মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত বিহুতলীৰ আদৰণি তোৰণৰ আধাৰশিলা স্থাপন
নিয়মীয়া বাৰ্তা, ২২ফেব্ৰুৱাৰী: মৰিগাঁৱৰ সমাজ জীৱন আৰু সাংস্কৃতিক দিশত এক গুৰুত্বপূৰ্ণ স্থান ৰূপে বিবেচিত হয় অহা ঐতিহাসিক মৰিগাঁৱ বিহুতলী ত আজি মৰিগাঁৱ ৰ অগ্ৰণী সমাজ সেৱক তথা মৰিগাঁও সদৰ বিহু সন্মিলনীৰ সম্পাদক মুকুল হাজৰিকা তথা তেওঁৰ পৰিয়ালবৰ্গই আগবঢ়োৱা এখনি আদৰণি তোৰণ ৰ আধাৰশিলা স্থাপন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মাই। মৰিগাঁৱ সদৰ বিহু সন্মিলনীৰ অন্যতম বিষয় ববীয়া জয়ন্ত ডেকাই আঁত ধৰা গাম্ভীত্য পূৰ্ণ অনুষ্ঠান টিত উপস্থিত থাকে মৰিগাঁও সদৰ বিহু সন্মিলনীৰ সভাপতি হৰেন্দ্ৰ বৰা, মৰিগাঁও জিলা পৰিসদৰ মুখ্য কাৰ্য বাহী বিষয়া খিটিছ চন্দ্ৰ পেগু, অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস, মৰিগাঁৱ জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা, মৰিগাঁৱ সদৰ বিহু সন্মিলনীৰ বিষয় ববীয়া ৰোহিনী হাজৰিকা, চিমল দেউৰী, ৰাজু শৰ্মা, কল্লোল বৰা, অজিত কুমাৰ শৰ্মা, সাগৰ হাজৰিকা, প্ৰভাত ডেকা প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখ্য মৰিগাঁও সদৰ বিহু সন্মিলনীৰ সম্পাদক মুকুল হাজৰিকা তেখেতৰ পত্নী জয়া হাজৰিকা তথা পৰিয়াল বৰ্গই তেওঁলোকৰ প্ৰয়াত পিতৃ পদ্ম কান্ত হাজৰিকা দেৱৰ স্মৃতিত এই তোৰণখন আগবঢ়োৱা বুলি ঘোষণা কৰে।