বিশেষ লেখা : জীৱনৰ সাধনা…
দিগন্ত বিশ্ব শর্মা
জীৱনৰ গতিপথ অবন্ধুৰ (even) নহয়৷
জীৱন কেৱল সমস্যাৰেহ ভাৰাক্রান্ত এনে নহয় জীৱনৰ পথো বেঁকা–বেঁকী, অকোৱা–পকোৱা আৰু জটিল৷ পুৰাণত তথাপি কোৱা হৈছে মানৱ জীৱন হেনো দেৱতাৰো ঈর্ষাৰ লক্ষ্য৷ গভীৰ হয়াৰ অর্থ আৰু বোধ অফুৰন্ত হয়াৰ সম্ভাৱনা, অনন্ত হয়াৰ বৈচিত্র্য৷ সাগৰ যে ৰত্নগর্ভা সাগৰৰ ডত্তাল তৰংগহ পাৰে জানো দিব সেই বতৰা? স্থূল বাহ্য জীৱনৰ ঢ়ৌ লেখি লেখি জীৱনৰো সেয়ে অতল গভীৰতা হূদয়ংগম কৰিব নোৱাৰি৷ অন্তহীন তর্ক–নৈপুণ্য অথবা যুক্তিনিষ্ঠ বাহ্য জীৱনৰ বুদ্ধিৰেও এহ গভীৰতাৰ অন্বেষণ কৰিব নোৱাৰি৷ বাহ্য ভৌতিক বুদ্ধিৰে এই গভীৰতাৰ তল মুঠেও বিচাৰি পোৱা নাযায়৷ অনস্বীকার্য যে আদিতে এহ জীৱন তমসাচ্ছন্ন, অপূর্ণতাৰে পৰিপূর্ণ, সংকুচিত আৰু সংকীর্ণ৷ আপোন যথার্থতাৰ পৰা বহু নিলগত মানুহ কিন্তু আজিও কেৱল পুনৰাবৃত্তিতেহ ব্যস্ত৷ অথচ মানুহ আলোকৰ অভিযাত্রী৷ মানুহে সন্ধান কৰে জীৱনৰ অর্থ অভিনৱ৷ ডপনিষদৰ এহ বাণী যিদৰে সৌসিদিনা জ্যোতিপ্রসাদৰ সৃষ্টিত অনুৰণিত হৈছিল, তেনেদৰে যুগৰ পাছত যুগব্যাপী পৃথিৱীৰ সর্বত্র আলোকৰ অভিযাত্রী বিৰাট এক জ্যোতির্বাহিনীয়ে আপোন জীৱনৰ সৃষ্টি আৰু সাধনাৰ মাজেৰে সেহ একেহ কথা ভিন ভিন ধৰণে অভিব্যক্ত কৰিছে৷ আচলতে মানুহে জীৱনৰ মাজেৰে বিচাৰিছে কি? অর্থহীন নিৰন্তৰ পুনৰাবৃত্তিৰ নিশ্চয়তা নে অন্তহীন বাধা–বিঘিনি আৰু প্রতিকূল অৱস্থা নেওচি মানৱাত্মাহ ডপনীত হ’ব বিচাৰিছে কোনো এক অজান পৰাকাষ্ঠাত? এহ কথা অনস্বীকার্য যে মানুহৰ বাহ্য জীৱন–প্রৱাহ অথবা ব্যৱহাৰিক জীৱনৰ বিপুল কোলাহলৰ মাজত পৰাকাষ্ঠা অভিমুখী মানৱাত্মাৰ অগ্রগামী জীৱন–সাধনাৰ এনে এষণাৰ উমান অথবা উৱাদিহ আমি বিচাৰি নাপাওঁ৷ অথচ ফল্গুধাৰাসম মানৱ জীৱনৰ পৰাকাষ্ঠা অভিমুখী এহ বোৱঁতী সুঁতি যে চিৰপ্রৱহমান সেহ কথা মাথোঁ এক বুদ্ধিগত ধাৰণা অথবা মত নহয়, এহ প্রৱাহেহ আচলতে মানৱ জীৱনৰ অন্তর্নিহিত প্রেৰণা আৰু আদিম অভীপ্স ফল্গুধাৰাসম এহ বোৱঁতী সুঁতিয়েহ আমাৰ অস্তিত্বৰো জীৱন্ত সত্য৷ তেনেহ’লে মানুহৰ অন্তৰাত্মাহ প্রকৃতপক্ষে অন্বেষণ কৰিছে কি? বিচাৰিছেইবা কি? সঁচা কথা বাহ্য জীৱনৰ বিপুল ঐশ্বর্যৰে আজি পূর্ণ হৈ উঠিছে মানুহৰ অঞ্জলি, অথচ মানুহৰ প্রাণৰ গহনত ধ্বনিত হৈছে এক অতৃপ্ত হাহাকাৰ মানুহ এতিয়াও অসন্তুষ্ট শ্রীৰবিন্দহ নিজৰ অতুলনীয় সৃষ্টি ‘The Life Divine”ত প্রথমতেহ লিখিছে… এহ সমস্ত আপাত বিৰোধ সত্ত্বেও মানুহে আচলতে বিচাৰিছে জ্যোতি, আনন্দ, স্বাতন্ত্র্য, অমৃতত্ব আৰু দেৱত্ব৷ মহাঋষিয়ে কৈছে… হয়াতকৈ বৃহত্তৰ কামনা আনকি মানৱ মনৰো অগোচৰ৷ ইয়াৰেহ চৰিতার্থতাৰ মাজত প্রচ্ছন্ন হৈ আছে মানুহৰ জীৱনৰো চৰম সার্থকতাৰ পৰম ৰহস্য৷
শ্রীঅৰবিন্দই কৈছে… বিস্ময়কৰ প্রভূত বাহ্য উন্নতি আৰু স্থূল প্রগতি সত্ত্বেও মানুহ কিন্তু আজিও প্রেম, জ্ঞান, আনন্দ, শক্তি, একতা আৰু জীৱনৰ অধিকাৰী হ’ব পৰা নাহ৷ মানুহ এতিয়াও নিত্য নৱ সমস্যাৰে সদা আক্রান্ত বংগৰ ভক্ত কবি ৰামপ্রসাদ সেনে লিখি থৈ গৈছে… ‘এনে হেন মানৱ পথাৰ পৰি ৰ’ল ছন, চহোৱা হ’লে সোণগুটি ওলালহেঁতেন ফুটি৷’
ক’ত তেনেহ’লে সমাধান?
আধুনিক মনৰ বুদ্ধি–নৈপুণ্যই কয়… যুক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠ সুস্থ (?) সমাজনীতি, ভৌতিক বিজ্ঞান, যুক্তি–বুদ্ধি, আহন আৰু এক বলিষ্ঠ অর্থনীতিয়েহ হেনো মানৱাত্মাৰ যুগ–যুগান্তৰ ঈপ্সিত জীৱন–সাধনা সার্থক আৰু সফল কৰি তুলিব এহ সূত্রৰ মাজত যি সমাধানেহ নাথাকক কিয়, সেয়াহ কিন্তু অগ্রগামী মানৱাত্মাৰ পৰাকাষ্ঠা অভিমুখী জীৱন–সাধনাৰ বাবে পর্যাপ্ত অথবা যথেষ্ট নহয়৷ মানুহৰ ব্যৱহাৰিক জীৱনৰো অনেক সমস্যাৰ সমাধান আনকি হয়াৰ মাজত নাই৷ দিব্য জীৱনৰ স্বপ্নদ্রষ্টা শ্রীঅৰবিন্দই কৈছে… প্রথমতে মানুহে আপোন প্রকৃতিৰ আমূল ৰূপান্তৰ কৰিব লাগিব… অন্তৰাবৃত্ত হৈ অন্বেষণ কৰিব লাগিব অন্তৰতম আপোন প্রকৃত চিন্ময়ী সত্তা৷ তাৰ পাছত সংকুচিত চেতনাৰ ব্যাপ্তি, বিস্তৃতি, সম্প্রসাৰণ তথা ঊর্ধ্বাৰোহণ৷ একেবাৰে শেষত সম্প্রসাৰিত তথা ঊর্ধ্বোত্থিত চেতনাৰ অৱতৰণ আৰু জীৱন তথা জগতত সেহ চেতনাৰ অভিব্যক্তি,… জীৱনক দিব্য জীৱনলৈ ৰূপান্তৰ…
আমি জানো এয়া এক দীর্ঘ পৰিক্রমা কিন্তু আৰম্ভণি অবিহনে সমাপ্তিও নাই৷
প্রথমতে সেয়ে প্রয়োজন ৰূপান্তৰৰ প্রতি এক অকৃত্রিম প্রবল অভীপ্সা, নিম্ন প্রকৃতিৰ বর্জন আৰু ভাগৱতী শক্তি পৰমা দিব্যজননীৰ শ্রীচৰণত পৰিপূর্ণ আত্মসমর্পণ৷ এই অসমতো সেয়ে দার্শনিক–শিল্পী জ্যোতিপ্রসাদে লিখি গৈছে… ৰূপান্তৰেহে জগত ধুনীয়া কৰে… এয়ে মোৰ গায়ত্রী মন্ত্র…