নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীলমণি ফুকন আমাৰ অহংকাৰ

  • অৰিন্দম বৰকটকী

 

কোনো কোনো ব্যক্তি জীয়াই থকাটোৱেই জাতিটোৰ বাবে সাহস, কোনো কোনো ব্যক্তিয়েই লিখিছিল বুলিয়েই নিজৰ ভাষা–সাহিত্যিক লৈ আমাৰ অহংকাৰ হয়৷ নীলমণি ফুকন আছিল তেনে এজন ব্যক্তি৷ সেয়েহে নীলমণি ফুকন কায়িকভাৱে আজি আমাৰ মাজৰ পৰা নোহোৱা হোৱা কথাটোৱে এক গভীৰ শূন্যতাবোধ আনি দিছে৷ কিছু কিছু লোক থাকে যাৰ দায়িত্ব যেন জাতি–ভাষা–সাহিত্যক সমৃদ্ধ কৰি যাবলৈকে৷ তেনে অৱদানেৰে আমাক সমৃদ্ধ কৰি যোৱা নীলমণি ফুকন কুৰি শতিকাত জন্মগ্রহণ কৰা এক বিৰল ব্যক্তিত্ব আৰু প্রতিভা, তাত কাৰো সন্দেহ নাই৷ নীলমণি ফুকনেই আমাক চীনা, জাপানী আৰু লৰকাৰ কবিতাৰ সোৱাদ দিলে, একে সময়তে জনগোষ্ঠীয় কবিতাৰ অনুবাদৰ পৰম্পৰাক মান্যতা দিলে৷ ‘লোক কল্পদৃষ্টি’ ‘ৰূপ বর্ণবাদ’, ‘শিল্পকলা দর্শন’ৰ দৰে গ্রন্থেৰে অসমৰ শিল্পকলা চর্চাৰ বাট মুকলি কৰিলে৷ তেওঁৰ আত্মজীৱনী ‘পাহৰিব নোৱাৰিলোঁ যি’ পঢ়িলে অনুমান কৰিব পাৰি কি উচ্চ পর্যায়ৰ এইজন গদ্য লেখক নীলমণি ফুকন৷ আধুনিক অসমীয়া কবিতাৰ আটাইতকৈ প্রভাৱী কণ্ঠ হিচাপে নীলমণি ফুকন যে প্রতিটো যুগতেই সমাদৃত হৈ ৰ’ব তাত সন্দেহ নাই৷
নীলমণি ফুকনৰ কবিতা পঢ়িলে মনলৈ প্রশ্ণ আহে কিহৰ বাবেনো তেখেত অসমীয়া কবিতাৰ জগতত আমাৰ দৰে পাঠকৰ বাবে একক আৰু অনন্য হৈ ৰ’ব পাৰিছে? আমাৰ বাবে তাৰ ডত্তৰ ফুকনৰ কবিতাৰ ভাষাৰ জগতখন তেনেই আপোনসুৰীয়া সুৰত বন্ধা জগত এখন হোৱাটো আৰু ভাবৰ জগতখন মূল আৰু ঐতিহ্যৰ আঞ্চলিক বৈশিষ্ট্যৰ পথেদি আগবাঢ়ি সার্বজনীন চৰিত্রৰ ৰূপ ল’ব পৰাটোৱেই বুলি বিশ্বাস কৰোঁ৷ এই দুটা চৰিত্রকনো নীলমণি ফুকনে তেওঁৰ প্রথমখন সংকলন সূর্য হেনো নামি আহে এই নদীয়েদিৰ পৰা শেহতীয়া সংকলনলৈকে কিহৰ জোৰত ধৰি ৰাখিব পাৰিলে সেই কথা ভাবি বিস্মিত হওঁ৷ আমাৰ বাবে প্রথম পর্যায়ত তাৰ প্রথম কাৰণ কবি হিচাপে নীলমণি ফুকনে কোনোদিনেই কবিতাক বৌদ্ধিক কচৰৎ ভূমি নকৰাটো, দ্বিতীয় কাৰণ তেওঁৰ কবিতাত বিপ্লৱী মার্কা কবিসকলৰ দৰে ভাষণ দিয়াৰ প্রৱণতা নথকাটো আৰু তৃতীয় কাৰণ হেজাৰ ধুমুহাই নাহক কিয় সকলো আক্রমণক প্রতিহত কৰি স্থিতপ্রজ্ঞৰ দৰে, নীলকণ্ঠৰ দৰে এক ভৱিষ্যৎমুখী সদর্থক দৃষ্টিৰে স্থিতি লৈ থাকিব পৰাটো৷ দ্বিতীয় পর্যায়ত কবি নীলমণি ফুকনৰ আৰু কিছুমান বিশেষ চৰিত্রৰ প্রসংগ আহিব, যিবোৰ হয়তো আন বহুতো কবিৰ ক্ষেত্রত দুর্লভ হৈয়েই ৰ’ব৷ তাৰ প্রধান আৰু প্রথমটো কাৰণ হৈছে পশ্চিমীয়া আৰু মহাদেশীয় কবিতাৰ তেখেত এজন বিস্তৃত অধ্যয়নশীল পাঠক হোৱাৰ ডপৰি অসমীয়া গাঁৱলীয়া সংসৃকতিৰ পৰিচয়ৰ সৈতে তেখেতৰ থকা আত্মিক সম্পর্ক আৰু একে সময়তে সংগীত, চিত্রকলা, ভাস্কর্য আদি বিভি art formবোৰৰ প্রতিও আগ্রহশীল হোৱাটো৷ তেখেতে প্রতিটোart form ৰ স্বতন্ত্রতাৰ গুৰুত্বক ডপলব্ধি কৰিব পাৰিছিল আৰু সদায় সচেতন হৈ ৰৈছিল, যাতে তেখেতৰ কবিতা এনেবোৰ প্রভাৱে জপটিয়াই ধৰা বিধৰ নহয়গৈ৷ তেখেতৰ কবিতাত চিত্রকলাৰ দৰে চাক্ষুস অভিজ্ঞতাৰ চৰিত্র আছে, সংগীতৰ দৰে ধ্বনিময়তাৰ অন্তঃস্রোত আছে, কিন্তু এই সৃষ্টি তেখেতৰ ডপলব্ধিৰ গভীৰতাৰ পৰাহে সৃষ্টি হোৱা৷ ডপলব্ধিৰ এনে গভীৰতাই কবিৰ ক্ষেত্রত এক অন্য মাত্রাৰ আৱেগ অথবা আনন্দময়–প্রেৰণাম অৱস্থাৰ সৃষ্টি কৰিব পাৰিছিল৷ আৱেগ আছিল বাবেই কবিতাৰ যি আচল চৰিত্র–শ্রুতি সি নীলমণি ফুকনৰ কবিতাত কেতিয়াও বিঘ্ণিত হোৱা নাছিল৷
এটা সাক্ষাৎকাৰত নীলমণি ফুকনে এইবুলি মন্তব্য কৰিছিল–‘কবিতা কেৱল শব্দৰ খেল বুলি নাভাবোঁ, যদিও শব্দ বুলি হাহাকাৰ কৰিয়েই জীৱনৰ চল্লিশটা বছৰ পাৰ কৰিলোঁ৷’ হয়, এটা অর্থত কবিতা শব্দৰ খেলা, কিন্তু ই অর্থৰো খেলা, জীৱনৰো খেলা৷
অসমীয়া নামৰ ভাষাটোৰ শব্দবোৰৰ সযত্ন অনুশীলনেৰে নীলমণি ফুকনে যোৱা পঞ্চাশটা বছৰত জীৱন আৰু জগতক বাৰে বাৰে ডন্মোচন কৰিবলৈ চেষ্টা কৰি আহিছে৷ কবিৰ নিজৰ ভাষাত শব্দৰ নিজৰ এখন জগত থাকে৷ আমাৰ সমাজ জীৱনৰ মাজতেই সেইখন জগতৰ ডৎপত্তি আৰু স্থিতি৷ এটা ভাষাৰ অনুশীলন আৰু ইয়াৰ সৈতে জডিত হৈ থকা এটা জাতিৰ সাংসৃকতিক ঐতিহ্য, জাতীয় জীৱনৰ সংঘাত আৰু সংশয়ক অনুধাৱন কৰাৰ আন্তৰিকতাৰ যোগেদি নীলমণি ফুকনৰ কবিতাই অসমীয়া সমাজ জীৱনকো ডন্মোচন কৰি আহিছে, ডন্মোচন কৰিছে জীৱন সত্যক৷
নীলমণি ফুকনৰ কবিতাৰ তিনিটা পর্ব আছেবুলি অনুভৱ কৰোঁ৷ ১৯৫৫ চনৰ পৰা ১৯৭৫ চনলৈ নীলমণি ফুকনৰ কবিতাৰ এটা নির্বাচিত সংকলন ‘গোলাপী জামুৰ লগ্ণ’ৰ পাতনি লিখিছিল ভবেন বৰুৱাই৷ ‘সূর্য হেনো নামি আহে এই নদীয়েদি’ (১৯৬৩), ‘নির্জনতাৰ শব্দ’ (১৯৬৫), ‘আৰু কি নৈঃশব্দ’ (১৯৬৮), ‘ফুলি থকা সূর্যমুখী ফুলটোৰ ফালে’ (১৯৭১), ‘কাঁইট আৰু গোলাপ আৰু কাঁইট’ (১৯৭৫)৷ এই পাঁচোখন সংকলনৰ স্বতন্ত্র চৰিত্রটোৰ এই সময়ছোৱাৰ কবিতাসমূহক নীলমণি ফুকনৰ কবিতাৰ প্রথম পর্ব আখ্যা দিব পাৰি৷ কবিৰ বিস্ময়বিমুগ্ধ চৰিত্র আৰু জীৱন সন্ধানী দৃষ্টিকোণৰ পৰিৱর্তন ‘কাঁইট আৰু গোলাপ আৰু কাঁইট’ সংকলনখনৰ পৰাই যে ঘটিছিল তাৰ ডমান এই সংকলনখনৰ নামৰ লগত আগৰ সংকলনখনৰ নামকেইটা ৰিজাই চালেই অনুমান কৰিব পাৰি৷
ভবেন বৰুৱাই ‘গোলাপী জামুৰ লগ্ণ’ৰ পাতনিত লিখিছিল ‘কাঁইট আৰু গোলাপ আৰু কাঁইট’ত নীলমণি ফুকনৰ সার্থক কবিতাৰ সংখ্যাটো আৰু ডাঙৰ হ’ল৷ নীলমণি ফুকনৰ কবিতাই যেতিয়াই সামাজিক অর্থ আৰু বিস্তৃতিৰ প্রতি আগ্রহশীল হৈছিল, তেতিয়াই তেওঁৰ কবিতাৰ চৰিত্রটো ভাব আৰু ভাষা ডভয়তে ধাৰাল হৈ পৰিছিল৷ ডজনি অসমৰ ভাষাত দেখা পোৱা সহজ কোমলতাই সৃষ্টি কৰা আৰম্ভণিৰ কবিতাৰ অন্তর্নিহিত সুৰৰ চৰিত্রকো এই সামাজিক চৰিত্রৰ প্রভাৱে পৰিৱর্তন ঘটাইছিল৷ ড০ হীৰেন গোহঁায়ে সম্পাদনা কৰা আৰু পাতনি লিখা ‘সাগৰতলিৰ শংখ’ত অধিক গুৰুত্ব দিয়া ‘কবিতা’ (১৯৮১) আৰু ‘নৃত্যৰতা পৃথিৱী’ (১৯৮৫)ৰ কবিতাসমূহ কবি নীলমণি ফুকনৰব্যক্তিৰ পৰা সমাজলৈ পৰিভ্রমণৰ ইচ্ছাৰ ডত্তৰণতেই সৃষ্টি হোৱা আৰু তাৰ পূর্বানুমান ‘কাঁইট আৰু গোলাপ আৰু কাঁইট’ নামৰ সংকলনখনত বিচাৰি পাব পাৰোঁ৷ এই ডত্তৰণ আছিল প্রকৃতিৰ পৰা প্রত্যাহিক বাস্তৱলৈ যাত্রা, ব্যক্তিগত নান্দনিক চেতনাৰ সৈতে সামাজিক ডৎসই দিব পৰা সৃষ্টিশাল ডৎসাহৰ সংযোগৰ যাত্রা, তাৰ সৈতে লোকসংসৃকতি, জনসংসৃকতি, ইতিহাস চেতনা, শিল্প–সংসৃকতিৰ প্রতি আগ্রহী মনটো সদায় আছে৷ ‘কবিতা’ আৰু ‘নৃত্যৰতা পৃথিৱী’ৰ কবিতাসমূহ আছিল নীলমণি ফুকনৰ দ্বিতীয় পর্বৰ কবিতা৷ প্রথম পর্বৰ নীলমণি ফুকনৰ কবিতা পঢ়ি যিদৰে ব্যক্তি মনৰ বিস্ময় চেতনাৰ লগতে অসমীয়া ভাষা আৰু ইয়াৰ সৈতে সংযোগ হৈ থকা লোকসংসৃকতি আৰু লোকজীৱনৰ এক পৰিচয় পাব পাৰি, দ্বিতীয় পর্যায়ৰ কবিতাসমূহ পঢ়ি বর্তমান, বাস্তৱ আৰু বুৰঞ্জীৰ প্রসংগৰে আমাৰ সামাজিক অস্তিত্বৰ এক ৰাজহুৱা আৰু মনস্তাত্বিক পৰিচয় পাব পাৰি৷ এই অৱস্থাতেই বাস্তৱক ডপেক্ষা নকৰা কবিৰ দৃষ্টিবস্তু সলনি হৈছিল– জীৱন সংযোগে সাধাৰণ শব্দকো ৰূপকীয় আৰু প্রতীকী তাৎপর্য দিছিল৷ প্রথম পর্বত নীলমণি ফুকনে সচেতনভাবে প্রতীক ব্যৱহাৰ কৰিছিল, দ্বিতীয় পর্বত বোধ আৰু চেতনাৰ অসাধাৰণ গভীৰতাই শব্দত একেসময়তেই স্বাধীন আৰু একেসময়তে প্রতীক আৰু ৰূপকৰ অলংকাৰ দিছিল
নীলমণি ফুকনে তেওঁৰ অন্তিম সংকলন ‘অলপ আগতে আমি কি কথা পাতি আছিলোঁ’ত এটা নতুন পর্বৰ সূচনা কৰিবলৈ সক্ষম হৈছিল৷ কবিৰ বাবে এয়া সম্ভৱ হৈছিল তেওঁৰ বাবে কাব্য সত্য জীৱন সত্যৰ পৰা বিচ্ছিন্ন নোহোৱাত আৰু জীৱনবৃত্তৰ পৰিক্রমাৰ পূৰঠ অৱস্থাত সম্ভৱ হ’ব পৰা কাব্য ভাবনাৰ নতুন স্তৰ সম্পর্কে ধাৰণা কৰিব পৰাত৷ নীলমণি ফুকনৰ আগবয়সৰ কবিতাই (যিবোৰ কবিতাৰ সৰহসংখ্যকেই আছিল কোলাহলতকৈ নির্জনতাৰ অথচ নিঃসংগতাৰ নহয়, জীৱনতকৈ মৃত্যুৰ অথচ সমাপ্তিৰ নহয়) আমাক শিকালে একক মননৰ প্রকৃতি–বিস্ময় আৰু জীৱন–জিঘ্ণাসাৰ গুৰুত্ব, মাজবয়সৰ কবিতাই আমাক বুজালে সমাজবোধ আৰু ইতিহাসবোধৰ পৰাই ডচ্চাৰিত হ’ব নতুন কবিতাৰ ভাষা আৰু শেষৰ পর্বৰ একমাত্র সংকলনখনৰ কবিতাসমূহে সামগ্রিকভাৱে জনালে ‘শেষত ভাষাৰো বন্ধন ছিঙি কবিতাই বিচাৰে অন্তহীন ব্যাপ্তি– মানুহৰ তেজত, মঙহত, বতাহত, আকাশত৷’
জ্ঞানপীঠ বঁটা লাভ কৰি নীলমণি ফুকনে আমাৰ ভাষা–সাহিত্য আৰু অসমীয়া কবিতাক সর্বভাৰতীয় প্রেক্ষাপটত সন্মানীয় স্তৰত পুনৰবাৰ প্রতিষ্ঠা কৰিলে৷ এই বঁটা ফুকন ছাৰৰ ব্যক্তিগত নহয়, ই ফুকন ছাৰে সদায় কৈ অহা জাতিটোৰ ভাষাটোৰ কবিতালৈ সন্মান৷ এই অন্তহীন ব্যাপ্তিৰে আমাৰ ভাষা আৰু কবিতাক সমৃদ্ধ কৰা নীলমণি ফুকনলৈ আমাৰ সশ্রদ্ধ সোঁৱৰণ৷

You might also like