তিনিচুকীয়াত আৰোহন আঁচনিৰ শুভাৰম্ভঃ মতবিনিময় অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ৪ মে’: তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিদ্যালয় শিক্ষা বিভাগ তিনিচুকীয়াৰ সহযোগত অসম চৰকাৰৰ কেবিনেটৰ নিৰ্দেশ মৰ্মে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি -২০২০ ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ উত্তৰণৰ বাবে দিয়া নিৰ্দেশ অনুসৰি মহামান্য ৰাজ্যপালৰ অধিসূচনা মৰ্মে আজি জিলাখনত আৰোহন আচঁনিৰ শুভাৰম্ভ কৰা হয়। তিনিচুকীয়া জিলাৰ উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্রত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা উপায়ুক্ত স্বপ্নীল পালে আৰোহন আচঁনিৰ শুভাৰম্ভ কৰে। আচঁনিখনৰ শুভাৰম্ভ কৰি জিলা উপায়ুক্ত স্বপ্নীল পালে ছাত্ৰ-ছাত্ৰীসকলক কোনো ধৰণৰ নেতিবাচক প্ৰভাৱৰ পৰা বিচলিত নহৈ ধনাত্মক চিন্তাধাৰাৰে জীৱন-যুঁজত আগবাঢ়ি যাবলৈ পৰামৰ্শ আগবঢ়ায়। অসম চৰকাৰৰ এই আচঁনিখনে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ পথ প্ৰদৰ্শনত যথেষ্ট উপকৃত কৰিব বুলিও উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰি প্ৰতিখন চৰকাৰী -প্ৰাদেশীকৃত বিদ্যালয়ৰ পৰা ২০২১-২২ শৈক্ষিক বৰ্ষত অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে জিলাখনৰ পৰা প্ৰথম নিৰ্বাচিত দল হিচাবে একোজন মেণ্টৰৰ প্ৰত্যক্ষ সহায় সমৰ্থনত নিজৰ শৈক্ষিক পাৰদৰ্শিতা বৃদ্ধিৰে জীৱনৰ লক্ষত আগুৱাই যাবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে ।
এই আঁচনিৰ অন্তৰ্গত সমগ্র শিক্ষা অসমৰ অধীনত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক একোজনকৈ মেণ্টৰ নিয়োগ কৰাৰ ব্যৱস্থা আছে। দলটিত নিৰ্বাচিত মুঠ ১১০ গৰাকী ছাত্ৰ- ছাত্ৰীৰ বিপৰীতে ইতিমধ্যে ১১০ গৰাকী মেণ্টৰ বাচনি কৰা হৈছে যি সকলে ছাত্ৰ-ছাত্ৰীসকলক দ্বাদশ শ্ৰেণী পৰ্যন্ত বিভিন্ন দিশত দিহা – পৰামৰ্শ আগবঢ়াই যাব ।
আজিৰ এই শুভাৰম্ভনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক, অতিৰিক্ত উপায়ুক্ত পলাশ ৰাজকুমাৰ আহোম, তিনিচুকীয়া পৌৰসভাৰ সভাপতি পৱিত্ৰ গগৈ, তিনিচুকীয়া জিলা উন্নয়ন প্ৰাধিকৰনৰ সভাপতি কাজল গোহাঁই, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ট্ৰেইনিং আৰু প্লেচমেন্ট বিষয়া মনোজ তামুলী প্ৰমুখ্যে জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে।
প্ৰেৰক:-বিবেক বড়া