নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছক লৈ চীনৰ ভূমিকাত সন্দেহ

মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছত আক্রান্ত ৬৩০জন লোকে এমাহৰো কম সময়ৰ ভিতৰতে প্রাণ হেৰুৱাইছে৷ ইয়াৰে চাৰি শতাধিক লোকৰ মৃত্যু হৈছে এই মাৰাত্মক ভাইৰাছৰ উৎপত্তিস্থল য়ুহানত৷ চীনৰ বাহিৰতো ইতিমধ্যে কেইবাজনো লোকৰ মৃত্যু হোৱাত বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোনা ভাইৰাছক লৈ যোৱা সপ্তাহতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে৷ বিভিন্ন দেশত গ্রহণ কৰা সতর্কতামূলক ব্যৱস্থাৰ বাবে ক’ৰোনা ভাইৰাছৰ সংক্রমণ যথেষ্ট পৰিমাণে প্রতিৰোধ কৰাটো সম্ভৱ হৈছে যদিও এতিয়াও এই ভাইৰাছৰ পৰা মানৱকুল নিৰাপদ বুলি ক’ব পৰা অৱস্থা অহা নাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ক’ৰোনা ভাইৰাছৰ সংক্রমণ অব্যাহত আছে যদিও এই ভাইৰাছ ত্বৰিৎ গতিত সংক্রমিত হৈছে বুলি কোৱাটো যথেষ্ট আগতীয়া হ’ব৷ সন্তুষ্টিৰ বিষয় যে দক্ষিণ এছিয়াৰ সকলো দেশে ব্যাপক তৎপৰতা গ্রহণ কৰিছে৷ ইয়াৰ মাজতে এই বাতৰিও প্রকাশ পাইছে যে থাইলেণ্ডৰ চিকিৎসা বিজ্ঞানীয়ে এই মাৰাত্মক ভাইৰাছবিধৰ ঔষধ উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে৷ আনহাতে অষ্ট্রেলিয়াত কর্মৰত এজন ভাৰতীয় চিকিৎসা বিজ্ঞানীয়ে ক’ৰোনা ভাইৰাছৰ ভেক্চিন উদ্ভাৱন কৰাৰ ওচৰ চাপিছে বুলিও সংবাদ মাধ্যমত বাতৰি প্রকাশ পাইছে৷ বিজ্ঞানৰ অগ্রগতিৰ বাবে আমি এটা কথাত নিশ্চিত হ’ব পাৰো যে এই ভাইৰাছৰ ভেক্চিন বা ঔষধ এটা সময়ত সহজলভ্য হ’বই৷ কিন্তু এই জটিল সময়ছোৱাত মানুহক মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা চৰকাৰসমূহে গ্রহণ কৰাটোৱে হ’ল আটাইতকৈ ডাঙৰ কথা৷ দুর্ভাগ্যৰ বিষয় যে জানুৱাৰী মাহত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাতৰি প্রকাশ পোৱাৰ পিছৰে পৰা চৰকাৰীভাৱে নহ’লেও সর্বত্র চীনৰ ভূমিকা সন্দর্ভত সন্দেহ সৃষ্টি হৈ আহিছে৷ গোটেই বিষয়টো চীনে গাপ দিয়াৰ চেষ্টা কৰিছিল নেকি, সেই বিষয়ে আৰম্ভণিৰে পৰা প্রশ্ণ উত্থাপিত হৈছিল৷ চীনে আৰম্ভণিৰ পর্যায়ত সংক্রমণ প্রতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ নির্দেশাৱলী মানি চলিছিল নে নাই, সেই বিষয়ে এতিয়াও চর্চা চলি আছে৷ এই নির্দেশাৱলীৰ এটা অন্যতম চর্ত হ’ল– যিকোনো ধৰণৰ নতুন ভাইৰাছৰ সন্ধান পালেই আন্তঃৰাষ্ট্রীয় পর্যায়ত ইয়াৰ তথ্য বিনিময় কৰা৷ কিন্তু চীনে যে এইক্ষেত্রত গাফিলতি কৰিছে তাৰ স্পষ্ট ইংগিত পোৱা গ’ল এজন আত্মোৎসর্গিত চিকিৎসকৰ শোকাৱহ মৃত্যুৰ পিছত৷
বৃহস্পতিবাৰে ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ মৃত্যুমুখত পৰে য়ুহানৰ ৩৪ বছৰীয়া চকু বিশেষজ্ঞ লি ৱেনলিয়াঙে৷ তেওঁৰ মৃত্যুৰ পিছতে এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ ইয়াকে লৈ সমগ্র চীনত এতিয়া তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ চীনৰ জনতাই প্রকাশ্যে অভিযোগ উত্থাপন কৰিছে যে দেশখনৰ চৰকাৰে এই ভয়াৱহ বীজাণুৰ পৰা দেশবাসীক আৰু বিশ্বৰ জনগণক ৰক্ষা কৰাৰ বাবে যিধৰণৰ পদক্ষেপ ল’ব লাগিছিল তেনে পদক্ষেপ ল’বলৈ সক্ষম হোৱা নাই৷ ইয়াৰ বাবে বিশ্ব সমুদায়ৰ আগত চীনে নিজৰ দোষ স্বীকাৰ কৰিবলৈ বাধ্য হ’ব বুলিও দেশখনৰ নাগৰিকেই আক্ষেপ প্রকাশ কৰিছে৷ লি আছিল ডিচেম্বৰত এই ভাইৰাছ সন্দর্ভত সতর্কবাণী প্রেৰণ কৰা আঠজন চিকিৎসকৰ ভিতৰত অন্যতম৷ কিন্তু তেওঁলোকৰ এই সতর্কবাণীৰ পিছতে স্থানীয় প্রশাসন আৰু আৰক্ষীয়ে গোটেই বিষয়টো গাপ দিবলৈ উঠিপৰি লাগিছিল৷ আনকি লিক আৰক্ষীয়ে সতর্ক কৰি দিছিল যে এনেধৰণৰ প্রচাৰ চলালে তেওঁৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হ’ব৷ কেৱল সেয়ে নহয়, এই সতর্কবাণী সম্পূর্ণ শুদ্ধ নহ’বও পাৰে বুলি লিখা এখন কাগজত স্বাক্ষৰ কৰিবলৈ তেওঁক বাধ্য কৰোৱা হৈছিল৷ নিজৰ দায়িত্বৰ প্রতি সচেষ্ট চিকিৎসকজনে এনে অপমান আৰু শোষণৰ পিছতো নিজৰ দায়িত্ব পালন কৰি এই মাৰাত্মক ভাইৰাছত আক্রান্ত ৰোগীক চিকিৎসা প্রদান কৰি গৈছিল৷ দুর্ভাগ্যৰ বিষয় যে ৰোগীক চিকিৎসা কৰাৰ বাবেই তেওঁৰ শৰীৰলৈ এই মাৰাত্মক বীজাণু সংক্রমিত হয় আৰু ক’ৰোনা ভাইৰাছে তেওঁৰ প্রাণ কাঢ়ি নিয়ে৷ লক্ষণীয় যে ক’ৰোনা ভাইৰাছ নিয়ন্ত্রণৰ ক্ষেত্রত বিশ্ব স্বাস্থ্য সংস্থা আৰু কেইবাজনো আগশাৰীৰ বিশেষজ্ঞই চীনক প্রশংসা কৰিছিল৷ কিন্তু সেয়া আছিল জানুৱাৰী মাহৰ মাজভাগৰ কথা৷ তাৰ আগতেই সত্যক লুকুৱাই ৰখাৰ বাবে প্রশাসনৰ চেষ্টাই এই বীজাণুৰ ব্যাপক সংক্রমণৰ পথ যে মুকলি কৰি দিলে তাত কোনো সন্দেহ নাই৷ এই ঘটনাৰ পিছত চীনৰ জনতাই অধিক স্বাধীনতা বিচাৰিও মাত মাতিছে৷ লক্ষণীয় যে বৃহস্পতিবাৰে চীনৰ ৱেব প’র্টেলত লিৰ মৃত্যুৰ বাতৰি প্রকাশ পোৱাৰ পিছতেই প্রশাসনৰ হস্তক্ষেপত আঁতৰাই দিয়া হৈছিল৷ এনে দমনমূলক কার্যৰ বাবেই এতিয়া ক’ৰোনা ভাইৰাছৰ নিয়ন্ত্রণক লৈ চীনৰ ভূমিকাত সন্দেহ গাঢ় হৈছে৷

You might also like