অনচূনী চিখেঁলৈ শ্রেষ্ঠ এছিয়ান চুটি ছবিৰ বঁটা
অনচূনী চিখেঁলৈ শ্রেষ্ঠ এছিয়ান চুটি ছবিৰ বঁটা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ জুন : ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বহুকেইটা বঁটা লাভেৰে ইতিমধ্যে চলচ্চিত্ৰ জগতখনত বিশেষভাৱে চচিত হোৱা ড’ পাৰ্থ সাৰথি মহন্তৰ অসমীয়া চুটি ছবি “অনচূনী চিখেঁই” এইবাৰ “শ্ৰেষ্ঠ এচিয়ান চুটি ছবি”ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে।
কালি চেন্নাইত সামৰণি পৰা “কল্পীউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎস”ত ছবিখনে এই বঁটা লাভ কৰে।
ড০ মহন্তৰ এটি কবিতাৰ আধাৰত নিৰ্মিত ছবিখনত এককভাৱে অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰসিদ্ধ অভিনেত্ৰী সীমা বিশ্বাসে। অভিনেত্ৰীগৰাকীৰ বলিষ্ঠ অভিনয়েৰে ছবিখনত ভাৰতৰ এগৰাকী যুৱতীৰ প্রত্যাহ্বানেৰে ভৰা কষ্টকৰ এক শক্তিশালী জীৱন-যাত্ৰাক চিত্ৰায়িত কৰা হৈছে।
জন্মৰ পৰা প্রাপ্তবয়স্কলৈ তেওঁ কিদৰে সমাজত বৈষম্যৰ সন্মুখীন হয়, তাৰ প্রকৃত ছবিখন ইয়াত প্রতিফলিত হৈছে। উল্লেখযোগ্য যে ড০ পাৰ্থ সাৰথি মহন্তই পৰিচালনা কৰা আৰু মীনা মহন্ত-ইন্দ্ৰাণী বৰুৱাই প্রযোজনা কৰা এই চুটি ছবিখনে জয়পুৰ চলচ্চিত্ৰ মহোৎসৱ, দিল্লী চলচ্চিত্ৰ মহোৎসৱ আৰু কলকতাত অনুষ্ঠিত ইনডিপেণ্ডেণ্ট চলচিত্ৰ মহোৎসৱত ইতিমধ্যে “শ্রেষ্ঠ চুটি ছবি”ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
তদুপৰি, ছবিখন কান চলচ্চিত্ৰ মহোৎসৱৰ “মাৰ্চে ডু ফিল্ম” (অনলাইন শাখা)ত প্রদৰ্শিত হৈছিল আৰু বিশ্বৰ বিভিন্ন দেশৰ দৰ্শকে ছবিখনক অতি উচ্চ প্রশংসা কৰিছিল।