লাহোৱাল মহাবিদ্যালয়ত বাচনি মূলক পৰীক্ষা: ৰাজপথত যধে মধে পাৰ্কিং, তীব্ৰ যান জঁটত ঘন্টা ঘন্টা ধৰি আবদ্ধ এম্বুলেন্সকে ধৰি বহু বাহন
নিয়মীয়া বাৰ্তা, ৭মে –লাহোৱাল অঞ্চলৰ একমাত্ৰ উচ্চশিক্ষানুষ্ঠান হিচাপে লাহোৱাল মহাবিদ্যালয়ে শিক্ষাৰ দিশত অঞ্চলটোলৈ আগবঢ়োৱা অৱদানৰ কথা সকলোৱে একেমুখে শলাগ লোৱাৰ লগতে জিলাখনৰ ভিতৰতে অসম চৰকাৰৰ লগতে সৰ্বভাৰতীয় বাচনিমূলক পৰীক্ষা সমূহ ৰ এটা উৎকৃষ্ট কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে যদিও সম্প্ৰতি কোনো পাৰ্কিংৰ সু ব্যৱস্থা নথকাৰ ফলত লাহোৱাল বজাৰত তীব্ৰ যান জঁটৰ সমস্যা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ কিয়নো লাহোৱাল মহাবিদ্যালয়ত বাচনি মূলক যিবিলাক পৰীক্ষা অনুষ্ঠিত হয় সেই পৰীক্ষাসমূহ দিবলৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা বহু পৰীক্ষাৰ্থীয়ে নিজা নিজা বাহন লৈ লাহোৱাললৈ আহে ৷
পৰীক্ষাৰ্থীৰ সংখ্যা অনুসৰি একো একোখন বাহন লৈ অহাৰ ফলত বাহন সমূহ পাৰ্কিং কৰিবলৈকে ঠাই নোহোৱা অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ লাহোৱালৰ পৰা দুলীয়াজান জয়পুৰ সংযোগী পথৰ পৰিসৰ ঠেক হোৱাৰ বাবে পথৰ দুয়োকাষে যান বাহন সমূহ জধে মধে পাৰ্কিং কৰাৰ ফলত দেওবাৰৰ দিনটো লাহোৱালত পুৱাৰ পৰা তীব্ৰ যাঁন- জঁটৰ সৃষ্টি হয় ৷ ইফালে আৰক্ষীৰ সংখ্যাও সীমিত হোৱাত যান জঁট নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে আৰক্ষীও ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷ লাহোৱালত আজি পুৱাৰ পৰা ইমানেই তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছিল যে ঘন্টা ঘন্টা ধৰি অসম চিকিৎসা মহাবিদ্যালয়লৈ অহা ৰোগীৰ এম্বুলেন্সৰ লগতে আন আন পথ আৰোহীৰ বাহনো ঘন্টা ঘন্টা ধৰি আৱদ্ধ হৈ থাকিব লগীয়া হয় বুলি জানিব পৰা গৈছে ৷ লাহোৱাল মহাবিদ্যালয়ৰ অধীনত থকা বাচনিমূলক পৰীক্ষামূলক কেন্দ্ৰটোক লৈ কাৰোৰে আপত্তি নাই যদিও পৰীক্ষাৰ্থী সকলৰ বাহন সমূহ পাৰ্কিং কৰিব পৰাকৈ যাতে নিৰ্দিষ্ট একোটা স্থান নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষই বিবেচনা কৰি লাহোৱালত বাচনিমূলক পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিনা যান যঁটৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত পদক্ষেপ হাতত লয় তাৰবাবে সচেতন ৰাইজে আহ্বান জনাইছে ৷