নিয়মীয়া বাৰ্তা, ২৪ মে’ : কোনো ঘন জংঘলত নহয় ছিপাঝাৰৰ এখন গাঁও এতিয়া মুখৰিত হৈ পৰিছে ধনেশ পক্ষীৰ কাকলিৰে। জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰেই জোপোহা গছ- লতিকাৰে পৰিপূৰ্ণ এডোখৰ ঠাই এতিয়া দুষ্প্ৰাপ্য ধনেশ পক্ষীৰ বিচৰণৰ মনোৰম থলীত পৰিণত হৈ পৰিছে।আনকি গাঁওখনৰ লোকেও এই পক্ষীবিধ সংৰক্ষণৰ বাবে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী তথা প্ৰশংসনীয় পদক্ষেপ। উল্লেখযোগ্য ছিপাঝাৰৰ ঘাৰোৱা-সোনাপুৰ গাঁৱৰ গোৱালঝাৰত আশ্ৰয় লৈ আছেহি দহ-বাৰটা ধনেশ চৰাইৰ এটা জাকে। বিগত বৰ্ষৰ ব’হাগ- জেঠ মাহৰ সময়ছোৱাত প্ৰথমবাৰৰ বাবে গোৱালঝাৰৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল এই ধনেশ পক্ষীকেইটা। জনবসতিপূৰ্ণ এলেকাটোৰ ওখ গছ তথা বাহনিৰে আবৃত্ত এডোখৰ ঠাইত মূলত এই পক্ষীবিধে আশ্ৰয় গ্ৰহণ কৰাটো চকুত পৰিছিল গাঁওবাসীৰ। গ্ৰামাঞ্চলত বিশেষকৈ জনবসতিপূৰ্ণ এলেকাৰ পৰা লাহে লাহে নাইকিয়া হোৱা দুষ্প্ৰাপ্য এই ধনেশ পক্ষী দেখাৰ লগে লগে স্থানীয় লোক আচৰিত হোৱাৰ সমানেই আনন্দিতও হৈছিল। বিশেষকৈ প্ৰকৃতিৰ প্ৰতি স্নেহশীল কেইজনমান যুৱকে নেতৃত্ব লৈ অঞ্চলটোৰ ৰাইজক সজাগ কৰি তোলাৰ প্ৰয়াস হাতত লয়।গঠন কৰি লয় “ধনেশ পক্ষী সংৰক্ষণ সমিতি”নামেৰে এটা অনুষ্ঠানৰো। আনকি পক্ষীবিধে ঠাইডোখৰ যাতে ত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পক্ষীবিধৰ সংৰক্ষণৰ বাবেই পক্ষীবিধে আশ্ৰয় লোৱা ঠাইৰ প্ৰায় ১কি:মি ব্যাসাৰ্ধ সামৰি বেচৰকাৰী ভাবেই ঘোষণা কৰিলে “ধনেশ পক্ষী সংৰক্ষিত এলেকা”। স্থানীয় যূৱক বিপুল শৰ্মাক সভাপতি, চন্দন বৰদলৈক সম্পাদক আৰু ক্ৰমে- মিন্টু শৰ্মা, ৰত্নজ্যোতি শৰ্মা, ৰাতুল শৰ্মা, হৰেকৃষ্ণ শৰ্মা, সিদ্ধাৰ্থ শৰ্মা, মৃদুল শৰ্মাকে ধৰি পঞ্চাশজন সদস্যৰে গঠন কৰা হয় ধনেশ পক্ষী সংৰক্ষণ সমিতিখন। এই সমিতিখনে গ্ৰহণ কৰা প্ৰস্তাৱ মতে নিদিষ্ট অঞ্চলটোত ধনেশ পক্ষীৰ লগতে অন্যান্য চৰাই আদিও কোনোৱেই চিকাৰ কৰিব নোৱাৰিব। তদুপৰি ধনেশ পক্ষী সংৰক্ষিত এই অঞ্চলটোত ফটকা ফুটুৱা আদিও নিষিদ্ধ কৰা হয়। এই ক্ষেত্ৰত গাঁওখনৰ কেইবাঠাইতো চাইন-বৰ্ড পৰ্যন্ত লগোৱা হৈছে। কেৱল ইমানেই নহয় এই সমিতিখনে মাজে সময়ে ধনেশ পক্ষীকেইটাক খাদ্যৰো যোগান ধৰিছিল। কিন্তু সাধাৰণতে ওখতকৈও ওখ গছ বা জোপোহা গছ পক্ষী বিধৰ বিচৰণৰ উপযুক্ত হিচাপে বিবেচিত হোৱাৰ বাবে সাধাৰণতে চাল চলন সাধাৰণ ৰাইজৰ দৃষ্টিত নপৰে। কিন্তু পক্ষীবিধৰ মাত এতিয়া অঞ্চলবাসীৰ বাবে পৰিচিত। এনে পৰিপ্ৰেক্ষিতে সমিতিৰ লগত জড়িত যূৱক কেইজনে অতি কষ্ট আৰু সযতনে যথেষ্ট ওখ ঠাইত ধনেশ পক্ষীৰ খাদ্য হিচাবে পকা কলৰ আখিবোৰ থৈ দিয়াৰ ব্যৱস্থা কৰিছিল তেওঁলোকে। লক্ষণীয় যে বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ লগে লগে পক্ষীকেইটিয়ে ঠাইডোখৰ ত্যাগ কৰিছিল যদিও এতিয়া পুনৰ আকৌ ওভতি আহিছে চৰাইৰ জাকটো।আকৌ স্হানীয় ৰাইজে শুনিবলৈ পাইছে পক্ষীবিধৰ কলৰৱ। আনকি ওখ গছত প্ৰত্যক্ষও হৈছে চৰাই বিধ।যাৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে ধনেশ পক্ষী সংৰক্ষণ সমিতিৰ বিষয়ববীয়া সকল। সম্পাদক চন্দন শৰ্মাই ‘নিয়মীয়া বাৰ্তা’ক জনোৱা অনুসৰি এই বেলি ধনেশ পক্ষীৰ বাবে কাঠৰ বাহ পৰ্যন্ত সাজি দিয়াৰ বিষয়েও চিন্তা কৰা হৈছে। বতাহ-বৰষুণত সুবিধাজনকভাবে আশ্ৰয় ল’বৰ বাবে গছ-বাহ আদিত কাঠৰ বাহবোৰ ধনেশ পক্ষীৰ বাবে স্হাপন কৰি ৰখাৰ ব্যৱস্থা কৰা হ’ব বুলিও পক্ষীপ্ৰেমীজনে উল্লেখ কৰে। সাধাৰণতে জনসংখ্যা বৃদ্ধিৰ ফলত ক্ৰমান্বয়ে লোপ পাই অহা জনাঞ্ছলৰ বাবে অৱধাৰিত ভাবে বন্যপ্ৰাণী আৰু মানুহৰ মাজত এক সংঘাটৰ সৃষ্টি হোৱাৰ সময়তে ছিপাঝাৰত এটা সৰু অঞ্চলৰ ৰাইজে গ্ৰহণ কৰা এই পদক্ষেপ যথেষ্ট ইতিবাচক হিচাপে পৰিগণিত হৈছে। পৰিকল্পনা মতেই পক্ষীবিধৰ স্থায়ী সংৰক্ষণৰ কামখিনি হৈ উঠিলে ঠাইখন এটা পৰ্যটন কেন্দ্ৰ হিচাপেও গঢ় লোৱাৰ সম্ভাৱনা আছে।
প্ৰেৰক ৰণজিত কুমাৰ নাথ