বিশেষ লেখা : বিহুৰ ওলগ
মালিনী গোস্বামী
ঋতু বাগৰিল, আকৌ ব’হাগ বিহু আহিল, পাৰ হৈ গ’ল, ম’বাইলবোৰত এৰি গ’ল বিহুৰ বহু ধৰণৰ সম্ভাষণ৷ এতিয়া সেইবোৰ ডিলিট কৰাৰ সময়৷ প্রত্যেকটো বিহু বার্তাত সদ্ভাব আৰু আন্তৰিকতা লিপ্ত হৈ আছে৷ তাৰে কিছুমান বার্তাই আশংকা আৰু সন্দেহ কঢ়িয়ায়ো আনিছে৷ বিহু এতিয়া বিশ্বব্যাপী পৰিচিত হ’ব৷ বিহুৰ ওলগ যাতে বিকৃত ৰূপত বিয়পিব নোৱাৰে, তাৰ বাবে আমি সাৱধান হোৱাৰ পৰ আহিছে বুলি ভাব হৈছে৷ সেয়ে তলত দুকলম আগবঢ়ালোঁ৷
মোলৈ আৰু আপোনালৈও বিহুৰ ওলগ আহিছে বহু ৰূপত৷ Ulag, Ulog, Alogli, Alagi ইত্যাদি অনেক ৰূপ অর্থাৎ অসমীয়াত লিখিলে আমি ওলগ পালোঁ, উলগ, উলোগ, ওলোগ, উলঘ ইত্যাদি বহু ৰূপত৷ এটা বার্তাত বিহুৰ বাবে অলগ আহিছে৷ হিন্দীত শব্দটোৰ অর্থ হ’ল আঁতৰি যোৱা, বিচ্ছিন্ন হোৱা, বার্তাটোও আহিছে এজন হিন্দীভাষী বেংকৰ উচ্চ বিষয়াৰ পৰা৷ একতাৰ উৎসৱত শুভেচ্ছা ৰূপে অহা বিচ্ছিন্নতাৰ বার্তা–Bihur alag jonalo. তেওঁলোকে অসমীয়া এজনক আসামি/আচামী defendant) বুলিছিল৷ শুধৰাবলৈ ভালেমান লিখা–লিখি, বাক্–বিনিময় কৰিবলগীয়া হ’ল৷
শব্দশক্তি বৰ পৰাক্রমী৷ সেয়েহে শব্দব্রহ্ম অতি প্রভাৱশালী কিন্তু নিত্য নহয়৷ ইহঁতে অতি সঘনে অর্থ সলায়৷ বৰ স্বেচ্ছাচাৰী৷ সেয়ে জাতি সলায়, ৰূপ সলাই ভাল পায়৷ শব্দ এটা ওপজোতে অর্থ এটা লৈহে ওপজে, কিন্তু একেটা শব্দই কওঁতা, শুনোতা, পৰিস্থিতি আদিত সুবিধা বুজি নতুন নতুন অর্থ গ্রহণ কৰে আৰু কেতিয়াবা পুৰণি অর্থ সমূলি ত্যাগ কৰে৷ কথাটো স্পষ্ট হ’বলৈ এটা উদাহৰণ দিছোঁ– ‘সভা এখনৰ বাবে বা পূজা–বিহুৰ বাবে ‘মালা’ আনিবলৈ কাৰোবাক ক’লে আনোতাজনে স’ততে ‘ফুলৰ মালা’কেইডালমানকে লৈ আহিব৷ কিন্তু মালা মানে জানো ‘ফুলৰ হাৰ’? কিয়? পর্বতমালা, মেঘমালা, বলাকামালা, জোতাৰ মালা আদি শব্দৰ প্রচলন আৰু ব্যৱহাৰ আৰু তাৰ কথিত, লিখিত ৰূপ আমাৰ পৰিচিত নহয়নে? হয়৷ আচলতে মালা শব্দই তাৰ উদাৰতা ত্যাগ কৰি সংকীর্ণ অর্থকে লৈ সন্তুষ্ট হ’বলৈ ল’লে৷ অর্থ–সংকোচনৰ ফলত শ্রেণীবোধক মালা শব্দই ‘ফুলৰ হাৰ’– এনে অর্থহে দিবলৈ ল’লে৷ এই পৰিৱর্তনৰো এক দীঘলীয়া ইতিহাস আছে৷ প্রত্যেকটো শব্দৰে পিছফালে একোটা ইতিহাস থাকে সকলো ভাষাতে৷ শব্দৰ পৰিৱর্তনে ইতিহাসৰ বিৱর্তন ধৰি ৰাখে৷
‘ওলগ’ শব্দটো নিতান্তই অসমীয়া আৰু একান্তই অসমীয়াৰ৷ আমাৰ বাহিৰে আন ঠাইৰ লোকে ‘ওলগ’ যাঁচে বুলি জনা নাযায়৷ অসমীয়া ভাষাৰ লাৱনী ৰূপটো শব্দটোত প্রতিফলিত হৈছে৷ বিহুৰ ৰমনীয়তা, কমনীয়তা, বসন্ত ঋতুৰ কোমলতা আৰু মধুৰতাও, পিত পিতকৈ বিচাৰিলে শব্দটোত ওলাব৷ সাহিত্যতত্ত্বৰ গুণ–ৰীতিৰ সূত্রত পেলায়ো বিহুৰ লগত জড়িত শব্দবোৰৰ ঋতু–সাযুজ্য প্রমাণ কৰিব পাৰি৷ কিন্তু হিন্দীভাষী বিষয়া–বন্ধুৱে আগতে ‘বিহু কা বধাই হো’ বুলি শুভেচ্ছা জনাইছিল যদিও ম’বাইলতে দেখি–শুনি–শিকি–বুজি ‘বিহু কা অলগহো’ বুলি ক’বলৈ সুবিধা পালে৷ ঐক্যৰ উৎৱত, অজানিতে হ’লেও, বিচ্ছিন্নতা কামনা কৰি শব্দটোৰ বাবে এক অনিশ্চিত আৰু শংকাগ্রস্ত অর্থ–দ্যোতনা দি গ’ল৷ সি তেনেকৈ প্রচলিত হৈ পৰিলে ভৱিষ্যতলৈ এক প্রমাদগ্রস্ত বার্তাহে এৰি যাব বুলি শংকা হয়৷
মন কৰা যায় যে অসমৰ প্রতিটো সমস্যাই ‘খুঁটি পুতি উজুতি খোৱা’ বিধৰ৷ অসমীয়া ভাষাই বহুবাৰ এনে উজুতি খাই খাইহে আগবাঢ়িব পাৰিছে৷ দৈত্যাৰি ঠাকুৰৰ চৰিতত (পদ সংখ্যা) শ্রীমাধৱদেৱেও উজুতি খোৱা ভাষাটোক হাতত ধৰি তুলি ধৰাৰ খবৰ পোৱা যায়৷ ঊনবিংশ শতিকাৰ ঢ়েকিয়াল ফুকন, বেজবৰুৱা, গোস্বামী, বৰা, বৰুৱা প্রমুখ্যে ভাষা প্রতিষ্ঠাৰ বাবে অহোপুৰুষার্থ কৰাসকলৰ সংগ্রামৰ কাহিনী অসমীয়া লোকে জানে৷ নজনাসকলে ইংৰাজীতে পঢ়াৰ সুবিধা এতিয়া বহুতবোৰ হৈছে৷ পূর্বৰ সেইবোৰ অভিজ্ঞতাকে সুঁৱৰি ক’ব খোজোঁ এইবাৰ বিশ্ব দৰবাৰলৈ বুলি ওলাই যোৱা বিহুটোৰ যাত্রাপথ কণ্টকমুক্ত হওক৷ কাৰণ বিহুৱে লগত লৈ ওলাব এজাক শব্দ৷Bihu যাতে Behu/Beehu/Bihoo নহয়৷ ৰঙালী বা Rangali যাতে Ranggali/Rongali নহয় তাৰ বাবে আমিবোৰহে কোঢ়ামুঠীয়া হ’ব লাগিব৷
কথাত কথা বাঢ়ে৷ বৰকৈ নকওঁ বুলি ভাবিলেও আৰু এটা কথা কৈ থওঁ আমাৰ বিহুটো ‘ৰঙালী’Rangaliহে৷ ৰোঙালীRonggali/Rongali নহয়৷ (=0, যেনে–Golaghat, Jorhat, Golok, Bonda) সেই যুক্তিতে Olag ৷ তেনেকে ৰঙালি (অ= A, যেনে–Assam, Param, Bardowaa, Barpeta) আমেৰিকাৰ পৰা অহা এটা বার্তাতহে এই বানান পালোঁ৷ মনত ৰখা উচিতProper naun বা নামবাচক বিশেষ্য নিজৰ ইচ্ছাত লিখিব পৰা সূত্রটো ইংৰাজী ভাষাৰ ক্ষেত্রতহে খাটে৷ ভাৰতীয় ভাষাই নামানে৷
শব্দ এটাত শ্রুতিগত অর্থৰ লগতে ভাব, অনুভৱ তথা ৰং–ৰূপো বিচাৰি পোৱা যায়৷ ৰঙালি বিহুটোও ৰঙৰ বা আনন্দৰ৷ সেয়েহে ব’হাগ বিহুটিয়ে ৰঙেৰে, আৱেগেৰে, আনন্দেৰে অনুৰাগেৰে ভৰপূৰ হৈ আহি চেনেহ, পীৰিতি, সম্ভাষণ আৰু ওলগ যঁচাৰ কথা কয়৷ ইয়াত ভোগ–সুখৰ পূর্ণতা নাই৷ ব’হাগত পথাৰত কঠীয়া পাৰেহে৷ বৰষুণ, খেতি, শস্য কামনাৰে গীত–মাত গায়৷ গতিকে ই ভোগালী নহয়, ই ভোগ–সুখৰ নহয়৷ happy rangali bihu নহয়৷ যুক্তিৰে অৱশ্যে কওঁতাই ক’ব যে Happy new year, Marry Christmasৰ পার্থক্য কিন্তু বুজো আৰু মানো) এইবোৰ ভাবি ভাবি কোনেনো কথা ক’ব? কথা–বতৰা স্বতঃস্ফূর্ত বিনিময়৷ সি ঠিকেই৷ কিন্তু কথা কয় বোধ–বিবেচনা থকা মানুহে৷ শব্দ ৰচিত বা মুদ্রিত হয় শব্দশাস্ত্রীৰ বুদ্ধিৰ ছেৰাশালিত৷ বুদ্ধিমানৰ মুখত শব্দ এটা উচ্চাৰণ হওঁতেই শব্দটোৱে পৰিৱেশ, পৰিস্থিতি, বক্তা, শ্রোতা, সকলোখিনিৰ লগত খাপ খোৱা ৰূপ একোটা আয়ত্ত কৰি লয় আৰু লক্ষ্য–উদ্দেশ্য নিৰূপণ কৰি পেলায়৷ (‘কুকুৰ’ আৰু ‘কুক্কুৰ’ শব্দ দুটা উচ্চাৰণ কৰি চাওক৷ নিজে বুজি পাব কাক, ক’ত, কেতিয়া, কি পৰিস্থিতিত আপুনি শব্দ দুটা প্রয়োগ কৰিব পাৰিব৷ ব্যাখ্যা নিষ্প্রয়োজন৷) সেইমতে সকলো শব্দই নিজৰ নিজৰ প্রয়োজনীয় যুক্তি প্রয়োগ কৰে৷ কওঁতাই বা লিখোতাই তাক বুজিবলৈ চেষ্টা কৰিব লাগে৷
বিশ্বমঞ্চলৈ আগবাঢ়ি যোৱা শব্দবোৰ কেনীয়ান, মেক্সিকান, হাৱায়ান ৰূপ লৈ যাতে আমালৈকে বুমেৰাং হৈ ঘূৰি নাহে তাৰ বাবে আমিয়ে সাৱধান হ’ব লাগিব৷ বিহু বিজড়িত শব্দবোৰে আন্তর্জাতিকতা আয়ত্ত কৰাৰ আগতেই অসমীয়া ভাষাক আগুৰি ৰাখিব পৰা শব্দবোৰ কোঢ়ামুঠীয়াকৈ ধৰি ৰাখিব লাগিব৷ যাতে অহাবেলি ব’হাগত আমিRangaali Bihur Olag আৰুMaram (Morom/ (মোৰোম নহয়) জনাবলৈ সাজু হৈ থাকিব পাৰোঁ৷ সকলোলৈকে ব’হাগৰ সম্ভাষণ জনাই সামৰিলোঁ৷