সৰুপেটা আঞ্চলিক কীৰ্তন ঘৰৰ পালনাম মহোৎসৱৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা ,২২ জানুৱাৰী : আজিৰে পৰা অহা ২৪ জানুৱাৰীলৈকে তিনিদিনীয়াকৈ বিভিন্ন বৰ্নাঢ্য কাৰ্যসুচীৰে আৰম্ভ হৈছে সৰুপেটা আঞ্চলিক কীৰ্তন ঘৰৰ পালনামৰ ৰূপালী জয়ন্তী মহোৎসৱ। তিনিদিনীয়াকৈ অনুস্থিত সৰুপেটা আঞ্চলিক কীৰ্তন ঘৰৰ পালনাম মহোৎসৱৰ ৰূপালী জয়ন্তীৰ আজিৰ প্ৰথম দিনৰ কাৰ্যসুচী অনুসৰি আজি পুৱাৰ ভাগত কীৰ্তন ঘৰ চৌহদত পৰিবেশ নিকাকৰনৰ পিছতে কীৰ্তন ঘৰৰ নৱনিৰ্মিত তোৰণ উদ্বোধন কৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে।ইয়াৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰে ডুমুৰীয়া গীতা সত্ৰৰ সত্ৰাধিকাৰ কৰুণাকান্ত নাথে। কীৰ্তন ঘৰৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰে মুখ্য ৰোপকৰূপে ডুমুৰীয়া গীতা সত্ৰৰ সেৱক হোমেশ্বৰ দাসে। লগতে একুৰি গৰাকী বিশিষ্ট ব্যক্তিয়েও বৃক্ষৰোপণ কৰে কীৰ্তন ঘৰৰ চৌহদত।স্মৃতি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নয়নজ্যোতি দাসে। নাট্যশিল্পী কাৰ্তিক পাঠকে আত ধৰা অনুষ্ঠানত নাম ধৰ্মৰ ওপৰত বক্তৃতা প্ৰদান কৰে স্থায়ী তোৰণ উন্মোচক বিধায়ক ফনীধৰ তালুকদাৰ আৰু স্মৃতি তৰ্পক অধ্যক্ষ ড° নয়নজ্যোতি দাসে। দুপৰীয়াৰ ভাগত নাট্যশিল্পী কাৰ্তিক পাঠকে আত ধৰা সম্বৰ্ধনা সভাত ত্ৰিশ গৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।বিয়লি মহিলাৰ দ্বাৰা দিহানাম পৰিবেশন কৰাৰ লগতে সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়।কাইলৈ আৰু ২৪ জানুৱাৰীত বৰ্ণাঢ্য ধৰ্মীয় সাংস্কৃতিক কাৰ্যক্ৰমণিকা ৰূপায়িত হ’ব।
প্ৰেৰক :: ভূষণ তালুকদাৰ ।