পাটাছাৰকুছি শাখা সাহিত্য সভাত “নিজৰ দিন” পালন
- ১১ গৰাকী বিশিষ্ট ব্যক্তিক ৰাজহুৱা সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ বিভিন্ন সময়ত ভিন ভিন ক্ষেত্ৰত উঠা অভিযোগ-প্ৰতিঅভিযোগৰ ৰেহ-ৰূপলৈ চাই অসম সাহিত্য সভা যে এনে দুঃসময়ৰ পৰা আকৌ গা টঙাই উঠিব পাৰিব সেই আশা বেছিভাগ লোকেই এৰি দিছিল । কিন্তু শেহতীয়াভাৱে পাটাছাৰকুছি শাখা সাহিত্য সভাৰ কাৰ্যক্ৰমণিকাৰ প্ৰতি পাটাছাৰকুছিৰ ৰাইজৰ অকুণ্ঠ সঁহাৰিত অসম সাহিত্য সভাত আকৌ নতুন প্ৰভাত হোৱাৰ ইংগিত বহন কৰিছে৷
অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা , পাটাছাৰকুছি শাখা সাহিত্য সভাৰ এলেকাধীন সাহিত্যপ্ৰেমিকসকলৰো অনুৰাগ পূৰ্বতকৈ বৃদ্ধি হোৱা দেখা গৈছে । কালি পহিলা ব’হাগত অসম সাহিত্য সভাৰ উদ্যোগত আৰু পাটাছাৰকুছি শাখা সাহিত্য সভাৰ সহযোগত ৰাজহুৱাভাৱে “নিজৰ দিন” পালন কৰা হয় এঘাৰগৰাকী বিভিন্ন ক্ষেত্ৰৰ যোগ্য আৰু সমাজৰ দহৰ মাজৰ এজন হোৱা বয়োজ্যেষ্ঠ লোকক নিজৰ দিনটোত শাখাৰ তৰফৰ পৰা অসম সাহিত্য সভাৰ ওলগনি পত্ৰ , অসমীয়াৰ স্বাভিমান ফুলাম গামিচা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় । ৰাজহুৱা সম্বৰ্ধনা জনোৱা ব্যক্তিসকলৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃষক গৌৰী ডেকা , অসম দেৱদামোদৰ সংঘৰ প্ৰাক্তন সভাপতি তথা শ্ৰী শ্ৰী দেৱদামোদদেৱৰ প্ৰিয় শিষ্য তথা বজালীৰ আদিসত্ৰ স্থাপন কৰোঁতা শ্ৰী শ্ৰী ভগৱানদেৱ বঁটা প্ৰাপক হৰেকৃষ্ণ গোস্বামী , এসময়ৰ আগশাৰীৰ ফুটবল খেলুৱৈ তথা কৃতী শিক্ষক হৰিশ গোস্বামী , নব্বৈৰ উৰ্ধৰ সক্ৰিয় কৃষক দেৱেন্দ্ৰ নাথ হালৈ , অৰুণাচল প্ৰদেশ চৰকাৰৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাপ্ৰাপক তথা ভাৰত চৰকাৰৰ পৰা ব্ৰঞ্জৰ পদকপ্ৰাপ্ত তথা পাটাছাৰকুছি শিৱধাম পৰিচালনা সমিতিৰ সভাপতি নলিনী শৰ্মা , বিতচকু অবিহনে আজিও তাঁতৰ শালত ভিন্নৰঙী ফুল তুলিব পৰা শিপিনী ধনেশ্বৰী দেৱী , তিনিখনকৈ গ্ৰন্থৰ লেখিকা ভৱানী হালৈ , প্ৰায় দহখন গ্ৰন্থৰ প্ৰণেতা সাহিত্যিক তথা কৃতী শিক্ষক সুৰেন্দ্ৰ নাথ লাউজাৰী , প্ৰাক্তন অধ্যক্ষ তথা লেখক মতিৰাম ৰয় , সমাজকৰ্মী তথা কৃতী শিক্ষক কিৰণ শৰ্মা আৰু অসমৰ বৌদ্ধিক পৰিমণ্ডলৰ অন্যতম কাণ্ডাৰী পাটাছাৰকুছি বিদ্যাপীঠৰ সোণালী যুগ ( Golden age ) ৰ কৃতী শিক্ষক নলিনী কুমাৰ শৰ্মা অন্যতম ,পাটাছাৰকুছি শাখা সভাৰ সভাপতি দিলীপ কুমাৰ ৰয়ৰ সভাপতিত্বত আৰু পাটাছাৰকুছি উন্নয়ন সমিতিৰ কাৰ্যালয়ত বিশিষ্ট লোককেইগৰাকীৰ লগতে বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মুনীন্দ্ৰ নাৰায়ণ গোস্বামী , পাটাছাৰকুছি শাখা সভাৰ প্ৰাক্তন সভাপতি ৰবীন শৰ্মা , বিশিষ্ট পুথি প্ৰকাশক তথা ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত ক্ৰীড়া সংগঠক শ্ৰীপদ চৌধুৰীক শাখা সাহিত্য সভাৰ প্ৰতিগৰাকী বিষয়বৱীয়াই সেৱা জনায় আৰু তেওঁলোকে আটাইকে মৰম জনাই মনৰ অনুভৱ ব্যক্ত কৰে । শাখা সভাৰ সম্পাদক হীৰেন্দ্ৰ নাথ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সম্বৰ্ধনা অনুস্থানটোৰ আঁত ধৰে সহকাৰী সম্পাদক নিতুল শৰ্মাই৷ শাখাৰ উপ-সভাপতিদ্বয় ক্ৰমে হিতেশ চন্দ্ৰ গোস্বামী, ভৱেশ গোস্বামী, সহকাৰী সম্পাদকদ্বয় গৌতম গোস্বামী আৰু দিগন্ত গোস্বামীয়ে সম্বৰ্ধনা অনুষ্ঠানত সহযোগ কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে “চিৰ চেনেহী মোৰ ভাষা জননী” গীত পৰিৱেশন কৰাৰ লগতে শেষত জাতীয় সংগীত পৰিৱেশন কৰা হয় ।
উল্লেখ্য যে বিশিষ্ট পুথি প্ৰকাশক আৰু বিক্ৰেতা “বাণী প্ৰকাশ” গোষ্ঠীৰ অন্যতম তথা অসম চৰকাৰৰ কৃতী ক্ৰীড়া সংগঠক বঁটাপ্ৰাপক শ্ৰী পদ চৌধুৰীক বৰপেটা জিলা সাহিত্য সভাৰ তৰফৰ পৰা এই সন্মান জনোৱা হয় ।
উৎপল মেধি