নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰ আৰক্ষীৰ জালত হানী ট্রেপিং চক্রৰ মাষ্টাৰ মাইণ্ডসহ ৩

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ  উজনি অসমৰ কেউখন জিলাৰ লগতে শিৱসাগৰ জিলাতো দীর্ঘদিনৰ পৰা হানী ড্রেপিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিষয়া–কর্মচাৰীৰ পৰা লাখ লাখ টকা আদায় কৰি অহা কুখ্যাত হানী ড্রেপিং চক্রটোৰ বিৰুদ্ধে অৱশেষত চলিল শিৱসাগৰ আৰক্ষীৰ বৃহৎ অভিযান৷ শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিন্হাৰ পৰিকল্পনাত নৱনিযুক্ত সদৰ  অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰাৰ নেতৃত্বত জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া জ্যোতিষ ফুকনে চলোৱা অভিযানত  কৰায়ত্ত কৰা হানী ড্রেপিং চক্রটো হ’ল চৰিফুল আলী, নাচিম আলী আৰু মাজির্না বেগম৷ শিৱসাগৰ, যোৰহাট, ডিব্রুগড, নাজিৰা, চৰাইদেউ আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা হানী ড্রেপিং চক্রৰ মাষ্টাৰ মাইণ্ড চৰিফুল আলী আজি আৰক্ষীৰ জালত পৰাৰ ঘটনা নিশ্চিতভাৱে শিৱসাগৰ আৰক্ষীৰ বাবে এক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে৷ প্রাপ্তবাতৰি মতে, টীয়কৰ এখন চাহ বাগিচাত কর্মৰত  তথা এমৱে’ নামৰ এটা বহুজাতিক প্রতিষ্ঠানৰ এজেণ্ট জনৈক হীৰেন বৰাক মহিলাক টোপ হিচাপে ব্যৱহাৰ কৰি ব্লেকমেইলিঙেৰে ধন সংগ্রহৰ  চেষ্টা চলাওঁতেই আৰক্ষীৰ কৌশলী অভিযানত মাষ্টাৰ মাইণ্ড চৰিফুলসহ হানী ড্রেপিং চক্রটোক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয় ৷অৱশ্যে চক্রটোৰ খলনায়িকা খ্যাত বহুৰূপী ৰিম্পী বর্তমান কলকতাত আত্মগোপন কৰাৰ বাতৰি পোৱা গৈছে৷ প্রাপ্ত বাতৰি মতে, বাগিচাৰ প্রবন্ধক  হীৰেন বৰা এমৱে’ এজেণ্ট হোৱা হেতুকে চক্রটোৰ ৰিম্পীৰ সৈতে চিনাকি হৈছিল হীৰেন বৰাৰ৷ বৰাক এমৱে’ৰ  ঔষধ ক্রয় কৰাৰ প্রলোভনেৰে  ৰিম্পী নামৰ  যুৱতীগৰাকীয়ে  যোৱা ৩ ফেব্রুৱাৰীত মাতি আনিছিল শিৱসাগৰ নগৰৰ সমীপৱর্তী জয়সাগৰ অঞ্চলৰ তলাতল ঘৰৰ সমীপলৈ৷ উক্ত স্থানত আগৰ পৰাই খাপপিটি থকা হানী ড্রেপিং চক্রৰ মূল নায়ক চৰিফুল আলী আৰু নাচিম আলীয়ে বৰাক  ধৰি যুৱতীগৰাকীৰ লগত অসৎ কাম কৰাৰ অভিযোগ আনি এই কথা ৰাজহুৱা কৰাৰ ভয় দেখুৱাই চল্লিছ হাজাৰ টকা আদায় দিয়াৰ দাবী কৰে৷ আন নালাগে বৰাক উক্ত কোঠাটোৰ ভিতৰত বলপূর্বক আবদ্ধ কৰাৰ লগতে মাৰধৰ কৰি ম’বাইলত অশ্লীল ফটো সংগ্রহ কৰি ব্লেকমেইলিং চক্রটোৰ  জালত পেলায়৷ ঘটনা সন্দর্ভত  হীৰেন বৰাই স্থানীয় জয়সাগৰ আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত শিৱসাগৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০বি/৪২০/৩৮৪ ধাৰাত ১৬১/২০২০ গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছিল ৷ম’বাইল ড্রেকিং পদ্ধতিৰে অৱস্থান নির্ণয় হোৱাৰ পাছতেই পুৱতিনিশা নামতি চাৰিআলিৰ পৰা চৰিফুলক কৰায়ত্ত কৰাৰ পাছতেই নআলিৰ ভাৰাঘৰৰ পৰা নাচিম আলী আৰু ৰংঘৰ চাৰিআলিৰ এটা ভাৰাঘৰৰ পৰা মর্জিনাক কৰায়ত্ত কৰে৷ আৰক্ষীয়ে এই হানী ড্রেপিং চক্রৰ লগত জডিত ৰিম্পী, জুলী, চাবিনাকে ধৰি কেইবাজনো অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷ ইফালে, হানী ড্রেপিং চক্রটোক আজি আদালতত হাজিৰ কৰাই অধিক জেৰাৰ বাবে ১০ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে ৫ দিনৰ জিম্মাত দিয়ে৷

You might also like