নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ শুকুৰবাৰে বিস্তৃত কাৰ্যসূচীৰে যোৰহাটৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান দিল্লী পাব্লিক স্কুলত অনুষ্ঠিত হয় বাৰ্ষিক দিৱস । বিয়লি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত হয় কিংডমছ অৱ ড্ৰিমছ শীৰ্ষক বাৰ্ষিক অনুষ্ঠানটো । মুখ্য অতিথি যোৰহাট ৪১ ছাৱ এৰিয়া জি ও চি মেজৰ জেনেৰেল হৰিন্দৰ সিং, বিশিষ্ট অতিথি চি এছ আই আৰৰ সঞ্চালক ড০ জি নৰহৰি শাস্ত্ৰীদেৱ আৰু প্ৰোঃ ভাইচ চেয়াৰমেন নিতেশ জৈন আৰু নিশান্ত জৈনৰ উপস্থিতিত সৰস্বতী বন্দনাৰে আৰম্ভ এই বাৰ্ষিক কিংডমছ অৱ ড্ৰিমছ ।
ডিপিএছ যোৰহাটৰ অধ্যক্ষ আইভান জে এফ ভাসে বিদ্যালয়ৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা চাৰিখনকৈ নাটক মঞ্চস্থ কৰা হয় । ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত এই নাটক কেইখনত আলোকসজ্জা আৰু কাৰিকৰী কৌশলে বাৰুকৈয়ে আপ্লুত কৰে উপস্থিত দৰ্শকসকলক ।
উল্লেখ্য যে, এই অনুষ্ঠানতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মনালিছা সিং বৰঠাকুৰে যোৰহাট ডিপিএছৰ সমূহ শিক্ষক-অভিভাৱক-কৰ্মচাৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিগৰাকী সদস্যক ধন্যবাদ জনোৱাৰ লগতে যোৰহাটৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলৰ সহযোগিতাক শলাগ লয় ।