অসমকে ধৰি হিমালয়ৰ পাদদেশৰ ১৩খন ৰাজ্যৰ ভৱিষ্যতক লৈ উদ্বিগ্ন ছুপ্ৰিম ক’ৰ্ট
নিয়মীয়া বাৰ্তা, ৮ মে’: ‘ডুবন্ত চহৰ’ যোশীমঠৰ দৰে এদিন অৱস্থা হ’ব পাৰে হিমালয়ৰ পাদদেশৰ সকলো ৰাজ্যৰ৷ এই বিপজ্জনক ৰাজ্যসমূহৰ ভিতৰত অসমকো সন্নিৱিষ্ট কৰা হৈছে৷ সমগ্র বিষয়টো সম্প্রতি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ এখন তিনিজনীয়া বিচাৰপীঠে নিৰীক্ষণ কৰি আছে৷ বাস্তৱত চলিত বছৰৰ ফেব্রুৱাৰী মাহত অসমকে ধৰি হিমালয়ৰ পাদদেশৰ ১৩খন ৰাজ্যৰ বহন ক্ষমতাক লৈ কেন্দ্র আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহলৈ জাননী জাৰি কৰিছিল উচ্চতম ন্যায়ালয়ে৷ ইয়াৰ পিছত দুবাৰকৈ শুনানি সম্পন্ন হৈ যোৱাৰ পিছতো কেন্দ্র তথা কোনো এখন ৰাজ্য চৰকাৰে উদ্বেগজনক বিষয়টোক লৈ শপতনামা দাখিল নকৰাত ক্ষুব্ধ হৈ পৰিছে উচ্চতম ন্যায়ালয়৷ শেহতীয়াকৈ ১৭ এপ্রিলৰ শুনানিত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড, ন্যায়াধীশ পি এছ নৰসীমা আৰু ন্যায়াধীশ জে বি পার্ডিৱালাৰ বিচাৰপীঠে কেন্দ্রই বিচৰা মতে পুনৰ চাৰি সপ্তাহৰ সময় বান্ধি দি শপতনামা দাখিল কৰাৰ নির্দেশ প্রদান কৰিছে৷
১৯ মে’ত পৰৱর্তী শুনানি গ্রহণ কৰিব৷ তাৰ পূর্বে শপতনামা দাখিল কৰিবলৈ অন্তিম সময়সীমা বান্ধি দিয়া হৈছে৷ মন কৰিবলগীয়া যে উন্নয়নৰ নামত এটাৰ পিছত এটাকৈ জলবিদ্যুৎ প্রকল্প, হোটেল, ৰিজ’ট, ঘাইপথ নির্মাণৰ যি প্রক্রিয়া চলি আছে, তাক লৈ উদ্বিগ্ণতা ব্যক্ত কৰিছে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে৷ বিষয়টো সন্দর্ভত ফেব্রুৱাৰী মাহত ৰুজু হোৱা ৰাজহুৱা স্বার্থজডিত আবেদনৰ (১৪৪/২০২৩) শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে যোৱা ২০ মার্চত সামগ্রিকভাৱে কেন্দ্রীয় চৰকাৰৰ লগতে কেন্দ্রীয় জলশক্তি মন্ত্রালয়, ভূ–বিজ্ঞান মন্ত্রালয়ৰ উপৰি অসম, উত্তৰাখণ্ড, হিমাচল প্রদেশ, জম্মু আৰু কাশ্মীৰ, মেঘালয়, মণিপুৰ, মিজোৰাম, অৰুণাচল প্রদেশ, নাগালেণ্ড, ছিকিম, ত্রিপুৰা, পশ্চিমবংগ আৰু লাডাখ চৰকাৰকো সমগ্র গোচৰত প্রতিপক্ষ হিচাপে সামৰি লৈছিল৷
উল্লেখ্য যে ৰাজহুৱা স্বার্থজডিত আবেদনখনত কোৱা হৈছে– পৰিৱেশগত দৃষ্টিকোণৰ পৰা আজিকোপতি হিমালয় সংলগ্ণ ৰাজ্যসমূহৰ বহন ক্ষমতাক লৈ কোনোধৰণৰ সমীক্ষা হোৱা নাই৷ যিদৰে যোশীমঠকে ধৰি আন বহুতো পাহাৰীয়া ৰাজ্যৰ চহৰসমূহত ফাট মেলিছে, সেয়া অতিশয় ভয়াৱহ বিষয়৷ বিশেষকৈ জলবিদ্যুৎ প্রকল্পসমূহে হিমালয় সংলগ্ণ ৰাজ্যসমূহক অচিৰেই বিলুপ্তিৰ দিশে ঠেলি দিব বুলি আশংকা ব্যক্ত কৰা হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এটা জলবিদ্যুৎ প্রকল্পৰ ক্ষেত্রত জৈৱিক পৰিৱেশৰ সমীক্ষা চলোৱা হয়৷ কিন্তু সামগ্রিকভাৱে জলবিদ্যুৎ প্রকল্পসমূহৰ নির্মাণকার্যৰ ফলত হিমালয়ৰ পাদদেশত থকা অতি সংবেদনশীল ৰাজ্যসমূহত কি প্রভাৱ পৰিব পাৰে, তাৰ কোনো সমীক্ষা বা অধ্যয়ন কাহানিও হোৱা নাই৷ জলবিদ্যুৎ প্রকল্পৰ সমান্তৰালকৈ ৰাস্তা নির্মাণৰ বাবে যিদৰে পাহাৰৰ বুকু ভেদ কৰি বিস্ফোৰণৰ জৰিয়তে সুৰংগ, পাথৰ ভঙাৰ কাম চলি আছে, তাৰো নিশ্চয়কৈ বিৰূপ প্রভাৱ পৰিব পাৰে৷
তদুপৰি হিল ষ্টেচনসমূহত যিদৰে পর্যটকৰ ভিৰ ক্রমশঃ বাঢ়ি গৈ আছে, সেয়াও বায়ু তথা জল প্রদূষণত অৰিহণা যোগাই আছে৷ সামগ্রিকভাৱে হিমালয় সংলগ্ণ ৰাজ্যসমূহত যিদৰে নির্মাণকার্য চলি আছে, তাৰ পৰিণতিত পৰিৱেশগত, জৈৱিক, ভূতাত্ত্বিক আৰু জলসম্পদ ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈ আছে৷ বাস্তৱত সকলো ঠাইৰ এটা নির্দিষ্ট বহন ক্ষমতা থাকে৷ সকলো ঠাইৰ মাটিৰ ভংগুৰতাও সমান নহয়৷ বিশেষকৈ উত্তৰ–পূবৰ সমতল অঞ্চলৰ ভূমি অতিশয় ভংগুৰ৷ অৰুণাচল প্রদেশৰ নিচিনা ৰাজ্যত যিদৰে এটাৰ পিছত এটাকৈ জলবিদ্যুৎ প্রকল্প নির্মাণ কৰি থকা হৈছে, সেয়াই এক অশনি সংকেত কঢ়িয়াই আনিছে৷ বৃহৎ বান্ধৰ ভয়াৱহতা জৈৱিক পৰিৱেশৰ সমান্তৰালকৈ ভূতাত্ত্বিক বিষয়ৰ ওপৰতো জডিত হৈ আছে৷ সেয়েহে হিমালয় সংলগ্ণ ৰাজ্যসমূহৰ বহন ক্ষমতাক লৈ সমীক্ষা এতিয়া সময়ৰ আহ্বান হৈ পৰিছে৷ ৰাজহুৱা স্বার্থজডিত আবেদনখনত অৱসৰপ্রাপ্ত আই পি এছ বিষয়া অশোক কুমাৰ ৰাঘৱে হিমালয় সংলগ্ণ ৰাজ্যসমূহত চলি থকা উন্নয়নমূলক নির্মাণকার্যসমূহে সংবিধানৰ ১৪ আৰু ১৯ (১) (জি) সংখ্যক অনুচ্ছেদপ্রদত্ত মৌলিক অধিকাৰ খণ্ডন কৰা বুলি চিহ্ণিত কৰিছে৷