নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাতমুঠিৰো খৰচ বাঢ়িল

🔷 বজাৰৰ জুইত দগ্ধ ৰাজ্যৰ সাধাৰণ জনতা

বিশেষ বাৰ্তা, ১০ জুনঃ বিদ্যুৎ মাচুল বৃদ্ধি–স্মার্ট মিটাৰৰ সংস্থাপনে ৰাজ্যবাসীক নগুৰ–নাগতি কৰাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি শেহতীয়াকৈ অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী দামে পুনৰ অতিষ্ঠ কৰি তুলিছে ৰাজ্যৰ সর্বসাধাৰণ লোকক ৷ এক কথাত ক’বলৈ গ’লে বজাৰৰ দামবৃদ্ধিৰ জুয়ে সর্বসাধাৰণ লোকক এফালৰ পৰা যেন দগ্ধ কৰি নিছে ৷ ৰাজ্যৰ খুচুৰা বজাৰত শেহতীয়াকৈ অভাৱনীয় হাৰত বাঢ়িছে চাউলৰ দাম৷ ৰঞ্জিত–পৰিমলৰ দৰে সাধাৰণ চাউলৰ পৰা ৰামপাল–আইজং পর্যন্ত প্রত্যেক ব্রেণ্ডৰ চাউলৰ দাম অভাৱনীয়ভাৱে বাঢ়িছে ৷ কার্যতঃ ৰাজ্যৰ সর্বস্তৰৰ জনসাধাৰণৰ বাবে খৰচ বাঢ়িছে ভাতমুঠিৰো ৷ মহানগৰীৰ একাংশ ব্যৱসায়ীৰ পৰা জানিব পৰা মতে, এমাহ পূর্বে প্রতি কিলোগ্রামত ৪০ টকা দাম আছিল আইজং চাউলৰ ৷ এতিয়া এই দাম হৈছেগৈ ঠাইভেদে ৪২–৪৫ টকা প্রতি কিলোগ্রামত৷ ঠিক একেদৰে ৰঞ্জিত–পৰিমল ব্রেণ্ডৰ চাউলৰ দাম আছিল প্রতি কিলোগ্রামত ৩০ টকা৷ এতিয়া ৩৫ টকা প্রতি কিলোগ্রামৰ দাম হৈছে৷ একেদৰে ৰাইজৰ মাজত অধিক জনপ্রিয় ব্রেণ্ড আৰহাম (উখোৱা) চাউল ৪২ টকাৰ পৰা একে কোবে ৪৭ টকা প্রতি কিলোগ্রামত উপলব্ধ হৈছে৷ সাধাৰণ চাউলৰ লগতে ৰাইজৰ মাজত অন্যতম জনপ্রিয় ৰামপাল ব্রেণ্ডৰ দাম প্রতি কিলোগ্রামত এমাহ পূর্বে আছিল ৬০ টকা৷ সেয়া একে কোবেই হ’লগৈ ৬৫ টকা ৷ ব্যৱসায়িক সূত্র এটাই সদৰী কৰা মতে, কি কাৰণত চাউলৰ দাম বাঢ়িল সেয়া অৱগত নহয় যদিও কুইণ্টল হিচাপত প্রতিটো ব্রেণ্ডৰ দাম গড়ে ১০০–২০০ টকালৈ বাঢ়িছে৷ অৱশ্যে এয়া পাইকাৰী মূল্যহে৷ খুচুৰা দাম নিশ্চিতভাৱে আৰু অধিক হ’ব৷ দাম বৃদ্ধিয়ে সর্বসাধাৰণক জুৰুলা কৰাৰ সময়তে পুনৰ বাঢ়িছে মাহ জাতীয় সামগ্রীৰ দাম৷ প্রায় এমাহ পূর্বলৈকে ১০০ টকা প্রতি কিলোগ্রামত উপলব্ধ হোৱা মগু দাইলৰ দাম ১১০ টকালৈ বৃদ্ধি পালে৷ একেদৰে মচুৰ দাইল ৭৫ টকাৰ পৰা প্রতি কিলোগ্রামত হ’লগৈ ৮৪ টকা৷ ৰহৰ দাইল ১১০ টকাৰ পৰা একে কোবেই ১৫ টকা বৃদ্ধি হৈ প্রতি কিলোগ্রামত ১২৫ টকাকৈ বর্তমান বজাৰত উপলব্ধ হৈছে৷ খাটিখোৱা ৰাইজৰ পৰা ধনিক শ্রেণীলৈকে সকলোৰেই প্রিয় খাদ্য হৈছে কণী৷ কিন্তু শেহতীয়াকৈ কণীৰ দামো বাঢ়িছে৷ এমাহ পূর্বলৈকে ১২ টকা প্রতিযোৰ কণীৰ দাম আছিল যদিও বর্তমান ১৪ টকা প্রতিযোৰত হৈছেগৈ৷ অর্থাৎ প্রতিটো কণীৰ দাম এমাহৰ ভিতৰত ৬ টকাৰ পৰা একে কোবেই ১ টকা বৃদ্ধি হৈ ৭ টকা হৈছে৷ অত্যাৱশ্যকীয় সামগ্রীৰ হঠাৎ দাম বৃদ্ধিৰ সমান্তৰালভাৱে বাঢ়িছে আমিষ খাদ্যৰ বাবে অন্যতম উপাদান আদা, নহৰু, পিঁয়াজ আৰু আলুৰ দামো৷ যোৱা এমাহ পূর্বে আদাৰ পাইকাৰী মূল্য আছিল প্রতি কিলোগ্রামত ১০০ৰ পৰা ১২০ টকা৷ সম্প্রতি ৰাজ্যৰ ভিন্ন প্রান্তৰ বজাৰত ঠাইভেদে আদাৰ মূল্য হৈছে প্রতি কিলোগ্রামত ১৮০ৰ পৰা ২০০ টকাপর্যন্ত৷ অৱশ্যে যদিহে কোনো লোকে পাল্লা হিচাপত অর্থাৎ ৫ কিলোগ্রাম আদা একেলগে ক্রয় কৰে, তেন্তে ১৬০–১৭০ টকাত লাভ কৰে৷ নাম প্রকাশত অনিচ্ছুক ফাঁচীবজাৰৰ একাংশ ব্যৱসায়ীৰ মতে, বর্তমান বজাৰত থলুৱাভাৱে উৎপাদিত আদা পোৱা নাযায় বা পালেও মূল্য অধিক৷ গতিকে লাভৰ তুলনাত লোকচান অধিক হয়৷ যিহেতু বর্তমান অকল মেঘালয়ৰ শ্বিলঙৰ পৰাই আদা অসমলৈ আহি আছে, গতিকে দাম উৎসতে বৃদ্ধি হোৱা বাবে ইয়াতো বঢ়াবলগীয়া হৈছে বুলি ব্যৱসায়ীসকলে মত প্রকাশ কৰে৷ একেদৰে আদাৰ পিছত দাম বাঢ়িছে নহৰুৰ৷ কিছুদিন পূর্বলৈকে প্রতি কিলোগ্রাম নহৰুৰ খুচুৰা মূল্য আছিল ১০০ টকা৷ এতিয়া সেয়া হৈছেগৈ ১২০ টকা ৷ ব্যৱসায়ীসকলে জনোৱা মতে, বর্তমান অসমত ৰাজস্থান আৰু ওড়িশাৰ পৰা অহা ‘লাডুৱা’ ব্রেণ্ডৰ নহৰু উপলব্ধ হৈছে৷ স্থানীয়ভাৱে উৎপাদিত নহৰু কিছু ঠাইত পোৱা যায় যদিও সুবিধাজনক নোহোৱা বাবে সাধাৰণ লোকে পছন্দ নকৰে ৷ তদুপৰি স্থানীয় নহৰুৰ দামো বাহিৰৰ পৰা অহা নহৰুতকৈ অধিক হোৱা বাবে ব্যৱসায়ীসকলে খুচুৰাভাৱে বিক্রী কৰিবলৈ অনীহা প্রকাশ কৰে ৷ তেওঁলোকৰ মতে, লাভৰ তুলনাত লোকচান অধিক হ’ব ৷ একেদৰে পিঁয়াজ আৰু আলুৰ দাম পূর্বৰ তুলনাত কিছু বাঢ়িছে ৷ ৰাজ্যৰ বজাৰত বর্তমানে আগ্রা আৰু পশ্চিমবংগৰ পৰা অহা আলু উপলব্ধ হৈছে ৷ কিছুদিন পূর্বলৈ প্রতি কিলোগ্রামত ১৫–১৭ টকাকৈ উপলব্ধ হোৱা বেংগল আলু এতিয়া ২০ টকা হোৱাৰ লগতে আগ্রাৰ আলু ২২–২৫ টকা হৈছেগৈ ৷ আদা–নহৰু আৰু আলুৰ পিছত এতিয়া পিঁয়াজেও ৰাইজক কন্দুৱাইছে ৷ আমিষ–নিৰামিষ প্রতিটো ব্যঞ্জনৰ কাৰণে অত্যাৱশ্যকীয় পিঁয়াজ সম্প্রতি ৩০–৩৫ টকা প্রতি কিলোগ্রামত বজাৰত বিক্রী হৈছে ৷ জানিব পৰা মতে, ৰাজ্যত নাচিক আৰু ৰাজস্থানৰ পৰা পিঁয়াজ আহি আছে ৷ কিন্তু দুয়ো ঠাইতে এইবাৰ উৎপাদন কিছু কম হোৱা বাবে পিঁয়াজৰ মূল্য হঠাতে বাঢ়িছে ৷ অত্যাৱশ্যকীয় সামগ্রীৰ লগতে বাঢ়িছে শাক–পাচলিৰ দামো ৷ যি সময়ত গ্রামাঞ্চলত কৃষকে উচিত মূল্য নাপাই উৎপাদিত ফচল ৰাস্তাত পেলাই দিবলগীয়া হৈছে, সেই সময়তে গুৱাহাটীত আকাশলংঘী মূল্য হৈছে শাক–পাচলিৰ ৷ মহানগৰীৰ মূল বজাৰসমূহত জিকা, বেঙেনা, বিলাহী যিধৰণৰ শাক–পাচলিয়েই নহওক নূ্যনতম দৰ ৪০–৬০ টকাৰ তলত নাই৷ স্থানীয়ভাৱে উৎপাদিত ভাতকেৰেলা বর্তমানো বজাৰত উপলব্ধ নোহোৱাৰ সুযোগ গ্রহণ কৰি একাংশ ব্যৱসায়ীয়ে বহিঃৰাজ্যৰ পৰা আমদানিকৃত ভাতকেৰেলা স্থানীয়ভাৱে উৎপাদিত বুলি কৈ ৭০ৰ পৰা ৮০ টকাকৈ প্রতি কিলোগ্রামত গ্রাহকৰ পৰা সংগ্রহ কৰিছে ৷ তেওঁলোকৰ মতে, এইবাৰ উৎপাদন কম৷ গতিকে বাহিৰৰ পৰা আনি বিক্রী কৰিবলগীয়া হোৱা বাবেই দাম বাঢ়িছে৷ লক্ষণীয় যে অত্যাৱশ্যকীয় সামগ্রীৰ পৰা শাক–পাচলিলৈকে প্রতিটো স্তৰতেই অভাৱনীয়ভাৱে দাম বাঢ়িছে৷ খাটিখোৱা ৰাইজৰ কথাতো বাদেই, দামবৃদ্ধিৰ কেঁকোৰা চেপাই বাৰুকৈয়ে প্রভাৱান্বিত কৰিছে মধ্যবিত্তক ৷ ৰাইজতো বাদেই, ব্যৱসায়ীয়েও নাজানে প্রকৃততে কিহৰ বাবে বস্তুৰ দাম বাঢ়িছে ৷ দাম বৃদ্ধিয়ে চৌদিশৰ পৰা জুৰুলা কৰি অনা ৰাইজে এইক্ষেত্রত চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে৷

You might also like