নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰৰ ঐতিহাসিক ধুপগুৰি সত্ৰত বাৰ্ষিক মহোৎসৱ সম্পন্ন

নিয়মীয়া বাৰ্তা,২২ জানুৱাৰী : ভৱানীপুৰৰ গলিয়াস্থিত শ্ৰী শ্ৰী গোপাল আতাৰ স্থাপিত ঐতিহাসিক ধুপগুৰি সত্ৰৰ বাৰ্ষিক মহোৎসৱৰ আজি বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে সামৰণি পৰে। উল্লেখ্য যে আজি পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন কৰে ধুপগুৰি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰসেনজিৎ মেধিয়ে। ইয়াৰ পিছতে সত্ৰখনৰ পাঠক কিৰণ কলিতাৰ পৰিচালনাত ভকতবৃন্দই নাম কীৰ্তন কৰে। দুপৰীয়া সত্ৰৰ দাতাৰ নামফলক আৰু অসম দৰ্শণ আঁচনিৰ ধনেৰে নিৰ্মিত সত্ৰৰ জিৰণি গৃহ উদ্বোধন কৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে।নামফলক আৰু জিৰণি গৃহ উদ্বোধন কৰি দিয়া ভাষণত বিধায়ক ফনীধৰ তালুকদাৰে ধৰ্ম সংস্কৃতিৰ ওপৰত বাখ্যা কৰে লগতে ভৱানীপুৰৰ ঐতিহাসিক ধুপগুৰি সত্ৰ আৰু পূৰণ ভৱানীপুৰ স্থিত গোপাল আতা সত্ৰক যাতে পৰ্যতন স্থলী হিচাপে আটকধুনীয়াকৈ স্থাপন কৰিব পাৰে তাৰ বাবে বিধায়ক গৰাকীয়ে চেষ্টা অব্যাহত ৰখা বুলিও আজি নিজৰ ভাষন প্ৰসংগত মন্তব্য কৰে ।।আনহাতে উদ্বোধনী অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে বজালী জিলা সত্ৰ মহাসভাৰ সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মনৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। উল্লেখ্য যে আজি দৰঙৰ ছিপাঝাৰৰ বিশিষ্ট নাগাৰা নামৰ শিল্পী সুভাষ নাথৰ নাম দলে নাগাৰা নাম পৰিবেশন কৰে।দুদিনীয়া কাৰ্যক্ৰমণিকাৰে উদযাপিত ধুপগুৰি সত্ৰৰ বাৰ্ষিক মহোৎসৱত কালি সত্ৰ চৌহদত পৰিবেশ নিকাকৰণ কৰা হয়। লগতে বৃক্ষৰোপণ কৰে বি, এইচ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভূষণ চন্দ্ৰ পাঠকে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে ধুপগুৰি সত্ৰ পৰিচালনা সমিতিৰ উপদেষ্টা উপেন দাসে। উল্লেখ্য যে ধুপগুৰি সত্ৰৰ বাৰ্ষিক মহোৎসৱত ভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তই চাকি , ধুপ , ধুনা জ্বলাই সমগ্ৰ পৰিবেশটো আধ্যাত্মিক কৰি তোলে ।

প্ৰতিবেদক : ভূষণ তালুকদাৰ ।

You might also like