নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ গোলকগঞ্জত গংগাধৰ নৈৰ ওপৰৰ দলং মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ ধুবুৰী জিলাৰ গোলকগঞ্জ চহৰৰ গাতে লাগি থকা গংগাধৰ নৈৰ ওপৰত দ্বিতীয় খন দলং কাইলৈ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জিলাখনত কাইলৈৰ পৰা দুদিনীয়া ভ্ৰমণ সূচীৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই পুৱা পোনে পোনে আহি ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশাল ৰামৰাইকুটি সত্ৰত অনুষ্ঠিত শ্ৰীশ্ৰীজগন্নাথৰ ৰথযাত্ৰাত ভাগ লোৱাৰ পিছতে গোলকগঞ্জৰ গংগাধৰ নৈৰ ওপৰত নৱনিৰ্মিত দলংখন উন্মোচন কৰিব। প্ৰাক্তন বিজেপি বিধায়ক প্ৰয়াত দীনেশ চন্দ্ৰ সৰকাৰৰ নামত উচ্ছৰ্গা কৰা ৭০০ মিটাৰ দৈৰ্ঘ্যৰ দলংখন উন্মোচন কৰি বিষখোৱা, কানুৰী, লক্ষীমাৰি, সোণাহাট, নালীয়া, পশ্চিম গাইখোৱা, ডিমাকুৰী, কেদাৰ, বেৰভাঙি আৰু বিন্নাচৰা গাওঁৰ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত অতি সুখৰ দিন আনিব। উল্লেখ যে উক্ত গাঁওসমূহৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীত তেতিয়াৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰে সৰ্বানন্দ চৰকাৰৰ দিনত দলংখন নিৰ্মাণৰ বাবে প্ৰায় ৭৫ কোটি টকাৰ আবণ্টন আনে। আনকি সৰকাৰে নিজে ২০/১০/২০১৭ তাৰিখত দলংখন নিৰ্মানৰ বাবে আধাৰশিলা স্থাপন কৰিছিল।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like