বিশেষ বাৰ্তা, ৮ এপ্ৰিলঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমন কাৰ্যসূচীৰে অৰুণাচলৰ ভাৰত-চীন সীমান্ত পৰিদৰ্শন কৰিব।কেৱল সিমানেই নহয়,সীমান্তত নিয়োজিত ভাৰতী সেনা তথা স্থানীয় গাওঁবাসীৰ সৈতেও মত বিনিময় কৰাৰ কথা।ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত ১০ এপ্ৰিলৰ পুৱাই বায়ুসেনাৰ বিশেষ বিমানেৰে অৱতৰণ কৰাৰ পাছত ক্ষন্তেক জিৰনি লৈ পুনৰাই বায়ুসেনাৰ হেলিকপ্টাৰৰে অৰুনাচললৈ যাত্ৰা কৰাৰ কথা।যাৰ বাবে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্ত্তী এলেকাত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰি তোলা হৈছে।সূত্ৰৰ মতে অহা ১০ আৰু ১১ এপ্ৰিলত অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। য’ত তেওঁ ভাৰত-চীন সীমান্তৰ কিবিথু নামৰ এখন গাঁওত ‘ভাইব্ৰেণ্ট ভিলেজছ’ শীৰ্ষক এক আঁচনি আৰম্ভ কৰিব।ভাৰত-চীন সীমান্ত কিবিথুলৈ পথৰে প্ৰায় ৫০৫ কি:মি: পাহাৰৰ একা-বেকা বিপদসংকুল এক শিহৰণকাৰী যাত্ৰা!কিবিথু বা কিবিথুও!অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ এখন সৰু গাঁও।সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৪০৭০ ফুটত অৱস্থিত এই গাওঁ,ভাৰতৰ অন্যতম পূব প্ৰান্তৰ স্থায়ীভাৱে কম জনবসতিপূৰ্ণ এখন গাওঁ।চীন,ম্যানমাৰ আৰু ভাৰতৰ ত্ৰিবেণী সংগমত আছে এই অঞ্চল।সাধাৰণ ভাষাত কবলৈ গলে, ভাৰতীয় সেনাৰ দ্বাৰা অধ্যুষিত এক ক্ষুদ্ৰ অঞ্চল।অৰুণাচলৰ হাৱাইৰ জিলাৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ উত্তৰত, ভাৰত-চীন সীমান্তৰ এল এ চি (কাহো)ৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দক্ষিণে আৰু ভাৰত-চীন-ম্যানমাৰ ট্ৰাই-জংচনৰ ওচৰত ডিফু পাছৰ পৰা ৪০ কিলোমিটাৰ পশ্চিমে অৱস্থিত।কিবিথুৰ উত্তৰত থকা ভাৰতৰ পূৱ প্ৰান্তৰ প্ৰথমখন গাওঁ কাহোত লোহিত নদীয়ে,ড্ৰেগনৰ দেশ চীন মহাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছে।ইয়াৰ নিকটতম বিমান সংযোগ দক্ষিণে ২০ কিলোমিটাৰ দূৰত্বত ৱালঙৰ ৱালং বিমানবন্দৰ।সুউচ্চ পাহাৰ আৰু খৰস্ৰোতা লোহিত নদীৰ পাৰত অৱস্থিত এই বন্দৰৰ পৰা ঘাইকৈ সেনাৰ লঘূ-গধুৰ বিমান অনায়াসে চলাচল কৰিব পাৰে।১৯৬২ চনত ৰঙা চীনৰ আগ্ৰাসানৰ ভূমিকা হয়তো সকলোৰে জ্ঞাত।চীনে ঘাইকৈ অৰুণাচলৰ (তেতিয়াৰ নেফা) তাৱাং,বমডিলা আদি অঞ্চলকে সামৰি পূৱ প্ৰান্তৰ আনজাও জিলাৰ নামতি পথাৰ( প্লেইনচলৈ ) আগবাঢ়ি আহি যুদ্ধ কৰিছিল।সেই যুদ্ধৰ স্বাক্ষৰ আজিও বিৰাজমান।সেই সময়ত ৱালং যুদ্ধত নামটিত প্ৰায় ৪০০০ চীনা সৈন্যক হত্যা কৰাৰ পূৰ্বে তাত বহু ভাৰতীয় সৈন্যই নিজ দেশ ৰক্ষাৰ্থে প্ৰাণ আহুতি দিছিল।কিবিথু, টাটু,টিথাংৰ বিপৰীতে আৰু টিথাং (ৰিমা)ৰ পশ্চিমে থকা ৰংটোচু উপত্যকাত এতিয়াও ৰঙা চীনৰ সেনাবাহিনী যথেষ্ট পৰিমানে নিয়োগ হৈ আছে।আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে ২০২২-২৩ৰ পৰা ২০২৫-২০২৫ চনৰ বিত্তীয় বৰ্ষৰ বাবে একান্তভাৱে পথ সংযোগৰ বাবে ২৫০০ কোটি টকাকে ধৰি ৪৮০০ কোটি টকাৰ কেন্দ্ৰীয় উপাদানৰে ‘ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম’ (ভিভিপি)ত অনুমোদন জনাইছে।ভিভিপি হৈছে কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনিৰ অধীনত অৰুণাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ ৰাজ্যৰ উত্তৰ সীমান্তৰ লগত সংলগ্ন ১৯ খন জিলাৰ ৪৬ টা ব্লকৰ ২৯৬৭ খন গাঁওক ব্যাপক উন্নয়নৰ বাবে চিনাক্ত কৰা হৈছে। ভিভিপিয়ে চিনাক্তকৃত সীমান্ত গাঁওসমূহত বাস কৰা লোকসকলৰ জীৱনৰ মান উন্নত কৰাত সহায় কৰিব আৰু মানুহক নিজৰ জন্মস্থানত থাকিবলৈ উৎসাহিত কৰিব।যাৰ ফলত এই গাঁওসমূহৰ পৰা বহিঃপ্ৰব্ৰজন ওলোটা হ’ব আৰু সীমান্তৰ নিৰাপত্তা বৃদ্ধি পাব।ইফালে অমিত শ্বাহে,কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে অৰুণাচল প্ৰদেশ ভ্ৰমণৰ প্ৰথমটো ভ্ৰমণত অহা ১০ এপ্ৰিলত কিবিথুত “সোণ জয়ন্তী সীমান্ত আলোকসজ্জা কাৰ্যসূচী”ৰ অধীনত নিৰ্মিত ৰাজ্য চৰকাৰৰ ৯ টা মাইক্ৰ’ হাইড্ৰেল প্ৰকল্প উদ্বোধন কৰিব।এই বিদ্যুৎ প্ৰকল্পসমূহে সীমান্তৰ গাঁৱত বসবাস কৰা লোকসকলক বিশেষভাবে সবলীকৰণ কৰিব।লিকাবালি (অৰুণাচল প্ৰদেশ), চাপৰা (বিহাৰ), নুৰানাড (কেৰালা) আৰু বিশাখাপট্টনম (অন্ধ্ৰপ্ৰদেশ)ত আন্তঃগাঁথনি বৃদ্ধিৰ বাবে ভাৰত-তিব্বতী সীমান্ত আৰক্ষী (আই টি বি পি) প্ৰকল্পও ভাৰ্চুৱেলি উদ্বোধন কৰাৰ কথা।জানিব পৰামতে অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ কিবিথুতো আই টি বি পিৰ জোৱানৰ সৈতেও মত বিনিময় কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।তাৰোপৰি সীমান্ত জিলাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে নিৰ্মাণ কৰা সামগ্ৰীৰ প্ৰদৰ্শনীও অনুষ্ঠিত হ’ব। য’ত শ্বাহে প্ৰদৰ্শনী ষ্টলসমূহ পৰিদৰ্শন কৰি মহিলা আত্মসহায়ক গোটবিলাকক উৎসাহিত কৰিব।পৰিদৰ্শনৰ শেষৰ দিনা অৰ্থাৎ ১১ এপ্ৰিলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচলৰ আনজাও জিলাৰ নামতি পথাৰ পৰিদৰ্শন কৰি ৱালং যুদ্ধৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰ হৈ দিল্লীলৈ উভতি যোৱাৰ কথা।
প্ৰেৰক বিভাস দুৱৰা