নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ধিত উষ্ণতাক লৈ উদ্বিগ্ণ বিজ্ঞানীৰ সতর্কবাণী

মানৱ জাতিৰ বাবে সবাতোকৈ প্রত্যাহ্বানমূলক সমস্যা হিচাপে থিয় দিছে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তন৷ পৃথিৱীৰ তাপমাত্রা দিনে দিনে বর্ধিত হৈ থকাৰ পৰিপ্রেক্ষিতত অভাৱনীয়ভাৱে জলবায়ুৰ পৰিৱর্তন ঘটিছে৷ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ বিষয়টোক লৈ ৰাষ্ট্রসংঘই নিয়ন্ত্রণৰ বাবে পদক্ষেপ গ্রহণ কৰিলেও সেয়া ৰূপায়িত হোৱা নাই৷ কার্যতঃ ৰাষ্ট্রসংঘৰ জলবায়ু নীতি প্রহসনত পৰিণত হৈছে৷ বর্ধিত গোলকীয় উষ্ণতা সম্প্রতি মানৱ জাতিৰ বাবে বিপদঘণ্টা৷ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ ভয়াৱহতাই মানৱ জাতিৰ বাবে ক্ষণে ক্ষণে প্রত্যাহ্বান নমাই আনিছে৷ মানৱসৃষ্ট কাৰকৰ বাবেই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনে বিশ্বজুৰি কল্পনাতীত প্রাকৃতিক দুর্যোগৰ মাজলৈ ঠেলি দিছে জীৱশ্রেষ্ঠক৷ প্রতি দশকত ০.২ ডিগ্রী চেলছিয়াছকৈ পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাই আছে৷ আৰু ইয়ে মানৱ জাতিৰ অস্তিত্বৰ প্রতি ভাবুকি নমাই আনিছে৷ মানৱ জাতিৰ বাবে বিপজ্জনক হৈ উঠা এই উষ্ণতা নিয়ন্ত্রণৰ ক্ষেত্রত নীতি নির্ধাৰকে কঠোৰ নীতি ৰূপায়ণ নকৰিলে শীঘ্রেই পৃথিৱীলৈ ভয়াৱহ পৰিস্থিতি নামি আহিব বুলি সকীয়নি দিছে বিশ্বৰ ৫০ শীর্ষ বিজ্ঞানীয়ে৷ বিশ্বৰ শীর্ষ বিজ্ঞানীসকলে প্রকাশ কৰা তথ্য অনুসৰি ২০১৩ চনৰ পৰা ২০২২ চনলৈকে মানৱসৃষ্ট কাৰণত গোলকীয় উষ্ণতা ০.২ ডিগ্রী চেলছিয়াছতকৈ অধিক বৃদ্ধি পাইছে৷ বার্ষিক গড়ে সেউজ গৃহ গেছ বিশেষকৈ কার্বন–ডাই–ক্সাইডৰ্ পৰিমাণ সর্বকালৰ সর্বাধিক ৫৪ বিলিয়ন টন বায়ুমণ্ডলত সমাহিত হৈছে৷ ইয়ে বায়ুমণ্ডল প্রদূষিত কৰাৰ লগতে উষ্ণতা বৃদ্ধিত প্রধান অৰিহণা যোগাইছে৷ লীডছ বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ অধ্যাপক, বিজ্ঞানীৰ দলটোক নেতৃত্ব দিয়া পিয়ার্ছ ফর্ষ্টাৰে প্রকাশ কৰা মতে যদিও ১.৫ ডিগ্রী চেলছিয়াছ উষ্ণতা নিয়ন্ত্রণৰ ক্ষেত্রত কার্বন বাজেটক গুৰুত্ব দিয়া নাই, ইয়ে পৰৱর্তী বর্ষত পৃথিৱীৰ অস্তিত্বলৈ শংকা নমাই আনিব৷ বিজ্ঞানীৰ দলটোৱে প্রকাশ কৰা মতে মানৱসৃষ্ট কার্যকলাপৰ বাবে সেউজ গৃহ গেছৰ নির্গমন বর্ধিত হৈ থকাত ১৮৫০–১৯০০ আৰু ২০১১–২০২০ৰ মাজত গোলকীয় উষ্ণতা ১.১ ডিগ্রী চেণ্টিগ্রেড বর্ধিত হৈছে৷ জীৱাশ্ম ইন্ধন গ্রহণৰ বাবেই বায়ুমণ্ডলত সমাহিত হোৱা কার্বন ডাই–ক্সাইড, মিথেন আৰু আন গেছবোৰে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছিল৷ এই কথা বিশ্বৰ দেশসমূহে গুৰুত্ব দিয়া উচিত যে এনেধৰণৰ জীৱাশ্ম ইন্ধনৰ পৰা নির্গত গেছৰ পৰিমাণ যাতে ২৫০ বিলিয়ন টনতকৈ অধিক হৈ নপৰে৷
প্রণিধানযোগ্য যে মানৱসৃষ্ট কাৰণতেই অভাৱনীয়ভাৱে গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত অতি খৰাং, অতি বৰষুণ, অতি ঠাণ্ডা, অতি গৰম হৈ পৰিছে পৃথিৱীৰ বিভিন্ন প্রান্ত৷ কাহানিও বৰষুণ নোহোৱা স্থানত বৰষুণ, গৰম অঞ্চলত হঠাতে ঠাণ্ডা, শীতল অঞ্চলত অস্বাভাৱিকভাৱে তাপমাত্রা বৃদ্ধি পোৱা আদি ভয়াৱহতা জলবায়ু পৰিৱর্তনৰে ইংগিত বুলি বিজ্ঞানীসকলে মানি লৈছে৷ কল্পনাতীত খৰাঙৰ সমান্তৰালকৈ প্রলয়ংকৰী বানৰ প্রকোপ বৃদ্ধি পাইছে৷ বিশ্বৰ বিভিন্ন দেশত বনজুইৰ সংহাৰ বর্ধিত হৈছে৷ সাগৰীয় ঘূর্ণি বতাহৰ প্রকোপ বাঢ়িছে৷ আনকি পূর্বতকৈ অধিক জ্বালামুখীৰ উদ্গীৰণো সঘনাই হৈছে৷ পূর্বৰ প্রাকৃতিক পৰিৱেশ আৰু পাৰিপার্শ্বিকতাৰ মাজত গোলকীয় উষ্ণতা বৃদ্ধিয়ে ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে৷ মানৱসৃষ্ট এই গোলকীয় উষ্ণতা নিয়ন্ত্রণ কৰিব নোৱাৰিলে মানৱ জাতিয়ে কঠিনতকৈও কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি ৫০জনীয়া শীর্ষ বিজ্ঞানীৰ দলে সকীয়নি দিছে৷ উল্লেখ্য যে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তন নিয়ন্ত্রণৰ বাবে বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ উদ্যোগত জলবায়ু সন্মিলন অনুষ্ঠিত কৰি আহিছে৷ পেৰিছ জলবায়ু চুক্তিৰ জৰিয়তে বায়ুমণ্ডলত কার্বন–ডাই–ক্সাইডৰ্ পৰিমাণ বৃদ্ধি কৰি সেউজ গৃহ গেছ নির্গমন হ্রাস কৰাৰ কঠোৰ সিদ্ধান্ত লোৱা হয় যদিও সেয়া প্রহসনত পৰিণত হয়৷ পেৰিছ জলবায়ু চুক্তি অনুসৰি গোলকীয় উষ্ণতা বৃদ্ধি ১.৫ ডিগ্রী চেলছিয়াছতে সীমাবদ্ধ কৰি ৰাখিবলৈ জীৱাশ্ম ইন্ধন বিশেষকৈ কয়লাৰ প্রয়োগ হ্রাস কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় যদিও এই জলবায়ু চুক্তি উন্নত দেশ প্রধানতঃ আমেৰিকাৰ বাবেই ৰূপায়ণত ব্যর্থ হয়৷ এই চুক্তিৰ যথার্থ ৰূপায়ণৰ ব্যর্থতাৰ পিছত গ্লাছগোত পুনৰ ৰাষ্ট্রসংঘই জলবায়ু সন্মিলন অনুষ্ঠিত কৰি পেৰিছ চুক্তি ৰূপায়ণত গুৰুত্ব দিয়াৰ লগতে বর্ধিত গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ বাবে ক্ষতিগ্রস্ত উন্নয়নশীল দেশ আৰু দৰিদ্র দেশক ক্ষতিপূৰণৰ বাবে পুঁজি গঠনৰ সিদ্ধান্ত লোৱা হয়৷ উন্নত দেশে এই পুঁজি যোগান ধৰিব৷ পেৰিছ চুক্তিৰ পৰা গ্লাছগো চুক্তিলৈকে জলবায়ু পৰিৱর্তন ৰোধৰ বাবে যিবোৰ নীতি গ্রহণ কৰা হয় সেইবোৰ এতিয়ালৈকে কার্যকৰীকৰণত বিশেষ সফল হোৱা নাই৷ এই চলি থকাৰ মাজতে পৰৱর্তী ৰাষ্ট্রসংঘৰ জলবায়ু সন্মিলন কপ–২৮ ডুবাইত অনুষ্ঠিত হ’ব৷ ডুবাইত কপ–২৮ অনুষ্ঠিত হোৱাৰ পূর্বে জলবায়ু পৰিৱর্তন আৰু গোলকীয় উষ্ণতাক লৈ বিজ্ঞানীসকলে যিধৰণৰ সকীয়নি দিছে তাক লৈ উক্ত কপ–২৮ত বিশ্ব নেতাসকলৰ মাজত মতানৈক্য হ’ব নে বিজ্ঞানীসকলৰ সকীয়নি মানি লৈ গোলকীয় উষ্ণতা নিয়ন্ত্রণৰ বাবে একত্রিত হ’ব সেয়া বিচার্য৷ বিশ্বৰ ৫০ শীর্ষ বিজ্ঞানীয়ে বর্ধিত পৃথিৱীৰ তাপমাত্রাক লৈ উদ্বিগ্ণতা প্রকাশ কৰি বিশ্ববাসীক সতর্কবাণী দিয়াৰ পিছত এই সতর্কবাণীক ৰাষ্ট্রসংঘৰ লগতে বিশ্বৰ শক্তিশালী দেশসমূহে গুৰুত্ব দিয়া উচিত৷ অন্যথা পৃথিৱীৰ তাপমাত্রা বৃদ্ধিয়ে জীৱকুলৰ অস্তিত্বৰ প্রতি ভাবুকি নমাই আনিব৷ তাপমাত্রা নিয়ন্ত্রণৰ ক্ষেত্রত বিজ্ঞানীসকলে আগবঢ়োৱা পৰামর্শও সঠিকভাৱে ৰূপায়ণৰ বাবে বিশ্ববাসী আগবাঢ়ি অহা উচিত৷

You might also like