নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ পানীদিহিঙত পথ নিৰ্মাণত ত্ৰিশূল গোষ্ঠীৰ লুণ্ঠনৰাজ

👉১০ কোটিটকীয়া পথ নিৰ্মাণত ভয়ংকৰ জালিয়াতি

👉বিষয়া-অভিযন্তাৰে মিলি ত্ৰিশূল গোষ্ঠীৰ কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ

👉ত্ৰিশূল গোষ্ঠীৰ সুৰক্ষাত লোক নিৰ্মাণৰ দুই ধুৰন্ধৰ বিষয়াৰ

👉স্থানীয় গাঁওবাসীৰ পৰা সকলো তথ্য গোপন কৰাৰ অভিযোগ বিষয়াৰ বিৰুদ্ধে

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ বিশ্ব পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু স্বৰূপ শিৱসাগৰ জিলাৰ পানীদিহিং পক্ষী অভয়াৰণ্যত চলিছে ত্ৰিশূল নামৰ এটা বহু বিতৰ্কীত ঠিকাদাৰী প্ৰতিস্থানৰ মহা লুন্ঠনৰাজ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰাম্য অঞ্চলৰ পথ যোগাযোগত যুগান্তকাৰী পৰিৱৰ্তনৰ অৰ্থে কোটি কোটি টকা ব্যয়ৰে যোগাযোগ সূচল কৰিবলৈ ব্যাপক তৎপৰতা অৱলম্বন কৰাৰ সময়তেই শিৱসাগৰত পোহৰলৈ আহিছে ত্ৰিশূল নামৰ বহু বিতৰ্কীত ঠিকাদাৰী প্ৰতিস্থানটোৱে এটা প্ৰায় দহ কোটি টকীয়া পথ নিৰ্মাণত সংঘটিত ভয়ংকৰ অনিয়মৰ তথ্য৷ শিৱসাগৰস্থিত লোক নিৰ্মাণ বিভাগৰ কেইগৰাকীমান ধূৰন্দৰ বিষয়া-অভিযন্ত্ৰাৰ সৈতে মিলি ত্ৰিশূল নামৰ ঠিকাদাৰ গোষ্ঠী টোৱে এই ভয়ংকৰ অনিয়ম-জালিয়াতি সংঘটিত কৰিছে শিৱসাগৰ জিলাৰ পানীদিহিং পক্ষী অভয়াৰণ্যৰ মাজেদি পাৰ হৈ যোৱা দীৰ্ঘ দূৰত্বৰ এটা পেভাৰ ব্লকৰ পথ নিৰ্মাণত৷ পানীদিহিং পক্ষী অভয়াৰণ্যৰ পক্ষীকূলৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ অহা পৰ্য্যটকৰ লগতে মিচিং জনবসতি পুৰ্ণ অঞ্চলটোৰ মাজেদি পাৰ হৈ যোৱা তথা পক্ষী অভয়াৰণ্য সংযোগী বৃহত দৈঘ্যৰ পথটোৰ নিৰ্মাণত কোটি কোটি টকাৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগক লৈ শিৱসাগৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷বৃহত্তৰ মিচিং অধ্যূষিত অঞ্চলটোৰ ৰাইজৰ বাবে আশাৰ ৰেঙনি স্বৰূপ পথটোৰ নিৰ্মাণৰ নামত ত্ৰিশূল গোষ্ঠীয়ে সংঘটিত কৰা অনিয়মৰ বিৰুদ্ধে সৰৱ হৈ পৰা স্থানীয় ৰাইজে তাৎক্ষনিক মূখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে ৷বিশেষকৈ অতি সহজ- সৰল দৰিদ্ৰতাই চেপা মাৰি ধৰা বান অধ্যূষিত নদী পৰীয়া অঞ্চলটোৰ ৰাইজক চুড়ান্ত ভাৱে প্ৰতাৰণা কৰা ত্ৰিশূল নামৰ ঠিকাদাৰ গোষ্ঠীটোৰ বিৰুদ্ধে কঠোৰ শাস্তি মূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মূখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে ৷উল্লেখ্য যে পানী দিহিং পক্ষী অভয়াৰণ্য সংযোগী এই পথটোৰ দুয়োপাৰে আছে বৃহত সংখ্যক মিচিং সম্প্ৰদায়ৰ গাওঁ ৷নিতাই পখুৰী আৰক্ষী চকীৰ অন্তৰ্গত দিহিং নদীৰ মঠাউৰিৰ পাৰে পাৰে অৱস্থিত এই অঞ্চলটোৰ ৰাইজে শিৱসাগৰ সদৰৰ সৈতে যোগাযোগ কৰিবলৈ বৃহৎ সময় আৰু অৰ্থৰ ব্যয় কৰিব লাগে ৷ কিন্তু সেই বৃহত্তৰ অঞ্চলটোক বিচ্ছেদিত কৰা দিচাং নদীখন নাৱেৰে পাৰ হলেই দিচাংমুখৰ পৰা মাত্ৰ দেৰ ঘন্টাৰ ভিতৰত শিৱসাগৰত উপস্থিত হব পাৰি ৷বিপৰীতে দলপা, নিতাই পুখুৰী, ডিমৌ হৈ শিৱসাগৰত উপস্থিত হবলৈ চাৰি ঘন্টাতকৈও অধিক সময়ৰ প্ৰয়োজন হয় ৷ যাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুসৰি পি এম জি এচ ৱাই আঁচনিৰ অধীনত এই বৃহত পথটো নিৰ্মাণৰ পৰিকল্পনা যুগুত কৰিছিল ৷শিৱসাগৰ জিলা লোক নিৰ্মাণ বিভাগৰ অধীনত প্ৰায় ১০ কোটি টকা স্থিৰ মূল্য আৱন্টন হোৱা পথটো নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল ত্ৰিশূল নামৰ এটা বহু বিতৰ্কীত ঠিকাদাৰী গোষ্ঠীয়ে ৷ কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে লোক নিৰ্মাণৰ বিয়াগোম বিষয়া অভিযন্ত্ৰাই গোপন বুজাবুজিৰ বাবেই আজিলৈকে ক্ষেত্ৰ পৰিদৰ্শন নকৰা পথটো নিৰ্মাণৰ নামত ঠিকাদাৰ গোষ্ঠীয়ে সীমাহীন অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷প্ৰাকঃকলনত উল্লেখিত গ্ৰাম্য চড়ক যোজনাৰ নীতি- নিৰ্দেশনা ভৰিৰে মোহাৰি পিছপৰা অঞ্চলটোৰ ৰাইজৰ চকুত ধূলি দি অতি নিম্ন মানৰ পথ নিৰ্মাণ কৰিছে ৷ প্ৰস্থ- দৈঘ্যৰ কোনো চিন মোকাম নাইকীয়া কৰি ত্ৰিশূল গোষ্ঠীয়ে চুড়ান্ত মইমতালীয়ে ৰোলাৰ নকৰাকৈ নিৰ্মাণ কৰা পথটোৰ নিম্ন মানদণ্ডৰ পেভাৰ ব্লকৰ তলত নাম মাত্ৰ চেণ্ড গ্ৰেভেল সদৃৰ্শ সৰু সৰু শিলৰ গুটি চটিয়াই পেভাৰ ব্লক স্থাপন কৰিলে ৷প্ৰাকঃকলনৰ স্বত্বত উল্লেখিত বালিৰ পৰিৱৰ্তে দিহিং নদীৰ পলস ব্যৱহাৰ কৰি নিৰ্মাণ প্ৰায় সম্পুৰ্ণ কৰা পথটো আনুষ্ঠানিক মুকলিৰ পুৰ্বেই ঠায়ে ঠায়ে বৃহৎ সংখ্যক পেভাৰ ব্লক বিচিন্ন হৈ পৰে ৷দৈনিক কিছু সংখ্যক গাখীৰ, গাহৰি, শাক পাচলি কঢ়িয়াই অনা বাইক আৰু আঙুলিৰ মূৰত লিখিব পৰা দুই তিনিখন টেম্পু জাতীয় বাহণ চলাচল কৰা পথটোত বাইক চলোতেই পেভাৰ ব্লক আঁতৰি যোৱাৰ ঘটনাই ৰাইজৰ চকু কঁপালত তুলিছে ৷বন্য হস্তীৰ নিয়মিত আগমণ ঘটা অঞ্চলটোলৈ বন বিভাগৰ বাদে আন চৰকাৰী প্ৰশাসনিক বিষয়া নোযোৱাৰ সু-বাদতেই ত্ৰিশূল গোষ্ঠীয়ে প্ৰায় ১০ কোটি টকীয়া পথটোত এই ভয়ংকৰ জালিয়াতি দিনৰ পোহৰতেই সংঘটিত কৰাৰ অভিযোগ তুলিছে ৷ বৃহত্তৰ অঞ্চলটোলৈ স্বাধীনতাৰ পিছত আজি পৰ্য্যন্ত বিশেষ উন্নয়ণ সাধন নোহোৱাৰ সময়তেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশাশুধীয়া প্ৰচেষ্টাত নৱ যুগৰ সূচনাৰ বাবে আৱন্টন দিয়া পথটোত ত্ৰিশূল গোষ্ঠীয়ে সংঘটিত কৰা অনিয়মৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে ৰাইজে ৷আন এক অভিযোগ অনুসৰি ত্ৰিশূল গোষ্ঠীৰ সৈতে দহৰম-মহৰম থকা লোক নিৰ্মাণ বিভাগৰ দুই ধূৰন্দৰ বিষয়া অভিযন্ত্ৰাই উক্ত ঠিকা কামৰ সকলো তথ্য পাতি গাওবাসীৰ পৰা লুকুৱাই ৰাইজক বিপথে পৰিচালিত কৰাৰো বিস্ফোৰক অভিযোগে আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like