জনসাধাৰণৰ মূৰত কৰৰ বোজা: অসমত স্থাপন হ’ব ২৭খন টোলগেট
- কেন্দ্রীয় পথ পৰিবহণ–ঘাইপথ মন্ত্রালয়ৰ অনুমোদনলৈ অপেক্ষা
- বর্তমানে এনএইচএআইৰ অধীনত চলি আছে ৯খন–নির্মাণৰত অৱস্থাত আন ৯খন–৪খন নির্মাণৰ পৰিকল্পনা, ৫খন নির্মাণ সম্পূর্ণ হ’লেও হোৱা নাই কার্যকৰী
নিয়মীয়া বাৰ্তা, ৭এপ্ৰিল: দামবৃদ্ধিয়ে সর্বসাধাৰণক মাধমাৰ শোধাই অহাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি যোৱা ১ এপ্রিলৰ পৰা সমগ্র দেশৰ লগতে অসমতো বৃদ্ধি পাইছে টোলকৰ৷ প্রতিখন টোলগেটতে চলিত বিত্তীয় বর্ষৰ আৰম্ভণিৰ দিনটোৰ পৰাই টোলকৰৰ পৰিমাণ ৫ শতাংশৰ পৰা ১০ শতাংশলৈ বৃদ্ধি পাইছে৷ লঘু যান–বাহনৰ ক্ষেত্রত ৫ শতাংশ আৰু গধুৰ যান–বাহনৰ ক্ষেত্রত ১০ শতাংশলৈ টোলকৰৰ পৰিমাণ বৃদ্ধি কৰা হৈছে৷ ফলত যাত্রীভাৰাকে ধৰি সা–সামগ্রীৰ পৰিবহণ ব্যয় বৃদ্ধি পাইছে৷ বয়–বস্তুৰ দামবৃদ্ধিৰ সমান্তৰালকৈ টোলকৰৰ পৰিমাণ বৃদ্ধিয়ে জনসাধাৰণক চৰম অনিশ্চয়তালৈ ঠেলি নিয়াৰ সময়তে ৰাজ্যখনত ২৭খনকৈ টোলগেট স্থাপনৰ ব্যৱস্থা কৰিবলৈ ওলাইছে ভাৰতীয় ৰাষ্ট্রীয় ঘাইপথ কর্তৃপক্ষ (এন এইচ এ আই)ই৷ আজি বিধানসভাত বিধায়ক অখিল গগৈৰ এক লিখিত প্রশ্ণৰ উত্তৰত লোকনির্মাণ বিভাগে সদৰী কৰা অনুসৰি, বর্তমান অসমত ৯খন টোলগেট ভাৰতীয় ৰাষ্ট্রীয় ঘাইপথ কর্তৃপক্ষৰ অধীনত কার্যকৰী হৈ আছে৷ এন এইচ এ আই আৰু এন এইচ আই ডি চি এলৰ পৰা পোৱা তথ্য অনুসৰি, অসমত বর্তমান ৯খন টোলগেট নির্মাণৰ কাম চলি আছে আৰু ভৱিষ্যতে ৪খন টোলগেট নির্মাণৰ পৰিকল্পনা আছে৷ ইয়াৰ উপৰি অসমত ৫খন টোলগেট নির্মাণৰ কাম সম্পূর্ণ হৈছে, কিন্তু কার্যকৰী হৈ উঠা নাই৷ পৰৱর্তী সময়ত ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ৰ পৰা অনুমোদন পালে অসমত সর্বমুঠ ২৭খন টোলগেট হ’ব৷ ৰাজ্যত ২৭খনকৈ টোলগেট কার্যকৰী হোৱাৰ লগে লগে জনসাধাৰণ কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লাগিব, সেয়া সহজেই অনুমেয়৷ শ্রীৰামপুৰেৰে অসমত প্রৱেশ কৰাৰ লগে লগে নির্ধাৰিত স্থানত স্থাপিত প্রতিখন টোলগেটত কৰ আদায় দিওঁতে সর্বস্বান্ত হ’ব লাগিব জনসাধাৰণ৷ এই প্রসংগতে উল্লেখনীয় যে নেচনেল ৰোডছ ফী (ডিটাৰমিনেচন অৱ বেট্ছ এণ্ড কালেকচন) ৰুলছ ২০০৮ৰ অধীনত ভাৰতীয় ৰাষ্ট্রীয় ঘাইপথ কর্তৃপক্ষই প্রতিবছৰে টোলকৰৰ সংশোধনী ঘটাই আহিছে৷ ২০২২ চনৰ ১ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ ১০ৰ পৰা ১৫ শতাংশ টোলকৰ বৃদ্ধি কৰে৷ চলিত বিত্তীয় বর্ষত ১ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ টোলকৰৰ পৰিমাণ ৫ৰ পৰা ১০ শতাংশ বৃদ্ধি কৰে৷ ইয়াৰ ফলত এই এটা বছৰতে এখন টোলগেটতেই একোখন বাহনে ১০ৰ পৰা ৬০ টকা অতিৰিক্ত কৰ আদায় দিবলগীয়া হৈছে৷ এনেদৰে যদি একেখন বাহনে ৰাজ্যখনত প্রৱেশ কৰি ২৭খন টোলগেটত কৰ আদায় দিবলগীয়া হয়, কি পৰিস্থিতিৰ উদ্ভৱ হ’ব, সেয়া সহজেই অনুমেয়৷ ইয়াৰ সমান্তৰালভাৱে অত্যাৱশ্যকীয় সামগ্রীকে ধৰি সকলো সামগ্রীৰে দাম সমানুপাতিকভাৱে বৃদ্ধি পাব৷ কাৰণ সা–সামগ্রী কঢ়িয়াই অনা যান–বাহনসমূহেও টোলকৰৰ বাবদ অধিক ব্যয় বহন কৰিবলগীয়া হ’ব আৰু সেই ব্যয় গ্রাহকৰ ওপৰতে পৰিব৷ ৰাজ্যত ২৭খনকৈ টোলগেট স্থাপন কৰিবলৈ ওলোৱা কার্যৰ তীব্র বিৰোধিতা কৰি আজি বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই টোলগেটসমূহ দামবৃদ্ধিৰ প্রধান কাৰণ হৈ পৰিব৷ সেয়ে চৰকাৰে এই সিদ্ধান্ত প্রত্যাহাৰ কৰা উচিত৷ জনসাধাৰণকো টোলগেটৰ বিৰুদ্ধাচৰণ কৰিবলৈ তেওঁ আহ্বান জনায়৷ এখন সৰু বাহনে একোখন টোলগেটত ১৩৫ টকাকৈ আদায় দি ২৭খনকৈ টোলগেট অতিক্রম কৰিবলগীয়া হ’লে টোলকৰৰ বাবদ কিমান হাজাৰ টকা ব্যয় কৰিব লাগিব, সেয়া চিন্তনীয় বিষয়৷ সামগ্রী কঢ়িয়াই অনা ট্রাকসমূহৰ ক্ষেত্রত সেই টোলগেটৰ কৰৰ পৰিমাণ হাজাৰ হাজাৰ টকা হ’ব৷ টোলগেটৰ লগতে ছিণ্ডিকেট বাহিনীয়েও মূৰ দাঙি উঠিব৷ টোলগেটৰ কাষত ৱে ব্রীজ স্থাপন কৰি ছিণ্ডিকেট চলোৱাৰ ব্যৱস্থাও গঢ় লৈ উঠিছে বুলি তেওঁ মন্তব্য কৰে৷ আনহাতে, আজি সদনত লোকনির্মাণ বিভাগে ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ শিৱসাগৰ জিলাৰ জাঁজীৰ পৰা মৰাণলৈ চাৰিলেনযুক্ত পথ নির্মাণ সম্পর্কত কয় যে এনএইচআইডিচিএলৰ পৰা পোৱা তথ্য অনুসৰি, জাঁজীৰ পৰা ডিমৌলৈ টোলপ্লাজাসহ প্রকল্পটো ২০২৪ চনৰ ২২ মার্চত আৰু ডিমৌৰ পৰা মৰাণ বাইপাছলৈ প্রকল্পটো ২০২৪ চনৰ ২১ জুলাইত সম্পূর্ণ হোৱাৰ সম্ভাৱনা আছে৷ প্রকল্পৰ বাবে নিয়োজিত ইপিচি ঠিকাদাৰে অথৰিটী ইঞ্জিনীয়াৰৰ তত্ত্বাৱধানত কাৰিকৰী নির্দিষ্টতা অনুসৰি কামটো সম্পাদন কৰি আছে৷ ইপিনে, আজি সদনৰ প্রশ্ণোত্তৰ কালত বিধায়ক খলিলুদ্দিন মজুমদাৰৰ এক প্রশ্ণৰ উত্তৰত সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে কৰিমগঞ্জ জিলাৰ বদৰপুৰত বাইপাছ নির্মাণৰ বাবে এনএইচআইডিচিএলক দায়িত্ব দিয়া হৈছে৷ যোৱা ১৬ মার্চত তেওঁলোকক এই কামৰ আবণ্টন দিছে৷ কাছাৰ আৰু কৰিমগঞ্জ জিলা প্রশাসনৰ দ্বাৰা ভূমি হস্তান্তৰ কৰাৰ পাছত বাইপাছ নির্মাণকার্যৰ কাম আৰম্ভ হ’ব আৰু এয়া দুইৰ পৰা আঢ়ৈ বছৰৰ ভিতৰত সম্পূর্ণ হৈ উঠিব৷