নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেগিং বিতৰ্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ মুখ্য অধীক্ষক ড° কল্যাণ ভূঞাক অব্যাহতি

  • বিশ্ববিদ্যালয়ৰ প্ৰয়োগিক জীৱবিজ্ঞানৰ ড° দিগন্ত ভূঞাক অনাগত তিনি বছৰৰ বাবে দায়িত্ব

নিয়মীয়া বাৰ্তা,  ১৪ ফেব্ৰুৱাৰী: অৱশেষত বহু প্ৰতিক্ষাৰ অন্তত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ মুখ্য অধীক্ষক ড° কল্যাণ ভূঞাক তৎকালেই অধীক্ষকৰ পদৰ পৰা অব্যাহতি দিয়া হৈছে।উক্ত স্থানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰয়োগিক জীৱবিজ্ঞানৰ ড° দিগন্ত ভূঞাক অনাগত তিনি বছৰৰ বাবে কাৰ্যকৰী হোৱাকৈ হোষ্টেলৰ মুখ্য অধীক্ষকৰ পদত নিযুক্তি দিয়া বুলি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দ্বাৰা স্বাক্ষৰিত এক নিৰ্দেশনাত প্ৰকাশ।উল্লেখযোগ্য যে,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লগত পূৰ্বৰ মুখ্য অধীক্ষক গৰাকীৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰাৰ পাছতো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনে কোনো বিহিত ব্যবস্থা গ্ৰহণ নকৰাৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে যোৱা ৯ ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক পৃথকে পৃথকে দুখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি শ্ৰীঘেই ব্যবস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছিল।ফলত আচাৰ্য তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ হেঁচাত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই অৱশেষত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়।পূৰ্বৰ
মুখ্য অধীক্ষক গৰাকীৰ চৰম গাফিলতি আৰু অদূৰদৰ্শিতাৰ বাবেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছিল ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ৰেগিং ঘটনা।বাৰম্বাৰ অভিযোগ দাখিল কৰাৰ পাছতো তাৎক্ষণিকভাৱে কোনো পদক্ষেপ গ্ৰহণ নকৰাত বিশ্ববিদ্যালয়ৰ প্ৰথম ষাণ্মাসিকৰ ছাত্র আনন্দ শৰ্মা অমানুষিক অত্যাচাৰ আৰু নিৰ্যাতনৰ বলি হৈ আজি পৰ্যন্ত জীৱন মৃত্যুৰে যুঁজি একপ্ৰকাৰ পংগুত্বৰ জীৱন কটাব লগীয়াত পৰিছে।
উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিএনজিবি হোষ্টেলত বিৰ্গত বৰ্ষৰ(২০২২) ২৭ নৱেম্বৰৰ পুৱতি নিশা পৰ্যন্ত সংঘটিত ভয়ংকৰ ৰেগিং ঘটনাৰ বলি হৈ বিশ্ববিদ্যালয়ৰ ছাত্র আনন্দ শৰ্মাই বৰ্তমানেও পংগুত্ব জীৱন কটাব লগা হৈছে।অকথ্য আৰু অমানুষিক ৰেগিং কাণ্ডৰ বলি হৈ ছাত্ৰাবাসৰ তিনি মহলাৰ উপৰৰ পৰা প্ৰাণৰ মমতাত জঁপিয়াই জীৱন-মৃত্যুৰে আজি পৰ্যন্ত যুজি আছে। চিকিৎসকৰ আপ্ৰাণ প্ৰচেষ্টাত জীৱন ঘুৰি আহিল যদিও আছি পৰ্যন্ত সম্পূৰ্ণ সুস্থ হৈ উঠা নাই ছাত্ৰ আনন্দ শৰ্মা।

ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে উক্ত ৰেগিং ঘটনাৰে জড়িতৰ অভিযোগত ৭ জনকৈ ছাত্ৰক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা লগতে ৮ জন অভিযুক্তক বিশ্ববিদ্যালয়ৰ পৰা বহিস্কাৰ আৰু আগন্তুক তিনি বছৰৰ বাবে দেশৰ কোনো শিক্ষানুষ্ঠানতে অধ্যয়ন কৰিব নোৱাৰাৰ দৰে এক ঐতিহাসিক শাস্তি প্ৰদান কৰিছিল।কেৱল সিমানেই নহয়; ৰেগিংৰ ঘটনাৰ সৈতে জৰিত ১৮ জন ছাত্ৰক ছাত্ৰাবাসৰ পৰা বহিস্কাৰ কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ হোষ্টেল সমূহৰ অধীক্ষক সকলকো দায়িত্বৰ পৰা তৎকালেই অব্যাহতি দিছিল।কিন্তু অতি ৰহস্য জনক ভাবে হোষ্টেলৰ মুখ্য অধীক্ষক ড° কল্যাণ ভূঞাৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই লোৱা নাছিল কোনো পদক্ষেপ।ৰেগিংৰ বলি হোৱা আনন্দ শৰ্মাৰ অভিযোগ মতে স্নাতকোত্তৰ ছাত্র একতা সভাৰ প্ৰাক্তন সম্পাদক ৰাহুল চেত্ৰীয়ে লৈছিল ৰেগিংৰ সমগ্ৰ নেতৃত্ব।কিন্তু বিশ্ববিদ্যালয় ত্যাগ কৰা ৰাহুলে,কেনেকৈ হোষ্টেলত ৱাৰ্ডেনৰ অনুমতি নোহোৱাকৈ বাহৰ পাতিব পাৰিছিল ?এইবিলাক সকলো অৱগত হৈ হোষ্টেলত ৱাৰ্ডেন,প্ৰিফেক্ট বা অধীক্ষকে নিয়মীয়াকৈ বা সপ্তাহত পৰিদৰ্শন কৰি মুখ্য অধীক্ষকক জনোৱাৰ পাছতো কিয় নিৰব দৰ্শক হৈ আছিল অপসাৰিত মুখ্য অধীক্ষক ভূঞা ?কেতিয়াবা আকস্মিক পৰিদৰ্শন কৰিছিল নে?কোনো অতিথি হোষ্টেলত প্ৰৱেশ কৰিলে পঞ্জীয়ন বুকত লিপিবদ্ধ কৰা হৈছিল নে?হোষ্টেলত চিচি টিভিৰ প্ৰয়োজন নাছিল নেকি?ইত্যাদি ইত্যাদি হাজাৰ প্ৰশ্নৰ অৱতাৰণা হোৱাৰ লগতে মুখ্য অধীক্ষক গৰাকীক অভিযোগ দিয়া পাছতো ৰেগিংৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে তথা ড° কল্যাণ ভূঞাৰ চৰম গাফিলতীৰ বাবেই ৰাজ্য কপোঁৱা ভয়ংকৰ ঘটনাটো সংঘটিত হবলৈ পালে বুলি সঘনাই গুৰুতৰ অভিযোগ উৎথাপন হৈ আহিছিল। শেহতীয়াকৈ ড° কল্যাণ ভূঞাক অব্যাহতি দিয়া হয় যদিও বৰ্তমানেও বিশ্ববিদ্যালয় কতৃপক্ষই ৰেগিং ঘটনাৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰা বা শ্বেতপত্ৰ প্ৰকাশ নকৰা কাৰ্যৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like