নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এডিডাছৰে চুক্তিবদ্ধ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ ব’ৰ্ড

বিশেষ বাৰ্তা, ২৩ মেঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতীয় দলৰ জার্ছী তৈয়াৰ কৰাৰ দায়িত্ব লাভ কৰিছে প্রখ্যাত ক্রীড়া সামগ্রী নির্মাণ সংস্থা এডিডাছে৷ এই সংস্থাটোৰ সৈতে পাঁচ বছৰৰ চুক্তি স্বাক্ষৰ কৰিলে ক্রিকেট ব’র্ডে৷ ব’ৰ্ডৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰা হৈছে৷ ইয়াৰ লগে লগে ভাৰতীয় দলৰ জার্ছীও সলনি হ’ব৷ টেষ্ট বিশ্বকাপত বগা জার্ছীত থাকিব তেওঁলোকৰ ল’গো৷ ব’ৰ্ডৰ ফালৰ পৰা জনোৱা হৈছে যে এডিডাছে কেৱল ৰোহিত শর্মা, বিৰাট কোহলিহঁতৰ জার্ছীয়ে নহয়, হৰমনপ্রীত কৌৰহঁতৰ জার্ছীও তৈয়াৰ কৰিব৷ ভাৰতীয় ব’ৰ্ডৰ সচিব জয় শ্বাহে কয় যে, ক্রিকেটক আৰু আগুৱাই নিবলৈ আমি বদ্ধপৰিকৰ৷ ভাৰতীয় ক্রিকেটাৰসকলক আৰু ভাল প্রদর্শন কৰিবলৈ এই সংস্থাটোৱে উদ্বুদ্ধ কৰিব বুলিও তেওঁ অনুভৱ কৰে৷ ভাৰতীয় ব’ৰ্ডৰ জার্ছী স্পনছৰ সংস্থা এডিডাছৰ মুখ্য কার্যবাহী বিষয়া বন গুল্ডেনে কয়, ভাৰতীয় ক্রিকেট দলৰ সৈতে জড়িত হ’বলৈ পাই আমি গৌৰৱান্বিত৷ ভাৰতত ক্রিকেট হৈছে আটাইতকৈ গুৰুত্বপূর্ণ খেল৷ এনে এটি দলৰ সৈতে জড়িত হ’বলৈ পোৱাটো আমাৰ বাবে অতিশয় গুৰুত্বপূর্ণ৷ উল্লেখ্য যে বিশ্বকাপ বিজয়ী ফুটবল দল আর্জেণ্টিনাৰ সৈতেও যুক্ত হৈ আছে এডিডাছ৷ এতিয়া ভাৰতৰ পুৰুষ, মহিলা, অনূর্ধ্ব ১৯, ভাৰত এ আৰু বি দলৰো জার্ছী তৈয়াৰ কৰিব এই সংস্থাটোৱে৷ ব’ডৰ সূত্রই জনোৱা মতে অহা মাহৰ পৰা ২০২৮ৰ মার্চ পর্যন্ত এডিডাছ ভাৰতীয় ক্রিকেটৰ সৈতে জড়িত হৈ থাকিব৷ অহা ৭ জুনত ভাৰতীয় ক্রিকেট দলে এডিডাছে তৈয়াৰ কৰা নতুন জার্ছী পৰিধান কৰি খেলপথাৰত অৱতীর্ণ হ’ব৷

You might also like