নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তকন্ঠ : ৰাজনৈতিক প্রতিদ্বন্দ্বিতা

নগেন শইকীয়া

জন্মৰে পৰা মানুহে নিজৰ স্থিতিৰ বাবে বিভিন্ন বিষয়ৰ লগত প্রতিদ্বন্দ্বিতা কৰি আহিছে আৰু শেষ পর্যন্ত কৰি থাকিব লাগিব৷ প্রতিদ্বন্দ্বিতাৰ ডদ্দেশ্যই হ’ল প্রতিপক্ষক জয় কৰা৷ যুদ্ধক্ষেত্রত শৰীৰৰ শক্তি, মগজুৰ বুদ্ধি আৰু অস্ত্র চালনাৰ ক্ষমতা এই তিনিওটাই হ’ল দুয়োপক্ষৰ প্রত্যেকৰে মাজত থকা যুদ্ধ জয়ৰ গুৰুত্বপূর্ণ সমল৷ কিন্তু মানুহে গঢ়ি তোলা সভ্যতাই এনে এক প্রতিদ্বন্দ্বিতাৰো নিয়ম সৃষ্টি কৰি লৈ আহিছে৷ এনে নিয়ম ভঙাটো হ’ল অন্যায় কৌশল৷ সেইবাবে এনে কৌশল গ্রহণ কৰাটো পৰিত্যাজ্য৷ বিশ্বৰ প্রায় সকলোবোৰ যুদ্ধৰ কাহিনী লৈ লিখা গ্রন্থত অন্যায় যুদ্ধক সদায় অগ্রাহ্য কৰি অহা হৈছে আৰু ন্যায় যুদ্ধক মান্যতা দিয়া হৈছে৷ অৱশ্যেই এনে বিচাৰ কৰাৰ ক্ষমতা বা ৰীতি পশুৰ ক্ষেত্রত নাখাটে৷

সময় যোৱাৰ লগে লগে মানুহে প্রতিটো বিষয়ৰ উন্নতৰ পৰা উন্নত ৰূপ আৰু কৌশল আৱিষ্কাৰ কৰি আহিছে৷ মানুহে এনেভাৱেই বিভিন্ন বিষয়ত যিদৰে পাৰদর্শিতা লাভ কৰিছে, ঠিক তেনেভাৱে দেখা গৈছে যে মানুহে যুদ্ধক্ষেত্রৰ প্রাচীন নীতি–নিয়ম অগ্রাহ্য কৰি প্রতিযোগিতাক বা প্রতিদ্বন্দ্বিতাক পাশৱিক স্তৰলৈও বহু ক্ষেত্রত লৈ গৈছে৷ তেনে প্রকাৰৰ প্রতিদ্বন্দ্বিতা মানৱীয় প্রতিদ্বন্দ্বিতা নহৈ পাশৱিক প্রতিদ্বন্দ্বিতালৈ অৱনমিত হৈছে৷ কোনো সন্দেহ নাই প্রত্যেক দেশত গৃহীত আইনৰ দ্বাৰা দোষী–নির্দোষী, উচিত–অনুচিত, ভাল–বেয়াৰ তথ্য আৰু যুক্তিসংগত বিচাৰেৰে ন্যায় প্রদান কৰিবলৈ মানুহে ন্যায়ালয় প্রতিষ্ঠা কৰি লৈছে৷ এসময়ত প্রতিটো ধর্মই ন্যায়–ন্যায় বিচাৰ কৰাৰ ক্ষমতা লাভ কৰিছিল৷ এতিয়াও কম শিক্ষিত বা শিক্ষা–দীক্ষাহীন সাধাৰণ মানুহে নিজৰ নিজৰ ধর্মৰ আদেশ মানি চলি অহাৰ বাবে আইন–আদালত নোহোৱাকৈয়ে অন্যায় কৰা কার্যৰ পৰা নিজক আঁতৰাই ৰখাৰ বা কেতিয়াবা অবাঞ্ছনীয় বুলি ভবা কাম কৰিলে ধর্মৰ নামত শপত গ্রহণ কৰি বা সমৱেত ভক্তসকলৰ সিদ্ধান্ত অনুসৰি নিজৰ দোষ মানি লৈ তেনে কার্য নকৰাৰ প্রতিশ্রুতি দি সমাজৰ একো একোজন সদস্য স্বৰূপে জীৱন যাপন কৰিছিল৷ কিন্তু দেখা গৈছে পৃথিৱীৰ সর্বত্র তথাকথিত উচ্চশিক্ষাৰে শিক্ষিত যিসকল লোক কোনো ক্ষমতাত অধিষ্ঠিত হৈছে, তেওঁবিলাকে কৌশলেৰে মানুহৰ তথা সমাজৰ সমর্থন আদায় কৰিবলৈ বিভিন্ন প্রকাৰৰ কৌশল প্রয়োগ কৰিছে৷ ইয়াত জ্ঞানৰ প্রশ্ণ নাই, কৌশলৰ প্রশ্ণ আছে৷ ইয়াত সততাৰ প্রশ্ন নাই, ইয়াত কেৱল ‘যেন তেন তকাৰেণ’ যুদ্ধ জয়ৰ প্রশ্নহে আছে৷ আজিকালি সর্বত্র কৌশলেৰে যুদ্ধ জয়ৰ বাবে গ্রহণ কৰা অন্যায়কো মান্যতা দিবলৈ সমাজক বাধ্য কৰোৱা হৈছে৷ সর্বসাধাৰণ মানুহৰ যিদৰে সৰলতা আছে, ঠিক তেনেকৈয়ে অনেকৰ অভাৱগ্রস্ততাও আছে৷ সভ্যতাই সৃষ্টি কৰা সৰুসুৰা অনেক ব্যৱহার্য সামগ্রীও তেওঁলোকে ঢুকি পোৱাৰ বাহিৰত৷ এনে অর্থনৈতিক অৱস্থায়ো তেওঁবিলাকক বহু পৰিমাণে আকর্ষণ কৰে৷ যুদ্ধ জয়ৰ বাবে বিভিন্ন স্তৰৰ জনসাধাৰণৰ বিভিন্ন প্রকাৰৰ প্রয়োজনকো সমল স্বৰূপে ব্যৱহাৰ কৰি সমর্থন আদায় কৰা সম্ভৱ হৈ ডঠে৷

এই বিষয়বোৰ আধুনিক ভাৰতবর্ষৰ ৰাজনৈতিক যুদ্ধত ক্রমাৎ সর্বাধিক ৰূপত পৰিস্ফুট হৈ ডঠিছে৷ এই অৱস্থা হ’ল ভাৰতীয় দর্শন আৰু ধর্মৰো বিৰুদ্ধে যোৱা বিষয়৷ ৰাজনৈতিক প্রতিদ্বন্দ্বিতা বা প্রতিযোগিতা হোৱা উচিত দেশ গঢ়াৰ নিজস্ব অর্থনৈতিক–ৰাজনৈতিক নীতিৰ ওপৰত৷ এনে নীতিসমূহ সর্বসাধাৰণ মানুহে বুজাকৈ প্রচাৰ কৰাটোহে উচিত উপায়৷ কোনো সন্দেহ নাই৷ দেশ গঢ়াৰ লগত দেশক বহির্দেশৰ কৌশলগত আক্রমণৰ পৰা দেশক ৰক্ষা কৰাটো আৰু তাৰ বাবে দেশৰ সকলো প্রকাৰৰ ডন্নয়ন সাধন কৰাটো নিশ্চয় অত্যন্ত গুৰুত্বপূর্ণ৷ ৰাজনৈতিক যুদ্ধতৱতীর্ণ হোৱা প্রতিটো দলেই নির্দিষ্ট প্রতিৰক্ষা কার্যসূচীও গ্রহণ কৰিব লাগিব৷ কেৱল সেয়ে নহয়, বিশ্বৰ বিভিন্ন দেশৰ লগত বৈদেশিক সম্পর্কও শক্তিশালী কৰিব লাগিব৷ সর্বসাধাৰণ মানুহৰ গৰিষ্ঠসংখ্যকেই এনে বিষয়বোৰ হয়তো নাভাবে বা নাজানে৷ কিন্তু শিক্ষিতসকলৰ গৰিষ্ঠ অনেকাংশই এনেবোৰ বিষয় নিশ্চিতভাৱে জানে আৰু এনেবোৰ বিষয়ত সজাগ আৰু সচেতন হয়৷ বর্তমান ভাৰতবর্ষৰ ৰাজনৈতিক প্রেক্ষাপটত এই বিষয়বোৰ মনলৈ আহিছে৷

দুটা বিষয়ে মোৰ মনত ক্রিয়া কৰি আছে৷ প্রথমটো কথা হ’ল যে দেশৰ অর্থনৈতিক, সামাজিক, ৰাজনৈতিক প্রতিৰক্ষা সম্পর্কীয় আৰু বৈদেশিক সম্পর্কীয় বিষয়ক লৈ দলসমূহৰ মাজত শক্তিশালী প্রতিযোগিতা হওক তাত আপত্তি কৰিবলগীয়া একো নাই৷ কিন্তু যি দলেই তেওঁলোকৰ এই নীতিৰে জনসাধাৰণক প্রত্যয় নিয়াব পাৰে, সেই দলেই দেশৰ শাসনৰ বাঘজৰী ধৰিব পাৰিলে আন দল বা নীতিত বিশ্বাসীসকলে সেই নীতি গ্রহণীয় বুলি নাভাবিলেও ন্যায় যুদ্ধত জিকি ক্ষমতাত অধিষ্ঠিত হোৱা দলক আইনসংগত মান্যতা দিব লাগিব৷ কিন্তু বর্তমান শাসনত অধিষ্ঠিত দলে সমর্থন লাভৰ বাবে হিতাধিকাৰী নীতি গ্রহণ কৰাটো মানুহৰ মনত লোভৰ আসক্তি বঢ়াই সমর্থন লাভৰ যত্নস্বৰূপ হৈ উঠিছে৷ দ্বিতীয়তে, সৰু–বৰ বিভিন্ন বিৰোধী দলৰ লগত হ’ব পৰা যুঁজত জয় লাভৰ বাবে সৰু–বৰ বিভিন্ন কাৰণ উলিয়াই প্রতিশোধ লোৱাৰ আৰু তেনে দলসমূহক যিকোনো উপায়েৰে পৰাজয় কৰাৰ মানসিকতা কোনো প্রকাৰেই সমর্থনযোগ্য হ’ব নোৱাৰে৷ তদুপৰি ক্ষমতাত অধিষ্ঠিত হৈয়ে একছত্রী ৰজা হোৱাৰ দৰে কৰা কামৰ ম্যাদ দীর্ঘদিনীয়া হ’ব নোৱাৰে৷ মানুহক ভয়–ভাবুকিৰে দমন কৰা আৰু সঠিক পথেৰে যুদ্ধত হৰুওৱা এই দুটা পথৰ ভিতৰত দ্বিতীয়টো পথেই হ’ল মানৱীয় সভ্যতা–সংস্কৃতিয়ে গঢ়ি দিয়া পথ৷

জনসাধাৰণৰ স্তৰভেদে সমর্থন লাভ কৰিবৰ নিমিত্তে কেতিয়াবা তত্ত্ব, কেতিয়াবা তথ্য আৰু কেতিয়াবা দলৰ নিজৰ দেশৰ বাবে গ্রহণ কৰা বিভিন্ন ক্ষেত্রৰ আঁচনিৰ দ্বাৰা দেশ আৰু মানুহ কেনেভাৱে ডপকৃত হ’ব এই বিষয়বিলাকৰ সম্পর্কে স্তৰ অনুসৰি মানুহে বুজি পাব পৰা সৰল ভাষাৰে বিৱৰণ দিয়া বা ব্যাখ্যা কৰাৰ প্রয়োজন হয়৷ দলে গ্রহণ কৰা অর্থনীতিয়ে কেনেকৈ দেশৰ আৰু মানুহৰ উপকাৰ সাধন কৰিব সেই কথা বুজাই দিয়াৰো প্রয়োজন হ’ব৷ কিন্তু কোনো দলক, কোনো নেতাক ব্যক্তিগতভাৱে আক্রমণ কৰি চৰিত্র হননৰ বা অন্য প্রকাৰে ক্ষতি কৰাৰ সংকীর্ণ মনোবৃত্তিৰ ঊর্ধ্বলৈ যাব নোৱাৰিলে কোনো দলকে ডন্নত সভ্যতা বা সংসৃকতিৰ ধাৰক আৰু বাহক বুলি ক’ব নোৱাৰি৷ সন্দেহ নাই প্রত্যেক দলেই নিজৰ দলৰ বিষয়ে ব্যাখ্যা কৰোঁতে অন্যান্য দলসমূহৰ ভদ্রোচিত সমালোচনায়ো ঠাই পাব পাৰে৷ কিন্তু প্রতিশোধৰ মনোভাব লোৱাটো বা ক্ষতিসাধন কৰাটো যে নিম্ন স্তৰৰ কাম তেনে কামৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰিলে পৰৱর্তী কালত একেধৰণৰ অৱস্থাৰ নিজে বা নিজৰ দলো সন্মুখীন হ’ব পৰাৰ বাট কাটি থোৱাৰ দৰে হ’ব৷ সৰু ল’ৰা–ছোৱালীক সোৱাদ বস্তুৰ লোভ দেখুৱাই বা সামান্য সোৱাদ বস্তু জিভাত লগাই ভাল লগাবলৈ কৰা প্রচেষ্টাৰ দৰে কর্মৰ আয়ুস বৰ কম৷

এটা কথা সদায় মনত ৰখাৰ প্রয়োজন আছে যে মানুহকে ধৰি সকলো প্রাণীৰ, আনকি আমাৰ পঞ্চ জ্ঞানেন্দ্রিয়ৰে দেখা বিশ্ব ব্রহ্মাণ্ডৰো কোনো বস্তুৱেই অমৰ বা স্থায়ী নহয়৷ প্রাণীবিলাকৰ জীৱনটো অধিক ক্ষণস্থায়ী৷ ‘মানুহক প্রয়োজনীয় যিখিনি বস্তু লাগে তাতকৈ বেছি পাবলৈ মুখ মেলিলে মুখ ফাটি যোৱাৰ সম্ভাৱনা থাকে’ বুলি প্রচলিত হৈ অহা এই সাৱধান বাণী চৌব্বিছ ঘণ্টা মনত ৰখা দৰকাৰ৷ সকলো দেশতে দেখা গৈছে বাকী বিষয়াসকলৰ কথা নক’ৱেই, তেওঁবিলাকক চলোৱা ৰাজনৈতিক নেতাসকল কম দিনৰ ভিতৰতে অজস্র ধন–দৌলতৰ অধিকাৰী হয়৷ এই বর্ধিত ধন–দৌলতৰ ওজনেৰে তেওঁবিলাকৰ প্রত্যেকেই নিজৰ মনুষ্যত্ব আৰু সততা জুখি চাব পাৰে৷ সজ ডপায়েৰে ঘটা সম্পদৰ বজাৰ মূল্য কম হ’লেও আমি মূৰ তুলি থিয় হৈ থাকিব পাৰোঁ৷ ইয়াৰ বিপৰীতে গ’লে মানুহে আমাক আশা আৰু ভয়ত ভজনা কৰিব পাৰে, কিন্তু অন্তৰেৰে কেতিয়াও গ্রহণ কৰিব নোৱাৰে৷ সততা নাথাকিলে সুখ ক’ত থাকিব৷ মানুহ মাত্রেই দুখ থাকিব এই কথাও সঁচা৷ সেইবাবে বিশেষকৈ ৰাজনীতিসকলে নিজৰ পথ বাছি লওঁতে আটাইতকৈ বেছি সাৱধান হোৱা উচিত৷ কাৰণ তেওঁলোক সামগ্রিকভাৱে সমাজৰ তথা দেশৰ মানুহৰ প্রতিহে দায়বদ্ধ, নিজৰ ধন–দৌলত গঢ়ি তোলাৰ বাবে নহয়৷ আমাৰ জীৱন, ক্ষমতা আৰু সম্পদ বৰ খন্তেকীয়া৷ সেইবাবেঃ

কেৱল আমাৰ কাৰণে নহয় নিজৰ জীৱন ভাই৷
পৰৰ কাৰণে কান্দিব পাৰিলে কান্দোনতো সুখ পাই৷৷

You might also like