নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্ঘটনাত মৃত ভাতৃ-ভগ্নীৰ মৃতদেহ লৈ ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ

নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুকোনাত  আজি  দুৰ্ঘটনাত মৃত ভাতৃ ভগ্নীৰ মৃতদেহ লৈ উত্তেজিত ৰাইজে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে । উল্লেখ্য যে মঙ্গলবাৰে কেন্দুকোনাত সংঘটিত হোৱা এক পথ দুৰ্ঘটণা গুৰুতৰ ভাবে আহত হোৱা দুই ভাতৃ ভগ্নীয়ে চিকিৎসাধীন অৱস্থাত কালি কৰুন  মৃত্যুক  আকোৱালি লৈছিল । আজি দুই ভাতৃ ভগ্নিৰ মৃতদেহ কেন্দুুকোনাৰ নিজ ঘৰ আহি পোৱাৰ পিচতে স্থানীয় উত্তেজিত ৰাইজে দুৰ্ঘটণা সংঘটিত কৰা চিকিৎসক গৰাকীক গ্ৰেপ্তাৰৰ দাবীত মৃতদেহ ৰাজ পথত ৰাখি পথ অৱৰোধ  কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি সুৰাৰ ৰাগীত মাতাল চিকিৎসক নগেন চন্দ্ৰ হুজুৰি AS01 DH 2052 নম্বৰৰ হুণ্ডাই আই টেন বাহন খনেৰে নলবাৰী অভিমুখে গৈ থকা অবস্থাত দুই ভাতৃ ভগ্নী সহ এগৰাকী লগৰীয়াক মহটিয়াই নিয়াৰ লগতে পথৰ দাঁতিত ৰৈ থকা এগৰাকী ফেৰিৱালাকো মহটিয়াই নিছিল । এই শোকাৱহ পথ দুৰ্ঘটনাত কেন্দুকোণাৰ ধৰ্মেশ্বৰ দাস আৰু মনিকা দাসৰ দুই পুত্ৰ কন্যা গায়ত্ৰী দাস (১৪) আৰু অবিনাশ দাসে (৮) চিকিৎসাধীন অৱস্থাতে অকাল মৃত্যুক আকোৱালি লয়।  দুৰ্ঘটনা সংঘটিত কৰা  সুৰাসক্ত চালক অবসৰী চিকিৎসক নগেন চন্দ্ৰ হুজুৰিক দৃষ্টান্তমূলক শাস্তিৰ দাবীত ৰাইজে পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তোলে । ৰাইজে সুৰাসক্ত চালক গৰাকীৰ বিৰুদ্ধে বৰ্তমানলৈ প্ৰশাসনে কোনো ব্যৱস্হা গ্ৰহণৰ নকৰাৰ অভিযোগ  উত্থাপন  কৰি ৰাইজে  প্ৰশাসনৰ লোক সকলক অবৰোধস্হলীত জবাবদিহি কৰে। অবৰোধস্হলীত  স্থানীয় কমলপুৰ আৰক্ষী,ৰঙিয়া মহকুমাৰ মহকুমাধিপতি ৰাহুল জাবিৰ সুৰেশ , মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ অবৰোধ কাৰী সকলক বুজনি দিয়াৰ চেষ্টা কৰে  যদিও ৰাষ্ট্ৰীয় ঘাইপথটি বহুসময় ধৰি ৰাইজে অবৰোধ কৰি ৰাখে । পিচত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা অবৰোধস্হলীত উপস্থিত হৈ প্ৰশাসনে দোষীক উচিত শাস্তি বিহাৰ আশ্বাস প্ৰদান কৰাত ৰাইজে পথটি মুকলি কৰি দিয়ে । ইতিমধ্যে অভিযুক্ত চিকিৎসক নগেন চন্দ্ৰ হুজুৰিয়ে আৰক্ষীয়ে আটক কৰিছে ।
You might also like