নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহ বিচ্ছেদৰ হাৰ

নাৰী–পুৰুষৰ পৱিত্র বৈবাহিক বান্ধোন ভাঙোন হ’লে বিবাহ বিচ্ছেদ৷ বিশ্বজুৰি প্রতিটো প্রান্ততে সামাজিক নিয়ন্ত্রণৰ ক্ষেত্রত গুৰুত্বপূর্ণ হিচাপে বিবেচিত বৈবাহিক বান্ধোন বর্তাই ৰখাৰ ওপৰত গুৰুত্ব দিয়া হয় যদিও এই বৈবাহিক সম্পর্ক বিচ্ছেদৰ বাবে আইনী ব্যৱস্থাও আছে৷ বিবাহ বিচ্ছেদক লৈ ৱর্ল্ড অৱ ষ্টেটিছটিকছে প্রকাশ কৰা প্রতিবেদন মতে ভাৰতৰ বাবে সুখবৰ আছে৷ ভাৰতত বিবাহ বিচ্ছেদৰ হাৰ পৃথিৱীৰ অন্য দেশৰ তুলনাত অতিকে কম৷ দেশখনত বিবাহ বিচ্ছেদৰ হাৰ মাত্র ১ শতাংশ৷ প্রতিবেদন মতে এছিয়াৰ দেশসমূহৰ বৈবাহিক সম্পর্ক, বিচ্ছেদৰ হাৰ পশ্চিমীয়া দেশৰ তুলনাত কম৷ ইউৰোপ আৰু আমেৰিকাত পৰিয়ালৰ বিশেষকৈ বৈবাহিক সম্পর্ক ভাঙোনৰ হাৰ অধিক৷ প্রতিবেদন মতে ভাৰতত সবাতোকৈ কম ১ শতাংশৰ বিপৰীতে পর্তুগালত সর্বাধিক বিবাহ বিচ্ছেদৰ হাৰ ৯৪ শতাংশ৷ বিবাহ বিচ্ছেদৰ হাৰৰ তালিকাত ভিয়েটনাম ৭ শতাংশ, তাজিকিস্তান ১০ শতাংশ, ইৰাণ ১৪ শতাংশ, মেক্সিকো ১৭ শতাংশ, ইজিপ্ত ১৭ শতাংশ, দক্ষিণ আফ্রিকা ১৭ শতাংশ, ব্রাজিল ২১ শতাংশ, তুৰস্ক ২৫ শতাংশ, কলম্বিয়া ৩০ শতাংশ, পোলেণ্ড ৩৩ শতাংশ, জাপান ৩৫ শতাংশ, জার্মানী ৩৮ শতাংশ, গ্রেট ব্রিটেইন ৪১ শতাংশ, নিউজিলেণ্ড ৪১ শতাংশ, অষ্ট্রেলিয়া ৪৩ শতাংশ, চীন ৪৪ শতাংশ, আমেৰিকা যুক্তৰাষ্ট্র ৪৫ শতাংশ, দক্ষিণ কোৰিয়া ৪৬ শতাংশ, ডেনমার্ক ৪৬ শতাংশ, ইটালী ৪৬ শতাংশ, কানাডা ৪৭ শতাংশ, নেদাৰলেণ্ডছ ৪৮ শতাংশ, ছুইডেন ৫০ শতাংশ, ফ্রান্স ৫১ শতাংশ, বেলজিয়াম ৫৩ শতাংশ, ফিনলেণ্ড ৫৫ শতাংশ, কিউবা ৫৫ শতাংশ, ইউক্রেইন ৭০ শতাংশ, ৰাছিয়া ৭৩ শতাংশ, লুক্সেমবার্গ ৭৯ শতাংশ, স্পেইন ৮৫ শতাংশ আৰু পর্তুগালৰ ৯৪ শতাংশ৷ ভাৰতত বিবাহ বিচ্ছেদৰ হাৰ সবাতোকৈ কম হোৱাৰ মূল কাৰণ হিচাপে চিহ্ণিত হৈছে পৰিয়ালতান্ত্রিক ব্যৱস্থা বর্তাই ৰখা আৰু প্রমূল্যবোধ মানি চলা৷ বিশ্বৰ বাকীবোৰ দেশত এনেধৰণৰ ধাৰণা অতি কম বাবেই বিবাহ বিচ্ছেদৰ হাৰ বেছি৷
বিবাহ বিচ্ছেদ কিয় হয় ইয়াৰ আঁৰত অনেক কাৰণ নিহিত হৈ আছে৷ প্রধানতঃ নাৰী–পুৰুষৰ মাজৰ বৈবাহিক সম্পর্ক কিম্বা যুগ্ম জীৱনৰ সম্পর্কৰ মাজত থাকিবলগীয়া প্রতিশ্রুতি ভংগ হ’লেই বিবাহ বিচ্ছেদৰ কাৰণ হৈ পৰে৷ ইপিনে অবিশ্বাস–প্রতাৰণা আৰু বিত্তীয় প্রত্যাহ্বানো বিবাহ বিচ্ছেদৰ অন্যতম কাৰণ হিচাপে চিহ্ণিত হৈছে৷ সম্পর্ক বর্তি থাকে প্রধানতঃ মুক্ত যোগাযোগ, ঘনিষ্ঠ সম্পর্ক আৰু সহমর্মিতাৰ আধাৰত৷ এই ভিত্তি যদি হেৰাই যায় তেতিয়াহ’লে নাৰী–পুৰুষৰ সম্পর্কৰ মাজত ভাঙোন আৰম্ভ হয়৷ এনে কাৰণতে পৱিত্র বৈবাহিক সম্পর্কও বিচ্ছেদলৈ ৰূপান্তৰ হয়৷ বিবাহ বিচ্ছেদক লৈ চলোৱা অধ্যয়ন আৰু গৱেষণাত এই কথাও স্পষ্ট হৈছে যে সংস্কৃতি আৰু প্রজন্মভিত্তিক বিভাজনেও বিচ্ছেদৰ কাৰণ হৈ উঠিছে৷ নাৰী–পুৰুষৰ মাজত মৰম আৰু ঘনিষ্ঠতা, যোগাযোগ সমস্যাৰ লগতে সহমর্মিতা, আস্থা আৰু শ্রদ্ধাৰ গুৰুত্ব হ্রাস পালেও সম্পর্কত ভাঙোন আহে৷ আনপিনে সন্তানৰ ক্ষেত্রত আহি পৰা বিভিন্ন কাৰণেও নাৰী–পুৰুষৰ বৈবাহিক সম্পর্কত ব্যাঘাত হৈ উঠে৷ তদুপৰি সঘনাই উভয়ৰ মাজত হোৱা যুক্তি, তর্ক আৰু কাজিয়াও সম্পর্কত প্রভাৱ পেলায়৷ দুই সংগীৰ মাজত বৈষম্য, অতি কম বয়সতে সম্পর্ক গঢ়ি তোলা, ঘৰুৱা কামক লৈ সংঘাত, পৰিয়ালৰ সমর্থনৰ অভাৱ আৰু ধর্মীয় বিভেদেও বিবাহ বিচ্ছেদত অৰিহণা যোগায়৷ বিবাহ বিচ্ছেদৰ ভিতৰত প্রতিশ্রুতি তথা অংগীকাৰ ভংগ কৰাৰ বাবে ৭২.২ শতাংশ সংঘটিত হয়, অতিমাত্রা যুক্তি, তর্ক আৰু সংঘাতৰ বাবে ৫৫ শতাংশ, প্রতাৰণা আৰু অবিশ্বাসৰ বাবে ৫৪.৬ শতাংশ, কম বয়সতে বিবাহৰ বাবে ৪৫.৭ শতাংশ অবাস্তৱিত আকাংক্ষা–আশাৰ বাবে ৪৫.৩ শতাংশ, বৈষম্যৰ কাৰণে ৪৩.৭ শতাংশ, অপর্যাপ্ত প্রস্তুতিৰ বাবে ৪১.১ শতাংশ, ঘৰুৱা হিংসাৰ বাবে ২৯.১ শতাংশ, বিত্তীয় সমস্যাৰ বাবে ২৮.৪ শতাংশ, পৰিয়ালৰ সমর্থনৰ অভাৱৰ বাবে ১৮.৭ শতাংশ আৰু ধর্মীয় বিভেদৰ বাবে ১৩.২ শতাংশ বিবাহ বিচ্ছেদ হয়৷ পৱিত্র বৈবাহিক সম্পর্ক তথা নাৰী–পুৰুষৰ মাজৰ সম্পর্ক বিচ্ছেদলৈ পর্যবসিত হোৱাৰ পূর্বে উভয়ে অধিক বিশ্বাস, পাৰস্পৰিক শ্রদ্ধা আৰু সমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্রয়োজন অতিকে গুৰুত্বপূর্ণ৷

You might also like