নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিডনীত প্রৱাসী ভাৰতীয়ক সম্বোধন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ

বিশেষ বাৰ্তা, ২৩ মেঃ অষ্ট্রেলিয়াৰ ছিডনীৰ কুড’ছ বেংক এৰিনাত প্রবাসী ভাৰতীয়ক সম্বোধন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ তিনিদেশীয় ভ্রমণসূচীৰ অন্তিম পর্যায়ত অষ্ট্রেলিয়াত উপস্থিত হৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি কুড’ছ বেংক এৰিনাত প্রবাসী ভাৰতীয়ক সম্বোধনৰ পূর্বে প্রধানমন্ত্রীগৰাকীক্ বিপুল আদৰণি জনায় প্রবাসী ভাৰতীয়সকলে৷ ভাৰত মাতা কী জয়, বন্দে মাতৰম শ্ল’গানেৰে প্রধানমন্ত্রী মোদীক ভাৰতীয়সকলে পৰম্পৰাগত আদৰণি জনায়৷ প্রবাসী ভাৰতীয়ক সম্বোধনৰ সময়ত অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী এন্থনী আলবানিজে সংগ দিয়ে প্রধানমন্ত্রী মোদীক৷ বিপুল আদৰণিৰ পিছত প্রবাসী ভাৰতীয়ক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– দুয়োখন দেশৰ সম্পর্ক পাৰস্পৰিক বিশ্বাস আৰু শ্রদ্ধাৰ আধাৰিত৷ আমাৰ দুয়োখন দেশৰ জীৱনশৈলী পৃথক হ’ব পাৰে কিন্তু এতিয়া যোগে সম্পর্কিত কৰিছে৷ আমি দীর্ঘদিন ধৰি ক্রিকেটৰ জৰিয়তে সম্পর্কিত হৈ আছো৷ কিন্তু এতিয়া টেনিছ আৰু চলচ্চিত্রৰ জৰিয়তেও সম্পর্কিত হৈছো৷ আমি পৃথক ধৰণে খাদ্য প্রস্তুত কৰো যদিও মাষ্টাৰ চেফে আমাক এতিয়া সম্পর্কিত কৰিছে৷ প্রবাসী ভাৰতীয়ক ভূয়সী প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে কয়– যেতিয়া মই ২০১৪ চনত ইয়ালৈ আহিছিলো, তেতিয়া মই আপোনালোকক প্রতিশ্রুতি দিছিলো যে এগৰাকী ভাৰতীয় প্রধানমন্ত্রীৰ বাবে ২৮ বছৰৰ কাৰণে পুনৰ অপেক্ষা কৰিব নালাগে৷ গতিকে মই পুনৰ ইয়ালৈ আহিছো৷ উল্লেখ্য যে ২০১৪ চনত প্রধানমন্ত্রী হৈ নৰেন্দ্র মোদীয়ে অষ্ট্রেলিয়াৰ ছিডনীত প্রবাসী ভাৰতীয়ক সম্বোধন কৰিছিল৷ ২৮ বছৰৰ পিছত ছিডনীলৈ গৈছিল ভাৰতৰ প্রধানমন্ত্রী৷ অতি কমেও ২০ সহস্রাধিক প্রবাসী ভাৰতীয়ই বিপুল হর্ষধ্বনিৰে প্রধানমন্ত্রী মোদীৰ ভাষণক হাত তালিৰে আমন্ত্রণ জনায়৷ এই কার্যসূচীত অংশগ্রহণ কৰি অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী আলবানিজে প্রধানমন্ত্রী মোদীয়েই বছ বুলি আখ্যা দিয়ে৷ মোদীৰ ভাষণৰ অন্তত আলবানিজে সম্বোধন কৰি কয়– শেষবাৰ মই এই মঞ্চত ব্রুছ স্প্রীংষ্টিনক দেখিছিলো৷ আজি প্রধানমন্ত্রী মোদীয়ে যি ধৰণৰ আদৰণি পাইছে তেওঁ তেনেধৰণৰ আদৰণি পোৱা নাছিল৷ প্রধানমন্ত্রী মোদীয়েই বছ৷ উল্লেখ্য যে জাপানত অনুষ্ঠিত জি–৭ সন্মিলনত অংশগ্রহণ কৰিবলৈ হিৰোছিমাত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীয়ে পাছলৈ পাপুৱানিউগিনিয়া দেশ ভ্রমণৰ অন্তত এই তিনি ৰাষ্ট্র ভ্রমণৰ অন্তিম পর্যায়ত অষ্ট্রেলিয়া ভ্রমণ কৰে৷

You might also like