নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্রামা মহিলাৰীৰ ১৭ বছৰীয়া শাসনৰ কেলেংকাৰিৰ তথ্য ফাদিল প্রমোদ বড়োৰ

নিয়মীয়া বাৰ্তা, ২৩জানুৱাৰী: বড়োভূমিত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ পৰিষদীয় চৰকাৰৰ ১৭ বছৰীয়া শাসন কালৰ বিয়াগোম কেলেংকাৰিৰ তথ্য ফাদিল কৰিছে বর্তমানৰ বিটিচিপ্রধান প্রমোদ বড়োৱে৷ দিল্লীৰ নিটক’ন লিমিটেড নামৰ সংস্থাটোৱে দাখিল কৰা হিচাপ পৰীক্ষাৰ প্রতিবেদনৰ আধাৰতে প্রমোদ বড়োৱে পূর্বৰ পৰিষদীয় চৰকাৰৰ আমোলত ১,৮৯১.৭২ কোটি টকাৰ ভুৱা বিল দাখিলৰ তথ্য সদৰী কৰে বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে৷ আজি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা মতে, নিটক’ন লিমিটেডে যোৱা ১৫ মাহ ধৰি হিচাপ পৰীক্ষা কৰিছিল হাগ্রামা মহিলাৰীৰ সময়ৰ অনাদেয় ২,৯১৫.৬৫ কোটি টকাৰ বিল সন্দর্ভত৷ হিচাপ পৰীক্ষাৰ অন্তত সংস্থাটোৱে আজি বিটিচি সচিবালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা বি টি আৰৰ কার্যনির্বাহক সভাত এই সন্দর্ভত প্রতিবেদন দাখিল কৰে৷ হিচাপ পৰীক্ষাত পূর্বৰ হাগ্রামা মহিলাৰী নেতৃত্বাধীন চৰকাৰে এৰি যোৱা উক্ত অনাদেয় প্রায় ৩ হাজাৰ কোটি টকাৰ ভিতৰত ১,৮৯১.৭২ কোটি টকাৰেই ভুৱা বিল ধৰা পৰিছে৷ উল্লেখ্য যে হাগ্রামা মহিলাৰীৰ আমোলত চিডি পুঁজিকে ধৰি ২৮টা বিভাগৰ সর্বমুঠ ৮,৫১৬ প্রকল্পৰ হিচাপ পৰীক্ষা কৰিছিল নিটক’ন লিমিটেড নামৰ দিল্লীৰ সংস্থাটোৱে৷ হিচাপ পৰীক্ষা প্রতিবেদনৰ আঁত ধৰি প্রমোদ বড়োৱে কয় যে ৮,৫১৬টা প্রকল্পৰ ভিতৰত ১,৫৫৪টাৰ কামেই আৰম্ভ নহ’ল আৰু ১,২৬১টাৰ কাম আৰম্ভ হৈছিল যদিও অসম্পূর্ণ হৈ আছে৷ উক্ত প্রকল্পসমূহৰ ভিতৰত বহু প্রকল্প ভুৱা আৰু অস্তিত্বহীন আছিল৷ মুঠ ২,৯১৫.৬৫ কোটি টকা পূর্বৰ বিটিচি প্রশাসনৰ অনাদেয় বিল দেখুওৱা হৈছিল যদিও হিচাপ পৰীক্ষাত প্রকৃত অনাদেয় ধনৰ পৰিমাণ ১,০২৩.৯৩ কোটি টকা বুলিহে স্পষ্ট হৈছে৷ বাকী ১,৮৯১.৭২ কোটি টকাৰ বিল ভুৱা৷ অতি ৰহস্যজনক কথা এয়ে যে বহু কাম সম্পূর্ণ হৈছে অথচ আজিলৈ বিল ক্লেইম কৰিবলৈ কোনো ঠিকাদাৰ আগবাঢ়ি নাহিল৷ প্রমোদ বড়োৱে পুনৰ কয় যে বি পি এফ পৰিষদীয় চৰকাৰৰ দিনত কিছুমান আঁচনিৰ বিপৰীতে এদিনতে প্রশাসনীয় অনুমোদন আৰু সেই দিনাই বিল দাখিল কৰাৰ তথ্য হিচাপ পৰীক্ষাত ফাদিল হৈছে৷ আনহাতে বহু ফাইল হেৰাইছে আৰু আন কিছুমান ফাইল তদন্তৰ বাবে এতিয়াও থানাত আছে৷ হেৰোৱা ফাইলসমূহ এচাম ঠিকাদাৰ আৰু বিষয়াৰ হাতত থকাৰ সন্দেহ প্রকাশ কৰিছে প্রমোদ বড়োৱে৷ শীঘ্রে হেৰোৱা ফাইলসমূহ ঘূৰাই নিদিলে আইনী ব্যৱস্থা হাতত লোৱা হ’ব বুলি তেওঁ সকীয়াই দিয়ে৷ বিভিন্ন বিভাগত পূর্বৰ পৰিষদীয় চৰকাৰৰ যি বকেয়া ধন আদায় দিবলৈ বাকী আছে, সেয়াphysical verificationৰ পাছতহে দিয়া হ’ব বুলি তেওঁ সদৰী কৰে৷ কার্যনির্বাহক সভাত পূর্বৰ চৰকাৰৰ ভয়াৱহ দুর্নীতিৰ বিৰুদ্ধে কি কার্যব্যৱস্থা হাতত লোৱা হ’ব, সেয়া সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলিও মুখ্য কার্যবাহী সদস্যজনে জানিবলৈ দিয়ে৷

You might also like