শিল বৰষুণৰ ফলত পশ্চিম নলবাৰীত বিস্তৰ ক্ষতি
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল: ব’হাগত মাকৰ ঘৰলৈ যোৱা বৰদৈচিলাই হিলদ’ল ভাঙি যায় নলবাৰী জিলাত । প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি লগতে প্রচন্দ বৰষুনৰ ফলত যোৱা নিশা নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হয় । দিনৰ উৎকট গৰমৰ পিছত নিশাৰ ভাগত অহা প্ৰচণ্ড শিলাবৃষ্টি,বৰষুণ আৰু বা-মাৰলিত পশ্চিম নলবাৰী অঞ্চলৰ চামতা,কুলবিল ,সাহপুৰ,আমনি,পূর্ণি ,বৰি, হেলচা, দাহুদী, চৰাবড়ী, বৰবিলা, খেলুৱা, লখোপুৰ, পখুৰা, গামাৰিমূৰী, ডিৰুৱা, গন্ধিয়া, বেলশৰ, সাহপুৰ, সন্ধেলী, মাক্ৰাপাৰা, পুৰ্ণি, জাগাৰা, পকোৱা, বনগাঁও ,বৰনৰ্দ্দী, কৈঠালকুছি আদিকে ধৰি বিভিন্ন স্থানত গছ-গছনি ভাঙি চুচুৰ্মৈ কৰাৰ উপৰি গছত লাগি থকা বসন্তৰ আম, কঠাল, লেচু, লেতেকু, পনিয়লকে ধৰি ফল-মূলৰ বাদেও শাক-পাচলিৰ খেতিৰো বিস্তৰ ক্ষতিসাধন কৰে । অঞ্চলটোৰ বিভিন্ন ঠাইত গছ-গছনি উভালি বিদ্যুত যোগান ব্যাহত হোৱাৰ লগতে বহুত মানুহৰ ঘৰৰ টিং,এচবচতা আদি প্রকাণ্ড শিলাবৃষ্টিয়ে ডাঙৰ ডাঙৰ ফুটা কৰি পেলোৱাৰ লগতে ঘৰৰ ভিতৰত থকাৰ পৰিবেশ নোহোৱা হোৱাত নিশা বহুত পৰিয়ালে আনৰ ঘৰত আশ্রয় গ্রহন কৰিব লগা হয় ৷ আজি পশ্চিম নলবাৰীত ৰাতিপুৱাৰে পৰা ধংস হোৱা ঘৰবোৰ মেৰামতি কৰাৰ বাবে মিষ্ট্ৰী,বনুৱা আদি বিচাৰা হাবাঠুৰি খাব লগা হয় ৷ উল্লেখ্য যে চামতাৰ নিয়মীয়া বার্তাৰ সংবাদ কর্মীগৰাকীৰ ঘৰৰ টিং ফুটি থকা ঘৰত পানী সুমুৱাত বিদ্যুৎ চালিত ফেন আদি নষ্ট হয় ৷ আনহাতে কৃষক সকলৈ নতুনকৈ ৰোৱা জিকা, ভোল, কোমোৰা, তিয়হ ,ভেণ্ডি, আদিৰ পুলিও চুচুৰ্মৈ কৰে। প্ৰাপ্ত খবৰ মতে ৰঙালীৰ উছাহ ম্লান কৰা প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিৰ ফলত পশ্চিম নলবাৰীৰ কেবাখনো বিহুৰ অনুষ্ঠান বন্ধ হৈ পৰে ৷ বিভিন্ন প্ৰান্তৰ বিহুতলীত উপস্থিত থকা হাজাৰ হাজাৰ ৰাইজৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।
প্রেৰক:তপন কুমাৰ শর্মা