নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম’কাৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূবলৈ সতৰ্ক বাৰ্তা বতৰ বিজ্ঞান বিভাগৰ

বিশেষ বাৰ্তা, ১৩ মেঃ বংগোপ সাগৰত সৃষ্ট সাগৰীয় ঘূর্ণি ম’কাৰ তাণ্ডৱ আৰু সংহাৰৰ সম্ভাৱনাক লৈ সতর্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷ বংগোপ সাগৰত নিম্ন চাপৰ ফলত সৃষ্টি হোৱা ঘূর্ণি ম’কাৰ প্রভাৱ উপকূলীয় অঞ্চলসমূহত পৰাৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে সাগৰৰ উপকূল অঞ্চলত সতর্কবাণী জাৰি কৰা হৈছে৷ উৰিষ্যাৰ পৰা পশ্চিমবংগলৈকে উপকূলীয় অঞ্চলত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এনডিআৰএফকে ধৰি স্থানীয় প্রশাসনক সাজু কৰি ৰখা হৈছে৷ উপকূলৰক্ষী বাহিনীসমূহকো সজাগ কৰি ৰখা হৈছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা মতে, উত্তৰ–পূর্বাঞ্চলৰ সাত ৰাজ্যৰ ভিতৰত ৫ ৰাজ্যত ঘূর্ণি ম’কাৰ প্রভাৱ পৰিব৷ বাংলাদেশ আৰু ম্যানমাৰত ঘূর্ণিৰ সংহাৰৰ প্রতি লক্ষ্য ৰাখি সহস্রাধিক লোকক নিৰাপদ স্থানলৈ নি আশ্রয় শিবিৰত ৰখা হৈছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সতর্কবাণী অনুসৰি ম্যানমাৰ–বাংলাদেশ সীমান্তত ১৪ মে’ত ম’কাৰ ফলত প্রবল বৰষুণ আৰু ধুমুহা বলিব৷ প্রবল বৰষুণ আৰু শক্তিশালী বতাহে মিজোৰাম, মণিপুৰ আৰু ত্রিপুৰাক স্পর্শ কৰিব৷ কিয়নো, ম্যানমাৰ আৰু বাংলাদেশ সীমান্তৱর্তী এই তিনি ৰাজ্য৷ বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলার্ট জাৰি কৰি এনডিআৰএফক সজাগ হৈ থাকিবলৈ নির্দেশ দিছে৷ ইপিনে, আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি ১৩ মে’ত ত্রিপুৰা আৰু মিজোৰামত প্রবল বৰষুণ হ’ব৷ উত্তৰ–পূর্বাঞ্চলৰ এই দুই ৰাজ্যৰ দুর্গম অঞ্চলসমূহত প্রবল বৰষুণ হ’ব৷ ১৪ মে’ত প্রবল বৰষুণ হ’ব নাগালেণ্ড, মণিপুৰ আৰু দক্ষিণ অসমত৷ ত্রিপুৰা, মিজোৰাম আৰু দক্ষিণ মিজোৰামত ৪৫ৰ পৰা ৬৫ কিঃমিঃ প্রতি ঘণ্টাত বতাহ বলিব বুলি সতর্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান বিভাগে৷ বাংলাদেশৰ কক্স বজাৰ আৰু ম্যানমাৰৰ কায়াক্কুৰ মাজত ১৪ মে’ত অতি ভয়াৱহ ঘূর্ণি বতাহ বলিব৷ প্রতি ঘণ্টাত এই বতাহ ১৫০ৰ পৰা ১৭৫ কিঃমিঃ বেগেৰে বলাৰ সম্ভাৱনা আছে৷ বাংলাদেশ আৰু ম্যানমাৰ অতিক্রম কৰি ঘূর্ণি বতাহৰ বেগ কিছু হ্রাস পাই উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যকেইখনত প্রৱেশ কৰিব৷ এনে কাৰণতে হয়তো উত্তৰ–পূবৰ ৰাজ্যকেইখনত ঘূর্ণি বতাহ ম’কাৰ সংহাৰৰ মাত্রা নিম্নগামী হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে৷

You might also like