নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল গগৈৰ বিৰুদ্ধে পুনৰ চলিব গোচৰ: ২৩ ফেব্রুৱাৰীত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ১০ফেব্ৰুৱাৰী: মাওবাদীৰে সম্পর্ক ৰখাৰ অভিযোগত গ্রেপ্তাৰ হোৱা বিধায়ক অখিল গগৈৰ বিপদ এতিয়াও আঁতৰি যোৱা নাই৷ ‘নিয়া’ৰ বিশেষ আদালতে এই গোচৰত দোষমুক্ত কৰিলেও উচ্চ ন্যায়ালয়ত বিধায়ক গগৈয়ে ৰেহাই নাপালে৷ ‘নিয়া’ই দাখিল কৰা এখন আবেদনৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে গগৈৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাটোক পুনৰ তদন্ত কৰিবলৈ অনুমতি প্রদান কৰিছে৷ বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে অখিল গগৈ আৰু তেওঁৰ তিনি সতীর্থক দোষমুক্ত কৰি নিম্ন আদালতে প্রদান কৰা ৰায় খাৰিজ কৰি গোচৰটো পুনৰ খুলিবলৈ অনুমতি প্রদান কৰে৷ অখিল গগৈৰ উপৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা ধৈর্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালৰ বিৰুদ্ধেও নিয়াই পুনৰ তদন্ত কৰিবলৈ অনুমতি লাভ কৰিছে৷ অহা ২৩ ফেব্রুৱাৰীত গগৈসহ চাৰি অভিযুক্তক নিয়াৰ বিশেষ আদালতত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে৷ ইয়াৰ লগে লগে নিয়াই শিৱসাগৰৰ বিধায়ক অখিল গগৈক গ্রেপ্তাৰ কৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ কিয়নো এই গোচৰটোত গগৈৰ বাহিৰে আন অভিযুক্তসকলে জামিন লাভ কৰিছে যদিও অখিল গগৈয়ে জামিন আবেদন দাখিল কৰা নাছিল৷ অৱশ্যে ২৩ ফেব্রুৱাৰীত হাজিৰ হোৱাৰ সময়ত নিয়াৰ বিশেষ আদালতত জামিন আবেদন দাখিল কৰিব বুলি  অখিল গগৈয়ে সদৰী কৰিছে৷

উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি গগৈয়ে কয় যে ২৩ ফেব্রুৱাৰীত তেওঁ জামিন আবেদন দাখিল কৰিব৷ জামিন আবেদনৰ সেই দিনা শুনানি হ’ব৷ নিয়াই জামিন নাকচ কৰিবলৈ হয়তো আবেদন দাখিল কৰিব৷ শুনানি অনুষ্ঠিত হ’লেহে জামিন প্রদান কৰা হ’ব নে নহ’ব, তাৰ সিদ্ধান্ত হ’ব৷ অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক উচ্চতম ন্যায়ালয়ত তেওঁ প্রত্যাহ্বান জনাব বুলিও  সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে৷ উচ্চ ন্যায়ালয়ে চাৰিজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ পুনৰ আৰম্ভ কৰিবলৈ নিয়াক অনুমতি প্রদান কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে ধাৰা আৰোপ কৰিবলৈও অনুমতি প্রদান কৰিছে৷ এই গোচৰটো পুনৰ নিয়াৰ বিশেষ আদালতত শুনানি লোৱা হ’ব৷

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনৰ সময়ত ২০১৯ চনৰ ডিচেম্বৰত গ্রেপ্তাৰ কৰা হৈছিল অখিল গগৈক৷ বিশেষকৈ এই আইনবিৰোধী আন্দোলন নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে গগৈক গ্রেপ্তাৰ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ পৰৱর্তী সময়ত নেচনেল ইনভেষ্টিগেচন এজেন্সীলৈ হস্তান্তৰ কৰা হয়৷ বে–আইনী কার্যকলাপ প্রতিৰোধ আইনৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে অখিল গগৈয়ে মাওবাদী কার্যকলাপ প্রসাৰ কৰাত সহযোগ কৰাৰ অভিযোগ উত্থাপন কৰা হয়৷ এই সন্দর্ভত নিয়াই অখিল গগৈ আৰু আন তিনি অভিযুক্তৰ বিৰুদ্ধে কেইবাখনো অভিযোগনামাও দাখিল কৰিছে৷ অৱশ্যে দীর্ঘদিনীয়া শুনানিৰ অন্তত নিয়াৰ আদালতে অভিযুক্তসকলৰ বিৰুদ্ধে সঠিক তথ্য–প্রমাণ দাখিলত ব্যর্থ হোৱা বুলি তেওঁলোকক দোষমুক্ত ঘোষণা কৰে৷ ২০২১ বর্ষৰ ১ জুলাইত অখিল গগৈ, ধৈর্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক নিয়াৰ বিশেষ আদালতে দোষমুক্ত বুলি ঘোষণা কৰে৷ ইয়াৰ পাছতে নিয়াৰ বিশেষ আদালতৰ ৰায়ক প্রত্যাহ্বান জনাই তদন্তকাৰী সংস্থটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ দীর্ঘদিন ধৰি অনুষ্ঠিত হোৱা শুনানিত আটাইকেইটা পক্ষৰ যুক্তি শুনাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি অখিল গগৈ আৰু আন তিনি অভিযুক্তৰ বিৰুদ্ধে পুনৰ ধাৰা আৰোপ কৰিবলৈ তদন্তকাৰী সংস্থাটোক অনুমতি প্রদান কৰে৷ অৱশ্যে অহা ২৩ ফেব্রুৱাৰীত অখিল গগৈ নিয়াৰ বিশেষ আদালতত হাজিৰ হোৱাৰ পাছত তেওঁক গ্রেপ্তাৰ কৰা হয় নে নহয়, সেয়া স্পষ্ট হৈ পৰিব৷

You might also like