৎ সময়ত কৃষি পামৰ সভাপতি বনজিৎ ডেকাৰ লগতে কৃষি পামৰ কৃষক বন্ধুসকলক, ভাৰতীয় জনতা পার্টীৰ অসম প্রদেশ ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতি দেৱজিৎ বড়া আৰু উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্য। কৃষি পামৰ সভাপতি বনজিৎ ডেকাই কয় যে মুখ্যমন্ত্রীক সাক্ষাৎ লাভ কৰি তেওঁৰ পৰা লাভ কৰা সু দিহা-পৰামৰ্শ তথা আশীর্বাদ অনাগত দিনত আমাৰ বাবে সাহস। আমাক প্রতিটো দিনত, প্রতিটো সময়ত সাহস আৰু অনুপ্রেৰণা প্রদান কৰা মুখ্যমন্ত্রী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী লগতে মুখ্যমন্ত্রীৰ ব্যক্তিগত সহায়ক প্রাণজিৎ ডেকাক ধন্যবাদ জনায়।

প্ৰেৰক হীৰক জ্যোতি ডেকা

You might also like