বাক্সাত সৰ্বশিক্ষাৰ অধীনত নীতি আয়োগ-পিৰামল ফাউণ্ডেশ্বনৰ তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ সৰ্বশিক্ষা অভিযানৰ অধীনত, নীতি আয়োগৰ উদ্যোগত আৰু পিৰামল ফাউণ্ডেশ্বনৰ সহযোগত তামুলপুৰ, বাস্কা, টিহু বৰমা আৰু জালাহত ৪ ফেব্ৰুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈকে শিক্ষকৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । এই প্ৰশিক্ষণত ভাষা আৰু গণিতৰ শিক্ষণত গুৰুত্ব প্ৰদান কৰা হয় ।তিনিদিনীয় প্ৰশিক্ষণ কাৰ্যসূচীত তিনিশৰো অধিক শিক্ষক আৰু চি আৰ চি চিয়ে অংশগ্ৰহণ কৰে ।
প্ৰশিক্ষণত কেনেদৰে শিশুক পাঠদান কৰোঁতে মনোৰঞ্জনৰ সহায়ত শৈক্ষিক ফলাফল অধিক ফলপ্ৰসূ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়া হয় । এই প্ৰশিক্ষণত Virtual Filed Support (VFS) আৰম্ভ কৰা হয় ।শিক্ষকসকলে এক বিনামূলীয়া নম্বৰত ফোন কৰি এই সেৱা গ্ৰহণ কৰিব পাৰে । একেদৰে অভিভাৱকসকলেও শিশুসকলক সাধুকথা শুনাবলৈ এই সেৱা গ্ৰহণ কৰিব পাৰে ।সাধুসমূহ হিন্দী, অসমীয়াত উপলব্ধ হোৱাৰ লগতে শীঘ্ৰে বড়ো ভাষাতো পোৱা যাব ।
সৰ্বশিক্ষা অভিযান মিছন আৰু পিৰামল ফাউণ্ডেশ্বনৰ কেইবাগৰাকীও সমল ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰে ।