নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটকটীয়া নিৰাপত্তাৰে কাইলৈ দেশৰ গণৰাজ্য দিৱস : কোনে কত কৰিব পতাকা উত্তোলন….

বিশেষ বাৰ্তা, ২৫ জানুৱাৰীঃ কাইলৈ দেশৰ ৭৪সংখ্যক গণৰাজ্য দিৱস৷ অসমত আলফা (স্বাধীন)–এ গণৰাজ্য দিৱস বর্জন কৰাৰ লগতে আজি মাজনিশা ১২ বজাৰ পৰা কাইলৈ বিয়লি ৬ বজালৈ বন্ধৰ আহ্বান দিছে৷ আলফা (স্বাধীন)ৰ এই বন্ধ–বর্জনৰ আহ্বানৰ বিপৰীতে সমগ্র ৰাজ্যজুৰি ব্যাপক উৎসাহ–উদ্দীপনাৰে গণৰাজ্য দিৱস পালনৰ ব্যাপক প্রস্তুতি চলিছে৷ আনহাতে, গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনো অঘটন সংঘটিত নহয়, তাৰ প্রতি লক্ষ্য ৰাখি আৰক্ষী প্রশাসনে কঠোৰ নিৰাপত্তামূলক ব্যৱস্থা গ্রহণ কৰিছে৷ প্রতিখন পেৰেড গ্রাউণ্ডৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে আৰক্ষী–চোৰাংচোৱাই অহৰহ সেই বিষয়ত তীক্ষ্ণ নজৰ ৰাখিছে৷ গুৱাহাটী মহানগৰীৰ লগতে সমগ্র ৰাজ্যজুৰি যান–বাহন আদিতো তালাচী অব্যাহত ৰাখিছে৷ গুৱাহাটীত ব্রহ্মপুত্রৰ বুকুতো নদী আৰক্ষীয়ে অভিযান চলাইছে৷ ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই কাইলৈ গণৰাজ্য দিৱসত অসমৰ জনসাধাৰণ স্বতঃস্ফূর্তভাৱে ওলাই আহিব বুলি উল্লেখ কৰি কয় যে কাইলৈ কোনেও বন্ধ–বর্জন নামানে৷ সেইদৰে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই এইবাৰো অসমবাসী ৰাইজে উলহ–মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰিব বুলি প্রকাশ কৰি কয় যে স্বাধীনতা দিৱস, গণৰাজ্য দিৱসৰ সময়ত বন্ধ–বর্জনৰ আহ্বান দিয়াটো এটা নিয়মত পৰিণত হৈছে৷ কিন্তু ৰাইজে এনে বন্ধ–বর্জনৰ প্রতি সমর্থন নিদিয়ে৷ এই সময়ছোৱাত বন্ধ–বর্জনৰ আহ্বান দিয়াসকলে কোনো অঘটন যাতে ঘটাব নোৱাৰে তাৰ বাবে আৰক্ষী সতর্ক আছে৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰায়ো গণৰাজ্য দিৱসৰ সময়ছোৱাত গুৱাহাটী মহানগৰীত শান্তি–সম্প্রীতি আৰু জনসাধাৰণৰ নিৰাপত্তা অক্ষুণ্ণ ৰখাৰ বাবে আৰক্ষীয়ে কৰিবলগীয়া সকলো ব্যৱস্থা কৰিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷

কোনে কত উত্তোলন কৰিব পতাকা

ৰাজ্যপাল অধ্যাপক জগদীশ মুখী : নাগালেণ্ড

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা : গুৱাহাটীৰ খানাপাৰা

মন্ত্ৰীসকল

ৰঞ্জিত কুমাৰ দাস : কামৰূপ

অতুল বৰা : গোলাঘাট

উর্খাও গৌৰা ব্রহ্ম : বাক্সা

চন্দ্রমোহন পাটোৱাৰী : যোৰহাট

পৰিমল শুক্লবৈদ্য : হাইলাকান্দি

কেশৱ মহন্ত : তেজপুৰ

ডাঃ ৰণোজ পেগু : নগাঁও়

অশোক সিংহল : নলবাৰী

যোগেন মহন : ডিব্রুগড়

সঞ্জয় কিষাণ : তিনিচুকীয়া

অজন্তা নেওগ : শিৱসাগৰ

পীয়ূষ হাজৰিকা : লখিমপুৰ

বিমল বৰা : মঙলদৈ

নন্দিতা গার্লোচা : শিলচৰ

জয়ন্তমল্ল বৰুৱা : ধুবুৰী

 

বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো : কোকৰাঝাৰ

কার্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী তুলিৰাম ৰংহাং : ডিফু

উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী দেৱলাল গার্লোচা : হাফলং

বিটিচিৰ উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰী : ওদালগুৰি

You might also like