কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা
নিয়মীমা বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ অহা ১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। পৰীক্ষাৰ পূৰ্বে এইবাৰ যাতে প্ৰশ্নকাকত ফাদিল নহয়, তাৰ প্ৰতি বিশেষ ব্যৱস্থা ৰখা বুলিও সোমবাৰে এখন সংবাদ মেলত সদৰী কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ আৰু সচিবে৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কার্যালয়ত সংবাদ মেল সম্বোধন কৰি অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে কয় যে প্রশ্ণকাকত যাতে ফাদিল নহয় তাৰ বাবে এইবাৰ চাইবাৰ ডমৰ সহায় লোৱা হ’ব৷ এজন অৱসৰপ্রাপ্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত থাকিব বিশেষ আই টি চেল৷ যিটো চেলে পৰীক্ষা সম্পূর্ণৰূপে পর্যবেক্ষণ কৰিব৷ তেওঁ ২৩টা কেন্দ্রত জামাৰ আৰু ৭৭২টা কেন্দ্রত ১৪৪ ধাৰা জাৰি কৰা হ’ব বুলি সদৰী কৰে৷ আনহাতে, ২০ৰ পৰা ২৫টাকৈ কেন্দ্র অতি স্পর্শকাতৰ ৰূপে চিহ্ণিত কৰি উক্ত কেন্দ্রসমূহত কঠোৰ দৃষ্টি ৰাখিব বুলিও মন্তব্য কৰে শিক্ষা সংসদৰ অধ্যক্ষজনে৷ আনহাতে, প্রশ্নকাকতৰ ক্ষেত্রত কোনো বিভ্রান্তি নহ’ব বুলি মন্তব্য কৰি দয়ানন্দ বৰগোহাঁয়ে পুনৰ কয় যে এইবাৰ ৭৭২টা কেন্দ্রত সম্পূর্ণৰূপে নিষেধ হ’ব ম’বাইল, কেলকুলেটৰৰ ব্যৱহাৰ৷ ছাত্র–ছাত্রীৰ সুবিধার্থে প্রতিটো কেন্দ্রত একোটাকৈ ঘড়ী ৰখা হ’ব৷ উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হ’ব ২,৩৪,৮০৯গৰাকী পৰীক্ষার্থী৷ ইয়াৰে কলা শাখাত ১,৭৫,১৭৫জন, বিজ্ঞান শাখাত ৪০,৫৮৮জন, বাণিজ্য শাখাত ১৮,১৭৮জন আৰু বৃত্তিমুখী শাখাত ৮৬৮জন৷ ইফালে, পৰীক্ষা পৰিচালনা কৰিবলৈ ৩২জন পর্যবেক্ষক নিয়োগ কৰা হৈছে বুলি স্পষ্ট কৰে শিক্ষা সংসদ কর্তৃপক্ষই৷ এই সংবাদ মেলতে নতুন শিক্ষা নীতি সন্দর্ভত শিক্ষা সংসদ কর্তৃপক্ষই সদৰী কৰে এক গুৰুত্বপূর্ণ সিদ্ধান্ত৷ অধ্যক্ষ দয়ানন্দ বৰগোহাঁয়ে কয় যে চৰকাৰৰ পৰা সেউজ সংকেত পালেই সলনি হ’ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা পদ্ধতি৷ উচ্চতৰ মাধ্যমিকৰ প্রথম আৰু দ্বিতীয় বর্ষত প্রৱর্তন হ’ব ছেমিষ্টাৰ পদ্ধতি৷ ইতিমধ্যে নতুন শিক্ষা নীতিৰ লগত খাপ খুৱাবলৈ সাজু বুলি সদৰী কৰিছে শিক্ষা সংসদে৷ যাৰ বাবে অচিৰেই পাঠ্যপুথি সলনি হ’ব বুলিও ইংগিত দিয়ে অধ্যক্ষ দয়ানন্দ বৰগোহাঁয়ে৷ অৱশ্যে ইয়াৰ বাবে চৰকাৰৰ পৰা সেউজ সংকেত পাব লাগিব বুলি পুনৰ উল্লেখ কৰে শিক্ষা সংসদৰ অধ্যক্ষজনে৷